তেওঁক মই যোৱাগৈ দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
পথাৰৰ বকিয়াইদি।
মূৰত জাপি কান্ধত
মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত।
তেওঁৰ পিছে পিছে গ’লগৈ
আঘোণৰ সোণবৰণীয়া ৰ’দ
খেৰৰ চুবুৰিটো,
বাঁহ বননিৰ কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক
গৈ আছিলো আৰু গ’লগৈ।
কোনে জানে তেওঁ আৰু
এই জন্মত উভতি
আহিবনে নাহে?
বেলি লহিওৱাৰ পৰত
পথাৰৰ বকিয়াইদি।
মূৰত জাপি কান্ধত
মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত।
তেওঁৰ পিছে পিছে গ’লগৈ
আঘোণৰ সোণবৰণীয়া ৰ’দ
খেৰৰ চুবুৰিটো,
বাঁহ বননিৰ কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক
গৈ আছিলো আৰু গ’লগৈ।
কোনে জানে তেওঁ আৰু
এই জন্মত উভতি
আহিবনে নাহে?
RSS Feed
Twitter

9:40 am
হিমাংশু চহৰীয়া
Posted in
0 মতামত:
Post a Comment