মই বাটেদি গৈ আছিলোঁ--- এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি।
তাৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ...... হৰি হৰি ! সি দুখত পৰি কেনেকুৱা হৈছে--- চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য ! সি সেই উখহা অপৰিস্কাৰ হাত খন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সুমাই একোকে নাপালোঁ--- টকা নাই, ঘড়ী নাই, অইন কি এখন উর্মালো নাই, মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে--- আৰু তাৰ দুর্বল শৰীৰ কঁপিবলৈ ধৰিছে।
মই এনে দৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু কলোঁ --- ''ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।''
মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে --- শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে --- আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, '' কি হ'ল, একো কথা নাই --- ইয়াৰ কাৰণে অশেষ ধন্যবাদ --- ইও যে এটা দান ।''
ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।
(প্ৰকৃততে এইটো কথা কবিতাহে)

RSS Feed
Twitter

7:28 pm
হিমাংশু চহৰীয়া
Posted in
0 মতামত:
Post a Comment