কবি → হীৰেণ ভট্টাচার্য্য
আই !
তোমাৰ স'তে শেষ দেখা
মোৰ মনত নাই।
আজি হঠাৎ
তোমাৰ আঁচলেৰে ঢাকি অনা
গোপন ইস্তাহাৰখনৰ কথাবোৰে
দাৱনীৰ চোক দিয়া কাচিখনৰ দৰে
মোক চমকাই গ'ল।
আকাশৰ জুয়ে পুৰি নিয়া
বনুৱাৰ হাতৰ তীখাৰ হাতুৰীটোৰ
প্ৰচণ্ড শব্দই মোক সোঁৱৰাই
দিলে : তোৰ আই তোৰ সমুখত।
অতদিনে মই
নিজক লৈয়ে ব্যস্ত আছিলোঁ আই !
আজি তোমাক পালোঁ
তীখাৰ তীক্ষ্নতা আৰু থোৰ মেলা
শস্যৰ মাজত।
মোৰ আই
কোন কাহানিবাই
আহি ৰৈ আছে মোৰ সমুখত।
RSS Feed
Twitter

5:39 am
হিমাংশু চহৰীয়া

Posted in
0 মতামত:
Post a Comment