Welcome


Sunday 11 December 2016



দুপৰীয়া ভাত খাবলৈ বিচাৰি যেতিয়া ঘৰৰ বাহিৰে ভিতৰে ক’তো নেদেখিলে তেতিয়াহে মালতী বুঢ়ীৰ কথাটো খেয়াল হ’ল- ঘন বুঢ়া ঘৰত নাই। দুদিন ধৰি অসুখীয়া দেহাৰে বিছনাত পৰি থকা মানুহটো হঠাৎ কলৈ যাব পাৰে। বুঢ়ীৰ টিঙিচকৈ খংটো উঠিল- বুঢ়ীৰ কথা নুশুনি দিনটো অলৌ টলোকৈ ঘুৰি ফুৰিব আৰু বেমাৰৰ সময়ত আলপৈচান ধৰিব লাগিব বুঢ়ীয়ে। তথাপিতো বুঢ়াৰ বেমাৰী দেহাটোলৈ মন দি বুঢ়ীয়ে খংটো কমাই বাৰীৰ ফালেও চালে- নাই, বুঢ়া ক’তো নাই। অথনি যেতিয়া বুঢ়ীয়ে ভাত ৰান্ধিবলৈ পাকঘৰত সোমাইছিল, তেতিয়াটো বুঢ়া বিছনাখনতে বাগৰ দি আছিল আৰু তেতিয়াটো বুঢ়ীয়ে গাইজনীক পানী খুৱাই ছায়াত এৰাল দি থৈ অহা বুলি বুঢ়াক কৈছিলেই। ৰাতিপুৱা খালী চাহ একাপৰ বাহিৰে পৰা একো এটা পেটত পৰা নাই বুঢ়াৰ। বুঢ়ীৰ চিন্তা বাঢ়িল। অসুখীয়া দেহাৰে ক’ত যাব পাৰে এই দুপৰীয়াখন? অনিচ্ছাস্বত্বেও বুঢ়ীয়ে কথাটো বোৱাৰীয়েক অলকাৰ কাণ চোৱালে- ‘ব’ৰী পিতেৰে কোনফালে গেছি দেখছা নেকি এ?’
‘কোন কেতিয়া ক’ত যায় মই নজৰ ৰাখি নাথকো নহয়। আছে ক’বাত ভাঙৰ চিলিম টানি।’ অলকাৰ পৰা যে এনে কিবা এটা উত্তৰেই পাব বুঢ়ীয়ে জানিছিল। বুঢ়াৰ ভাঙৰ নিচা আছে সঁচা কিন্তু প্ৰায় তিনি মাহ মানৰ পৰা যে বুঢ়াই সেইবিধৰ নামেই মুখলৈ অনা নাই সেয়াও বুঢ়ীয়ে জানে। বুঢ়ীৰ বোৱাৰীয়েকক আৰু একো কবলৈ মন নগল।
হওতে বুঢ়াৰ বয়সে সত্তৰৰ দেওনা গৰকা বেছি দিন হোৱা নাই যদিও চেহেৰাই যেন আশীৰ দেওনা কেতিয়াবাই গৰকিলে। চিন্তা ভাৱনাই মানুহৰ বয়স বঢ়ায়। বুঢ়াৰো যেন সেই একেই অৱস্থা। এসময়ৰ ঘন ওজাৰ আৰু আগৰ দৰে হৃষ্ট পুষ্ট চেহেৰা নাই। বয়স বাঢ়ি অহাত ওজাপালিও কেতিয়াবাই এৰিলে। এটা সময় আছিল যেতিয়া ল’ৰা দুটা আৰু ছোৱালী জনীক লৈ বুঢ়াৰ সপোনবোৰো বৰ ডাঙৰ আছিল। ভাবিছিল ল’ৰা কেইটা ডাঙৰ হৈ কিবা এটা কৰিলে অন্ততঃ বুঢ়াৰ দেহাটোৱে সকাহ পাব। ল’ৰাকেইটাৰ কথা ভাবিয়েই ঘৰখনৰ বেয়া দিনতো বুঢ়াই বাপেকৰ ফালৰ পৰা পোৱা সম্পত্তিৰ এভাগো হৰণ ভগন হবলৈ দিয়া নাছিল। ভাবিছিল বেলেগ একো কৰিব নোৱাৰিলেও খেতি বাতি কৰি হলেও ল’ৰাকেইটা চলিব। লৰাকেইটা ঠিকেই ডাঙৰ হৈছিল। কিন্তু ঘন বুঢ়াৰ সপোনবোৰহে যেন কৰবাত হেৰাইছিল।
ডাঙৰ ল’ৰা যতীনে পঢ়া আধাতে সামৰিলে। বুঢ়ায়ো বৰ এটা হেঁচা নিদিলে। বোলে গৰীবৰ ল’ৰা বেছি পঢ়ি ক’তনো বৰ চাহাব হ’বলৈ যাব। এনেও নাঙলৰ মুঠি তেনেও নাঙলৰেই মুঠি। কিন্তু বুঢ়াৰ আশা ভুল আছিল। নাঙলৰ মুঠিত ধৰাৰ কোনো লক্ষণেই নাছিল যতীনৰ। ছোৱালীজনীয়ে যেনিবা হাইস্কুলৰ দেওনাটো ঠিকেই পাৰ কৰিলে কিন্তু ঘন বুঢ়াই আৰু বেছি পঢ়াব মন নকৰিলে। হওতে বুঢ়ীৰ মন নথকা নাছিল। কিন্তু বুঢ়াৰ ওপৰত মাত মতাৰ মন নকৰিলে। গাৱৰ নিয়ম-  ছোৱালীৰ কুৰিতে বুঢ়ী। সেয়ে পঢ়া শুনা কৰোৱাতকৈ ভাল লৰা এটা চাই বিয়া দিব পাৰিলেই ঘৰখনৰো ৰক্ষা, ছোৱালীজনীৰো ৰক্ষা। মেট্ৰিক পাছ কৰাৰ পিছৰ বছৰেই ওচৰৰ গাওঁখনৰে স্কুলৰ চকীদাৰ নগেনলৈকে উলিয়াই দিছিল। অৱশ্যে ঘৈণীয়েক আৰু জীয়েকে আপত্তি নকৰা নহয়-কাৰণ দুয়োটাৰে বয়সৰ পাৰ্থক্য 20 বছৰ মান হ’ব। বুঢ়াই জীয়েকক কৈছিল- ‘বয়সনো কি; মনটোহে আচল কথা। তাতে নগেন আপাটোও ভাল। ইথানহে স্কুলখন হৱা নাই। পিছত ইচকুলখান হ’লি ভাল দৰমহাই পাবো।’ সেই বাৰেই আঘোণমাহত জীয়েকক কইনা সজাই বিদায় দিছিল। বিয়া বুলি বৰ বিশেষ এটা আয়োজন কৰিব পৰা নাছিল। কইনাৰ লগত দিব লগা দৰকাৰী বস্তু খিনিৰ বাবে গাৱৰে মদন মাস্টৰৰ ওচৰতে মাটি দুবিঘা বন্ধকত থৈছিল। ভাবিছিল- ‘ডাঙৰটোৱেটো একো এটা কৰবা পাৰাই নাই, সৰুটোৱে পঢ়া শুনা কৰি পাললি মাটিখিনি মোকলাব।’
এদিন বুঢ়ীয়েই বুঢ়াৰ কাণ চোৱাইচিল- ‘ই যতীনৰ মতিগতি মই বৰ এটা ভাল দেখা নাই।’
‘কিয়া? কি হ’লনো?’
‘ কি হ’ল মানে? কাণসমনীয়া আপাটোই বাপেকৰ ওপৰত খাই থাকলি মানুহ কি বুলি ভাববো? দিনৰ দিনটো ক’ত কি কৰে সিহে জানে। সি বোলে সেইবিধতো মুখ দিছে। সিদিনা বিপুলে নিজেই নদীৰ সিপাৰে দেখি আইছি।’
‘ মই  বেলেগ এটা কথাহে ভাবছো এ।’ বুঢ়ীৰ কথাখিনি একাষৰীয়া কৰি বুঢ়াই কৈছিল।
‘কি কথানো?’  বুঢ়ীৰ বেছ আগ্ৰহেৰেই সুধিছিল।
‘ নহলি ডাঙাৰ আপাৰ বিয়া খানে পাতে দিও নেকি? বিয়াখান পাতি দিলি কিজানি তাৰ অলপ হুছ আহেই।’
‘ সেইখান অধ্যায় কবা আছেই। সেখান গাৱৰ আপী এটাৰ লগত ইয়াৰ হলিগলি। বহুতে কছি কথাটো। কালি বিপুলেও কৈছি। ইথান যিতান নেগেলিও তাক সিহতৰ ঘৰতে পায়। কোনবা দিনা আপী আনি ঘৰ সোমাবাহে লাগে।’
বুঢ়ীৰ কথাত বুঢ়া মাথো নিৰুত্তৰ হৈ ৰৈছিল। ভাল নলগা হৈছিল কথাবোৰ।
এসপ্তাহৰ ভিতৰতে ছোৱালী পলুৱাই আনি ঘৰ সোমাইছিল যতীনে। কথাটো বুঢ়ীৰ একেবাৰে  সহ্য নহল। ধনৰ ধনী নহলেও ঘন ওজাৰ ঘৰ বুলি ঘৰখনৰ এটা সন্মান আছে। কিন্তু বুঢ়াই বৰ এটা গুৰুত্ব নিদি কথাটো তাতেই সামৰিলে- ‘কিবা এটা কৰলিয়ে ঘৰৰ আপাটোকনো কেংকে বাহিৰ কৰি দিবা পাৰো?’
সকলোবোৰ ঠিকেই থাকিল। বুঢ়াই ভবাৰ দৰে আনৰ ছোৱালী এজনী অনাৰ পৰা যতীনৰো অলপ মতি গতি ঠিক হল। খেতিত মন কাণ নিদিলেও সৰুকৈয়ে বেপাৰতে লাগিল। ভগৱানৰ কৃপাত বুঢ়া বুঢ়ীয়ে জীয়েকৰ ফালৰ পৰা নাতি এটাৰো মুখ দেখিলে। সৰুটো ল’ৰা বিনোদেও বি.এ. পৰীক্ষাটো পাছ কৰাৰ কেইমাহমানৰ পিছতে চাকৰি এটা যোগাৰ কৰি ল’লে। ঘৰৰ মাটিখিনি আধি দিলে হলেও ঘৰখন টুকটাককৈ চলি আছিল। বোৱাৰীয়েক অলকাৰ ব্যৱহাৰো প্ৰথম এবছৰমান ঠিকেই আছিল। তাৰ পিছতহে বোৱাৰীয়েকৰ আচল স্বৰুপটো ওলাই পৰিল। প্ৰতিটো কথাটো বুঢ়া বুঢ়ীক কেটেৰা জেঙেৰাকৈ উঠা হ’ল।
বাধ্যত পৰিহে যেন বুঢ়া বুঢ়ীৰ লগত আছে। মালতী বুঢ়ীয়ে কেবাবাৰো কথাটো যতীনৰ কাণ চোৱাইছিল কিন্তু সিয়ো ঘৈণীয়েকৰ পক্ষহে লয়। উপায় নোহোৱা হৈ বুঢ়াই বেলেগকৈ হোৱাটোৱেই ঠিক কৰিলে -‘ সৰু আপাই খুৱেলি খাম, নহলি খুজি মাগি হলিও খাম। সিহতক কষ্ট দি আমিনো কিয় বোজা হৈ থাকো।’ বেলেগ মানে কেৱল খোৱাটোহে , চোতাল এখনেই থাকিল। মাটিখিনি কেবাবাৰো ভাগ কৰাৰ কথা পুতেকে উলিয়াইছিল। কিন্তু বুঢ়াই সেয়া নকৰিলে।
তেতিয়াৰ পৰাই বুঢ়াই সকলো সময়তে গোমোঠা মাৰি থাকে। ভাত পানী খাবলৈও মন নকৰা হ’ল। আগৰ সেই হাহি মুখীয়া ঘন ওজা যেন কৰবাত হেৰাই গৈছিল। কোনোৱে কৈছিল, ‘নিজৰ ঘৰখনতে দুটাকৈ চৰু জুৰিলে কোনেনো ভাল পাব।’  কথাটো কিন্তু বুঢ়ীয়ে মানি লব পৰা নাছিল। লাহে লাহে বুঢ়াৰ চেহেৰাটো বেয়া হৈ অহাত বুঢ়ীয়ে ওচৰৰ হস্পিতালখনলৈকে লৈ গৈছিল। ডাক্টৰে চাই মেলি ঔষধ দি এবাৰ চহৰত নি ভালকৈ দেখাই আহিব কলে। চহৰত নিও বুলিয়েই নিব পাৰি জানো। সৰু পুতেকলৈ কেবাবাৰো খবৰ পঠিয়ালে । কিন্তু সিও হেনো পাচ মাহৰ আগত আহিবই নোৱাৰে। বুঢ়ীয়ে কথাটো  ডাঙৰ পুতেককো কলে কিন্তু সিয়ো গা এৰা দিয়া উত্তৰ, ‘মোৰ টকাৰ গছ নাই নহয়, টাউনত নি যে চিকিৎসা কৰাব পাৰিম।’  বুঢ়াৰ চেহেৰাটো দিনক দিনে বেয়াহে হৈ গৈছিল। বুঢ়ীয়ে চাই থাকিব নোৱৰা হ’ল। ঔষধ কেইটা কিনিবলৈ ঘৰখনত ফুটা কৰিও এটাও নাই। সৰুটোৱে যি কেইটা পইচা পঠায়, ঔষধ কিনিব গলে চৌকাত চাউল নিসিজে। বাপেকৰ এই অৱস্থা দেখিও যতীনে কোনো গুৰুত্বই নিদিলে। জীয়েকেটো বাপেকৰ ঘৰৰ ফালে কেতিয়াবাই পিঠি দিলে। এতিয়া যে খবৰ দিলে কিবা কাম হব বুঢ়ীৰ মনে নকলে।
উপায় নোহোৱা হৈ বুঢ়ীয়ে বাকী থকা মাটি খিনি কে বন্ধকত থোৱাৰ কথা ভাৱিলে। কথাটো কেনেবাকৈ বোৱাৰীয়েকৰ কাণত পৰিল আৰু তাইৰ পৰা চিধাই পুতেকৰ কাণ। ফলশ্ৰুতিত ৰাতি এপৰত মদ পানী এসোপা খাই আহি অভব্য গালি। পুতেকৰ কথাবোৰ শুনি বুঢ়া মাথো নিশ্চুপ হৈ ৰ’ল। ভাবিবলৈও কষ্ট হ’ল যে সিও বুঢ়াৰ নিজৰেই ল’ৰা।
বুঢ়াই মাথো বুঢ়ীক ক’লে, ‘ মোৰ কাৰণে ইমান কিয়া চিন্তা কৰছা? এদিনটো এনেও মৰিমেই। আজি মৰা বা কালি মৰা একেই কথা। মোক আৰু চহৰত নি দেখাব নালগে। মিছা মিছি পইছা কেইটা পানীত পৰবো। সেগিটা পইছাইদি পাৰলি সৰু আপাক মাটিখিনিয়ে মোকোলাবা দিবি। জীয়ে থাকবা লাগলি এংকে জীয়ে থাকিম।’ বুঢ়ীয়ে কিন্তু উত্তৰত একো নকলে।
আবেলিলৈকে যেতিয়া বুঢ়াৰ কোনো দেখা দেখিয়েই নাছিল তেতিয়া বুঢ়ীৰ চিন্তা বাঢ়ি গ’ল। যতীনেও বেপাৰৰ পৰা আহি কথাটোত ইমান গুৰুত্ব দিয়া নাছিল যদিও পিছত সিও ইফালে সিফালে বিচাৰিছিল। হাজাৰ হলেও নিজৰেই বাপেক। তাতে যোৱাৰাতি মাক বাপেকক ইমান টান কথা শুনাই যে সিও ভুল কৰিছে, ৰাতিপুৱা নিচা ফটাৰ পিছতহে সি বুজি পাইছে। ইটোকৈ সিটোকৈ বহু মানুহেই সিহঁতৰ চোতালত জমা হৈছিল। যিয়ে যেনি পাৰে বিছাৰি গৈছিল।  সকলোৰে মনত  এটাই প্ৰশ্ন- ‘ ক’ত যাব পাৰে ঘন বুঢ়া?’ কিন্তু সন্ধ্যা লগাৰ আগে আগে নৈ পাৰৰ পৰা অহা চিঞৰটিয়ে সকলোকে উত্তৰ দি গৈছিল । নৈ পাৰৰ সাকোৰ ওচৰৰ আহতজোপাত ওলমি আছে সকলোৰে মৰমৰ ঘন ওজাৰ নিথৰ দেহটি।  সকলো যেন হতবাক হৈ পৰিছিল। হাজাৰ বিপদৰ দিনতো মুখৰ পৰা হাহি নুগুচা ঘন বুঢ়াই বাৰু এনে এটা কাম কৰিব পাৰেনে। মালতী বুঢ়ীৰ যেন বুকুৰ আকাশখনেই খহি পৰি সময়বোৰক নিথৰ কৰি পেলাইছিল। সকলোৱে কোৱা কুই কৰিছিল, এনেকৈ মৰা মানুহবোৰ পাপী; কতো ঠাই নাপায়।’ কিন্তু বুঢ়ীয়ে জানে বুঢ়া পাপী হব নোৱাৰে। বুঢ়াই পাপ কৰিব নোৱাৰে। বুঢ়াই মাথো কাকো কষ্ট নিদি নিজৰ মুক্তিৰ বাট নিজে উলিয়ালে|

Published In:
GIMTIAN (Annual Magazine Of GIMT, TEZPUR)

Friday 21 March 2014



দুকাপ গৰম কফি, এহাল প্ৰেমিক প্ৰেমিকা, দীঘলীপুখুৰীৰ পাৰ আৰু এটি সন্ধিয়া.... বেকগ্ৰাউণ্ডত পাপনৰ কণ্ঠত 'নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা...' (বা বেলেগ এটা গান)...

লিখিব পাৰিলে এইটো এটা গল্পৰ বিষয়, পিছে লাগে অলপ সুক্ষ্মতাত্ত্বিক বিশ্লেষণলিখিব নোৱাৰিলেও কেতিয়াবা কল্পনা কৰি ভাল লাগেঠিক কল্পনা নহয়, চকুৰ আগত দেখা ঘটনা এটাকে এবাৰ ৰিভিউ কৰি চাওঁভাল লাগেআৰু দৃশ্যপটৰ নায়কৰ প্ৰেমিকা যদি নিজৰ হৃদয়ৰ আপোন হয়তেতিয়া হয়তো গল্পটোৱে টার্ণ ল' বা নলবও পাৰেসেয়া গল্পকাৰৰ স্বাধীনতাকিন্তু কাহিনীৰ নায়কে যদি ঘটনাটো নিত্য নৈম্যত্তিক ঘটনা হিচাপে লয় তেন্তে গল্প যাব পেৰেলেল লাইনত কিন্তু নায়কে যদি তাত অতীতৰ ঘটনা সাঙোৰে তেন্তে গল্পটো হৈ পৰিব এডাল কার্ভতাতেই আহি পৰিব টেনজেণ্টমুঠতে বহুত কথাহয়তো কাহিনীৰ মেথমেটিক্সৰ পৰা আহি ফিজিক্সত সোমাই চিধাই ইডুকেচন হৈ একাউটেন্সিতো যাব পাৰে নাইবা ইডুকেচনলৈ নগৈ লজিক হৈ বিজনিজ ষ্টাডিচলৈও যাব পাৰেমুঠতে বহুত কথাকিন্তু বহুত কথাৰ মাজতো এটা কথা কিন্তু কমন, সেয়া গল্পকাৰৰ স্বাধীনতাঅৱশ্যে সকলো ক্ষেত্ৰতেই গল্পকাৰৰেই যে স্বাধীনতা মানি চলি গল্পটোৱে আগবাঢ়ি যাব, সেয়া নহয়কেতিয়াবা গল্পৰ প্লটকো কিছু স্বাধীনতা দিয়া প্ৰয়োজনলগতে আছে পাঠকৰ স্বাধীনতাগতিকে গল্পকাৰ আৰু পাঠক দুয়োৰে স্বাধীনতাক বিসর্জন দি এটা প্লট নির্বাচন কৰা যাওকপ্লটটো হওঁতে প্ৰেমৰেই কিন্তু প্ৰেমৰ লগতে জড়িত হৈ আছে জীৱনএতিয়া কিছু পাঠকৰ মনলৈ আহোযদিহে পাঠকজন অনিসন্ধিত্‍সু হয় তেন্তে তেওঁ নিশ্চয় বুজিছে যে ওপৰত উল্লিখিত প্ৰেমিক প্ৰেমিকাহালেই গল্পৰো নায়ক নায়িকাকিন্তু ইয়াতো গল্পকাৰৰ স্বাধীনতাক অগ্ৰাধিকাৰ দি কও যে ওপৰোক্ত প্ৰেমিক প্ৰেমিকাহাল গল্পৰ নায়ক নায়িকা নহয় বৰং তেওঁলোকৰ প্ৰেমহে গল্পৰ প্ৰধান বিষয়বস্তুএতিয়া আৰম্ভ কৰা যাওক গল্পৰ প্লটটোআধুনিক চিন্তাধাৰাৰে উজ্জীৱিত এহাল যুৱক যুৱতীঅপ্ৰত্যাশিতভাৱেই এদিন দুয়োজনৰে দেখাদেখি হয় এতিয়া প্ৰশ্ন হয় কেনেকৈ বা ক'ত দেখাদেখি হয়? এইটো প্ৰশ্নটোৰ উত্তৰ পাঠকে নিজৰ স্বাধীনতাৰে বিচাৰি ল'এতিয়া গল্পটিৰ প্লটৰ বিৱৰণৰ বাবে তেওঁলোকৰ একোটিকৈ নাম দিয়া যাওক'ৰাজন সুৰুয আৰু ছোৱালীজনী তৰাদুয়োৰে ভাল সম্পর্ক ব্যতিক্ৰমী কবি আকাশৰ সৈতে। (কবিৰো ব্যতিক্ৰম? থাকিব পাৰে।) সূৰুয আকাশৰ কবিতাৰ প্ৰেৰণা, সাহস আৰু তৰা গভীৰ অনুৰাগীআকাশৰ যোগেদিয়ে চিনাকী হয় সূৰুয আৰু তৰাৰপ্ৰথমতে কথা বতৰা আৰু তাৰ পিছত ভাল বন্ধুত্বকিন্তু সুৰুয আৰু তৰাৰ এই বন্ধুত্বক সহজভাৱে মানি ল'ব নোৱাৰিলে আকাশেকাৰণ সি ভালদৰেই জানে যে এই বন্ধুত্ব যিকোনো মুহুত্বতে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰেসেয়ে সি মাথো সকিয়নি দিলে যাতে সিহঁতৰ এই বন্ধুত্ব বন্ধুত্বতেই সীমাবদ্ধ থাকে কিন্তু নাথাকিল, আকাশৰ সন্দেহ সঠিক আছিলনজনাকৈয়ে প্ৰেমত পৰি যায় সুৰুয আৰু তৰা। (আধুনিক যুগৰ যুৱক যুৱতী, প্ৰেমত নপৰাকৈ থাকিব পাৰে জানো?)সুৰুযেই প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তাক অতি সহজেই মানি লয় তৰাইযৌৱনৰ প্ৰেমত হাবু ডুবু খায় দুয়োদুয়োৰে প্ৰেমত আন্তৰিকতা আছে, বুজাবুজি আছে সুৰুয আৰু তৰাৰ প্ৰেমক লৈ কিন্তু সুখী হব নোৱাৰিলে আকাশক্ৰমাত্‍ মানসিক ভাৱে দুয়োৰে পৰা আঁতৰিবৰ চেষ্টা কৰিলে আকাশকিন্তু তাৰ মাথো এটাই আশা সিহঁত সুখী হওকএতিয়া পাঠকে হয়তো প্ৰশ্ন তুলিব, আকাশে কিয় মানি লব পৰা নাছিল সূৰুয আৰু তৰাৰ প্ৰেমৰ সম্পর্কক? প্ৰশ্নৰ উত্তৰ গল্পকাৰ নাইবা পাঠক কাৰোৰে হাতত নাইগল্পটিৰ গতিৰ সুবিধার্থে এই স্বাধীনতাকণ আকাশকে দিয়া যাওকআকাশে আঁতৰিব চেষ্টা কৰিলে সুৰুয আৰু তৰাৰ জীৱনৰ পৰাকিন্তু পাৰে জানো? নোৱাৰিলেচেগাচোৰোকাকৈ আগবাঢ়ি গৈ থাকিল সিহঁতৰ ভালপোৱাসিহঁত যেন পৃথিৱী আটাইতকৈ সুখী প্ৰেমিক প্ৰেমিকাকিন্তু এয়া জানো সিহঁতৰ প্ৰথম প্ৰেম? নহয়গল্পকাৰে হয় বুলি কলেও গল্পই নামানেযৌৱনৰ পদূলি মুখতে দুয়োজনৰে প্ৰথম প্ৰেম আছিল জোন। (গল্পৰো যে কি সংযোগ, সুৰুযৰ প্ৰেমিকাৰ নামো জোন আৰু তৰা প্ৰেমিকৰ নামো জোন) কিন্তু কাৰোবাৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ বাবেই হয়তো সিহঁত ব্যর্থ হৈছিল প্ৰথম প্ৰেমতআৰু জীৱনত দ্বিতীয়বাৰৰ বাবে প্ৰেমত পৰে সূৰুয আৰু তৰাকিন্তু যৌৱনৰ প্ৰেম এই মিলন, এই ভাঙোনতৰা আৰু সুৰুযৰ প্ৰেমো বেছিদিন নাথাকিলবিচ্চেদ ঘটিল দুয়োৰে অতি সোনকালেইঅজুহাত এটাই সুৰুযে জোনক পাহৰিব নোৱাৰেবর্তমান আন কাৰোবাৰ অর্ধাংগিনী জোনক সুৰুযে এতিয়াও পাব বিচাৰেনিজৰ প্ৰথম প্ৰেমক পাহৰি সি তৰাক সুখী কৰিব নোৱাৰিলেঅতদিনৰ প্ৰেম ভালপোৱা, আন্তৰিকতা, বুজাবুজি, বিশ্বাস সকলো বিসর্জন দি সুৰুয আঁতৰি গল তৰাৰ জীৱনৰ পৰাতৰাই বুজি নাপালে কথাবোৰহঠাতে কি হ'ল তাইৰ জীৱনতযৌৱনৰ পদূলিমুখতে দুবাৰকৈ ব্যর্থ হল তৰাএইখিনিতে গল্পৰ প্লটটিৰ অন্ত পৰিল কিন্তু এনেকৈ সামৰিব পাৰি জানো? গল্পটো যেন আধৰুৱা নহ'বনে?লগতে পাঠকেও অনেক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰেবা পাঠকে গল্পটোক অন্য দিশেও লৈ যাব পাৰেকিন্তু পাঠকক জানো ইমানখিনি স্বাধীনতা দিব পাৰি?

উপসংহাৰ : তৰা এতিয়া ক্ৰমাত্‍ নিঃসংগ হৈ পৰিছেআকাশেও কেতিয়াবা তাইৰ পৰা আতৰি যাব বিচাৰে, নোৱাৰেসুৰুয আতৰি গ' আকাশৰ জীৱনৰ পৰাওপাৰ হৈ যোৱা দিনৰ কথাবোৰ পাহৰিব খোজে আকাশেএতিয়াও সি সুৰুয আৰু তৰা সুখী হোৱাটো বিচাৰেসুৰুযে কি বিচাৰে? সি কিয় আঁতৰি গ'? কথাবোৰ মুকলি কৰি দিলে পাঠকলৈ দেখোন একোৱেই নাথাকেএই দায়িত্ব পাঠকলৈ এৰিলোনিজ নিজ মনোভাৱেৰে পাঠকে সেয়া বিচাৰি ল'তৰাই এতিয়াও সুৰুযক পাব বিচাৰে, তাক এবাৰ চুই চাব বিচাৰে, তাৰ মাতটো শুনিব বিচাৰেকিন্তু নোৱাৰে তাই এতিয়া জোনাক ভালপায়, নিশা জোনাকৰ বুকুতে তাই বিচাৰি চায় সুৰুয, জোন, আকাশ সকলোকে নিজ নিজ স্থানতঅতীতৰ কথাবোৰ পাহৰিব খোজ, কিন্তু নোৱাৰেইমান সহজ নহয় প্ৰেমৰ দৰে স্বর্গীয় বস্তু পাহৰাটোতাই জীৱনটোক এটি নতুন ৰূপ দিব বিচাৰেবসন্তৰ কুহিপাতৰ দৰে তাইৰ জীৱনলৈও সুখ আহকতৰাৰ জীৱনটো এতিয়া এটা নতুন গল্পৰ প্লট... যিটো গল্পত এই অদক্ষ গল্পকাৰৰো স্বাধীনতা নাই, আছে মাথো তৰাৰ... একমাত্ৰ তৰাৰ

Saturday 15 March 2014



প্ৰাৰম্ভ :

''..... এনেকৈয়ে ভাঙেনে সপোন,
এনেকৈয়ে চিগেনে বান্ধোন,
কোনে কব মোক আজি
গোপনে কাষলে আহি
কোনে ক'ব বাৰু
কোন মোৰ আপোন?....'' —

মৃদু সুৰত বাজি থকা গীতটিৰ তালত তাল মিলাই বেলকনিৰ চকীখনত বহি দুলি থকা বহু সময় হ'কিমান সময় এনেদৰেই বহি আছে হয়তো অৰুণাভে নিজেই নাজানে আজিকালি প্ৰত্যেক নিশা প্ৰায় ১-২ বজালৈকে এনেদৰেই বহি থকাতো তাৰ প্ৰায় অভ্যাসত পৰিণত হৈছেকিহৰ কাৰণে এনেদৰেই বহি থাকে সি হয়তো নাজানেমাথো প্ৰত্যেক ৰাতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেনেদৰে বহি থাকেকেতিয়াবা সুৰাপান কৰে, কেতিয়াবা নকৰেবাহিৰৰ ফিৰফিৰীয়া বতাহজাকৰ সৈতে সুৰ মিলাই নিঃস্তব্ধ মহানগৰীৰৰ ষ্ট্ৰীট লাইটৰ পোহৰৰ পৰা সৃষ্টি হোৱা ৰশ্মিবোৰৰ সৈতে নিজকে হেৰুৱাই পেলোৱাটো তাৰ প্ৰায় নিচা হৈ পৰিছেএই সময়ত কোনো সাৰে নাথাকে নয়নাও কেতিয়াবাই শোৱেঅইনদিনা হ'লে এইখিনি সময়ত তাৰ সপোনৰ আত চিঙিবলৈ তাইৰ লানি নিচিগিলহেঁতেন কিন্তু কেতিয়াবা তাক আমনি কৰিবলৈ তাইৰো আমনি লাগে

অগতানুগতিক এই জীৱন:

জীৱনটোত জীয়াই থাকিবলৈও এটি অজুহাত লাগেকিন্তু কিহৰ অজুহাতত অৰুণাভ জীয়াই আছে? টকা পইচাৰে চহকী হৈ, অশেষ মান সন্মান লৈ জীয়াই থকাটোৱেই কেতিয়াও জীৱন হ'ব নোৱাৰেজীৱনটোত জীয়াই থাকিবলৈ বহু কিবাকিবি লাগে প্ৰেম-ভালপোৱা, ঘৰ-সংসাৰ, পৰিয়াল আদি সকলো লাগে জীৱনটোতকিন্তু কি আছে অৰুণাভৰ? টকা পইচা, সম্পত্তিৰ অভাৱ পূৰণে হয়তো মানুহক নিঃসংগ কৰি তোলেতাৰ এই অগতানুতিক জীৱনটোৱেও মাজে মাজে বিশ্বাস কৰিবলৈ বাধ্য কৰে

অন্য এক জীৱন :

হাড়ভঙা দুখীয়া পৰিয়ালটোক সকাহ দিবৰ বাবেই এদিন সাংবাদিকতাক বৃত্তি হিচাপে লৈছিল অৰুণাভেতাৰ পিছত প্ৰফেচনেল ফটোগ্ৰাফাৰ আৰু তাৰ পিছত বহু কিবাকিবি জীৱন সদায় একেদৰেই নাযায়, এই হাঁহি, এই কান্দোনএদিন সুখ আহিছিল অৰণাভৰ জীৱনলৈ, পৰিয়াললৈজীৱনটো চকু টোকোতে শেষ হোৱা অৰুণাভৰ মাক দেউতাকে হাঁহিবলৈ লৈছিল ভায়কে চহৰৰ কলেজত পঢ়িবলৈ আহিছিলজীৱনটো সুখৰ হৈ পৰিছিল কিন্তু জীৱন যে বৰ অনুপম

অজানিতেই লগ পাইছিল নয়নাকনয়না বৰুৱা বিস্ফোৰণত সকলো মাক দেউতাকক হেৰুৱাই দিশহাৰা হোৱা এজনী ছোৱালীনয়নাক নিজৰ ঘৰলৈ লৈ আহিছিল মানৱতাৰ খাতিৰততেতিয়াই বান্ধোন ছিগিছিল তাৰ ঘৰখনৰ সৈতে
: এজনী অচিনাকী ছোৱালীক এনেকে ঘৰত আশ্ৰয় দিয়াৰ সাহস তোক কোনে দিলে? সমাজে কি ক'? — দেউতাকৰ প্ৰশ্নটোত সি মাথো নিৰুত্তৰ হৈ আছিলঘৰৰ পৰা গুচি আহিছিল নয়নাৰ সৈতে
: মোক মৰি যাবলে দিয়ামোৰ দৰে বেপেৰুৱা ছোৱালী এজনী জীয়াই থাকি কোনো লাভ নাই
: ..... অৰুণাভে মাথো চুপ হৈ আছিল
: মোৰ কাৰণে নিজৰ জীৱনটো কিয় ধ্বংস কৰিছা? — নয়নাৰ প্ৰশ্নটোৰ উত্তৰ তাৰ ওচৰতো নাছিলসঁচাকৈয়ে তাৰ জীৱনটো ধ্বংস হৈ গৈছিল নেকি? আগতেও একো নাছিল, এতিয়াও নাইকি এই জীৱন!

ঠিক তেতিয়াৰ পৰাই একেলগে আছে নয়না আৰু অৰুণাভ এক নামবিহীন সম্পর্কৰে

বিয়া পতাৰ বয়স হৈছে তাৰ সি জানে কিন্তু নোৱাৰেসি বিয়া পাতিলে নয়নাৰ কি '? হেৰাই যাব নেকি তাইৰ হাঁহিবোৰ? সি বাৰু তাৰ লগতে তাইৰো জীৱনটো ধ্বংস কৰিছে নেকি? — এনেবোৰ প্ৰশ্নই তাক মাজে মাজে বিব্ৰত কৰেপ্ৰশ্নবোৰৰ উত্তৰ বিচাৰে খোজে নিজৰ মাজত, নয়নাৰ মাজতকিন্তু একো নাপায়

সি কাষৰ টেবুলত থকা হাতঘড়ীটোলৈ চালে নিশা দুই বাজিছেনিজৰ মনটোক বল দি অৰুণাভ চকীৰ পৰা উঠিলসি সকলো কথা নয়নাক খুলি ক'সিহঁতৰ নামবিহীন সম্পর্কটোক সি এটা নাম দিবঅৰুণাভে নয়নাৰ কোঠালীলৈ আগবাঢ়িব খুজিও থমকি ৰ'
: নয়নাতো এতিয়া টোপনি গৈছেতায়ো হয়তো এইমূহুত্বত কাৰোবাৰ সপোন দেখিছেসি নিজকে কোৱাদি ক'লে

কিন্তু ইমান ৰাতিখন নয়নাক এনেবোৰ কথা সি ক'ব নোৱাৰেতাৰ নিজকে স্বার্থপৰ যেন লাগিলএকো নকয় সি নয়নাকএনেদৰেই জীয়াই থাকিব নামবিহীন সম্পর্কৰে সি আকৌ বেলকনীলৈ ঘুৰি আহিলবেলকনীত এতিয়াও মৃদু সুৰত বাজি আছে
''এনেকৈয়ে ভাঙেনে সপোন,
এনেকৈয়ে চিগেনে বান্ধোন,
কোনে কব মোক আজি
গোপনে কাষলে আহি
কোনে ক'ব বাৰু
কোন মোৰ আপোন? —
হয়তো এনেকৈয়ে ভাঙে সপোনবোৰ

Monday 10 March 2014



সমগ্ৰ দিনটোৰ ব্যস্ততাৰ অন্তত বাহিৰলৈ ওলাই আহিলো। এখন নতুন ছবিৰ ৰেকর্ডিঙৰ কামত দিনটো ব্যস্ত থাকি যদিও ভাগৰুৱা অনুভৱ কৰিছিলো কিন্তু বাহিৰলৈ ওলাই অহাৰ পিছত মনটো ভাল লাগি গ'ল। বাহিৰত এজাক দোপাল পিটা বৰষুণবহু দিনৰ পিছত মায়ানগৰী মুম্বাইৰ বুকুলৈ এজাক বৰষুণ নামিছে। ভাল লাগি গ'ল মনটো ফাগুনৰ বৰষুণজাকৰ টোপালকেইটাৰ স্পর্শ অনুভৱ কৰিঅৱশ্যে এটা সময় আছিল যেতিয়া বৰষুণ আৰু মোৰ মাজত এটি অহি নকুল সম্পর্ক আছিল। হয়তো সময়ে বাধ্য কৰাইছিল। সৰুতে বৰষুণ দিলে ৰাস্তাত পৰিম বুলি ভয় খাইছিলো। হাইস্কুলত থাকোতে বৰষুণত কিতাপ বহী ভিজে বুলি ভয় খাইছিলো। কলেজ পোৱাৰ পিছত বৰষুণৰ লগত সম্পর্ক বেছি বেয়া হৈছিল। কাৰণ মহানগৰীৰ বৰষুণ বুলিয়ে মোৰ দৰে ভাড়াঘৰত থকা 'ৰাৰ অৱস্থা তথৈবচ হৈছিল।
শেষবাৰৰ কাৰণে শ্ৰুতিক লগ কৰিব অহাৰ দিনাও দোপাল পিটা বৰষুণ দিছিল। বৰষুণক নেওচিও তাই মই দিয়া সময়তে আহি উপস্থিত হৈছিল। কাৰণ সময়ক লৈ তাই খুব দায়িত্বশীল আছিল অন্ততঃ মোৰ লগত। কিন্তু কলেজৰ ক্লাছৰ বাবে মই প্ৰায় এঘণ্টা পলমকৈ তাইৰ কাষ পাইছিলো। তাই একো কোৱা নাছিল। আচলতে তাই নীৰৱতাৰ মাজেৰেই বহু কথা কোৱাৰ চেষ্টা কৰিছিল শ্ৰুতি দিল্লী যোৱাৰ সিন্ধান্তটো চূড়ান্ত কৰিছিলপ্ৰস্তাৱটো ময়েই দিছিলো তাইক। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাণী বিজ্ঞান বিভাগত অধ্যয়ন কৰাৰ প্ৰস্তাৱতাই ডাক্টৰ হ'ব বিচাৰিছিল, কিন্তু মই বিচাৰিছিলো তাই অধ্যাপক হোৱাটো। মোৰ প্ৰস্তাৱটি একেষাৰতে মানি লৈছিল তাই কাৰণ সৰুতে মাতৃহাৰা হোৱা শ্ৰুতিয়ে দেউতাকৰ পিছতে বিশ্বাস কৰা মানুহজন আছিলো মই। সেয়ে হয়তো সদায় তাইৰ ভাল হোৱাটোৱেই বিচাৰিছিলো। সৰুৰে পৰাই একেলগে ডাঙৰ হৈছো, গাঁৱৰ ধুলি বালি গচকি। জীৱনৰ প্ৰতিটো খোজতে তাইক সাহস দিয়াৰ চেষ্টা কৰিছিলোতাই দিল্লীলৈ নগৈ গুৱাহাটীতে পঢ়াৰ মন কৰিছিল কিন্তু মই বিচৰা নাছিলো। অৱশেষত তায়ো দেউতাকৰ সৈতে আলোচনা কৰি তাই দিল্লীলৈ যোৱাটো খাটাং কৰিছিলচকুৰ আঁতৰ হলে হেনো মনৰো আঁতৰ হয় কথাষাৰ তাই খুব বিশ্বাস কৰিছিল কিন্তু মই কৰা নাছিলোসেয়ে তাই মোৰ পৰা আতৰ হ'ব বিচৰা নাছিল। নির্ধাৰিত দিনমতেই তাই দিল্লীলৈ গুচি গৈছিলখুব বৰষুণ নামিছিল সিদিনাবৰষুণৰ সমানে চকুপানী নিগৰিছিল মোৰ। গাৰুত মুৰ গুজি এন্ধাৰতে হেঁপাহ পলুৱাই কান্দিছিলোকিয় কান্দিছিলো নাজানোশ্ৰুতি গুচি যোৱাৰ দুখত? হয়তো নহয়, কাৰণ মোৰ সিদ্ধান্তমতেই তাই গৈছিল। তাই দিল্লীলৈ যোৱাৰ কিছুদিন পিছৰ পৰাই আমাৰ যোগাযোগ প্ৰায় স্তিমিত হৈ পৰিছিল। বহুদিনৰ মূৰত ফোন কৰিলেও তাই মোক এৰাই চলিছিল... ব্যস্ততাৰ অজুহাতত। আচলতে মহানগৰীৰ জীৱনবোৰ বৰ জটিলহয়তো পৰিৱেশেই বাধ্য কৰাই জটিল হবলে। তায়ো হয়তো অভ্যস্ত হৈ পৰিছিল সেই জটিলতাৰ মাজত। প্ৰায় ছমাহ মান পিছত তাই ফেচবুকত এখন ফটো পঠিয়াইছিল'ৰা এজনৰ লগত একেলগে কোনোবা দামী ৰেষ্টুৰেণ্টত উঠা ফটো। লগত এটি সৰুকৈ মেছেজ  'ই মোৰ লগত ৰাহুলযোৰহাটৰ ল'ৰাদুয়োটা একেই চেমিষ্টাৰখুব ভাল পাওঁ দুয়ো দুয়োকে তই কথা পাতিবিচোনভাল পাবি' মই কোনো উত্তৰ দিব পৰা নাছিলো। আকৌ এবাৰ উচুপিছিলো তাইক কোনোদিনে মনৰ কথা বুজাব নোৱৰাৰ দুখত। তেতিয়াৰ পৰাই আমাৰ মাজৰ যোগাযোগ প্ৰায় নাইকিয়া হৈছিল। বহুদিনৰ মূৰত ঘৰলৈ যাওতে গম পাইছিলো, তাই হেনো দেউতাকৰ লগতো যোগাযোগ প্ৰায় বন্ধ কৰিছিল। দেউতাকৰ আগত নিজকে অপৰাধী যেন লাগিছিল কাৰণ তাইক দিল্লীলৈ পঠোৱাত বেছিকৈ জোৰ দিছিলো মই। খুব দুখ পাইছিলো আকৌ এবাৰকিয়নো দেউতাৰ মুখ নেদেখা মোৰ দৰে ল'ৰা এজনক তেওঁ কোনোদিনে দেউতাৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিলসকলো ক্ষেত্ৰত মোৰ সাহস আছিল তেওঁ। স্নাতকৰ চূড়ান্ত পৰীক্ষালৈ কিছুদিন থাকোতে মায়ো মোক এৰি গুছি গৈছিল। চিৰ দিনৰ বাবে। এইবাৰ বাধাহীনভাৱে ভাগি পৰিছিলো মইএকেবাৰে অকলশৰীয়া হৈ পৰিছিলো মই। চূড়ান্ত পৰীক্ষা নিদিয়াৰ সিদ্ধান্ত লৈছিলো যদিও একমাত্ৰ শ্ৰুতিৰ দেউতাকৰ সাহসতে পৰীক্ষা দিছিলো। পৰীক্ষাৰ ফলাফল ভালো হৈছিল। শ্ৰুতি দিল্লীলৈ যোৱাৰ প্ৰায় এবছৰ পিছত ময়ো গুছি আহিছিলো বাংগালোৰলৈ চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবলৈ। যিটো সময়ত শ্ৰুতিক 'অনুৰাগ কোন?' বুলি সুধিলে কিছুপৰ ভাবিহে উত্তৰ দিব পাৰিব।
বাংগালোৰলৈ পঢ়িবলৈ অহাৰ সম্পূর্ণ খৰচ বহন কৰিছিল শ্ৰুতিৰ দেউতাকে। তেওঁ মই স্নাতকোত্তৰত নামভর্ত্তি কৰাটো বিচাৰিছিল যদিও সংগীত আৰু চিনেমাৰ প্ৰতি থকা হেঁপাহে মোক চাউণ্ড ইঞ্জিনিয়াৰ পঢ়িবলৈ বাধ্য কৰাইছিল। দেশৰ এখন আগশাৰীৰ ফিল্ম ইনষ্টিটিউটত দুবছৰীয়া এটি কর্ছত পঢ়াৰ সুবিধা পাইছিলো। বাংগালোৰলৈ অহাৰ পিছতো বহুবাৰ শ্ৰুতিক যোগাযোগ কৰাৰ চেষ্টা কৰিছিলো যদিও বাৰে বাৰে মই ব্যর্থ হৈছিলো। দুবাৰমান তাইক দিল্লীলৈ বিচাৰি গৈছিলো যদিও তাই এবাৰো মোক লগ নকৰিলে... ব্যস্ততাৰ অজুহাতত... ক্লাছ থকাৰ অজুহাতত। বাংগালোৰলৈ অহাৰ কেইমাহমান পিছৰ পৰাই শ্ৰুতিৰ দেউতাকে মোলৈ পইচা পঠোৱাটো বন্ধ কৰিছিল। ফোন কৰিলেও বিভিন্ন অজুহাত দেখুৱাইছিল। অৱশ্যে ই মোক বিশেষ প্ৰভাৱ পেলোৱা নাছিল কিয়নো মই পঢ়িছিলো এখন চৰকাৰী ফিল্ম ইনষ্টিটিউটত বিনামূলীয়াকৈ। প্ৰয়োজন হৈছিল মাথো খোৱা বোৱা আৰু কিছু হাত খৰচৰ যিখিনি উপার্জন কৰাটো এখন স্নাতক ডিগ্ৰীধাৰী ছাত্ৰৰ বাবে বিশেষ কষ্টৰ কথা নাছিল। প্ৰথম বর্ষৰ পৰীক্ষাৰ অন্তত ঘৰলৈ ঘুৰি গৈ কথাবোৰ বুজাত মোৰ বাবে অতি কঠিন হৈ পৰিছিলশ্ৰুতিহঁতৰ ঘৰত ওলমি আছিল এটি প্ৰকাণ্ড তলাআচৰিত হৈছিলো মই। গাৱৰ মানুহৰ পৰা গম পাইছিলো মই যোৱাৰ ছমাহ পিছতে শ্ৰুতি আহি দেউতাকক লৈ গৈছিল দিল্লীলৈ... চিৰদিনলৈ গাৱৰ পৰাঘৰটোও হেনো বিক্ৰীৰ ব্যৱস্থা কৰিছিলকথাবোৰ মোৰ বাবে সাথৰ হৈ পৰিছিল... হৈ যোৱা ঘটনাবোৰৰ জটিলতা ভঙাত ব্যর্থ হৈছিলোবৰ অকলশৰীয়া হৈ পৰিছিলো। গুচি আহিছিলো গাৱৰ পৰাকিহৰ বাবে শ্ৰুতিয়ে মোক অবিশ্বাসৰ দৃষ্টিৰে চালে নুবুজিলো। ইতিমধ্যে তাই পুৰণি নম্বৰবোৰ সলনি কৰিছিল যাৰ বাবে তাইক যোগাযোগ কৰিব খুজিও নোৱাৰিলো।
বাংগালোৰলৈ অহাৰ দিনটোৰ ক্লাছৰ শেষত বাছৰ বাবে ৰৈ আছিলো। ৰাতিপুৱাৰে পৰা দি থকা বৰষুণৰ বাবে বাছৰ সংখ্যা কমি আহিছিলসন্ধিয়া হৈ অহাত অট' এখন লৈ যোৱাটোৱে ঠিক কৰি হাত মেলিছিলো অট'ৰ বাবেএকেলগে হাত মেলিছিল মোৰ ওচৰতে ৰৈ থকা ছোৱালীজনীয়ে। কিন্তু অট'খন ৰোৱাৰ লগে লগে মইহে আগতে উঠিছিলো। 'ছেহ! ক'ৰ পৰা যে ওলাই আহে নহয় এইবোৰ' সৰুকৈ ক'লেও কথাষাৰ মই ভালদৰেই শুনিছিলো। ছোৱালীজনীৰ মুখত অসমীয়া মাতষাৰ শুনি ভাল লাগিছিল মোৰলগে লগেই প্ৰস্তাৱ দিছিলো তাইলৈ, 'ইয়াতে আহক আপুনিএকেলগে যাব পাৰিম' সেইদিনা তেনেদৰেই চিনাকী হৈছিলো স্বপ্নালীৰ সৈতেমই পঢ়া ইনষ্টিটিউট খনতে পঢ়ে যদিও আগতে কোনোদিনে চিনাকী নাছিলতাইৰ কর্ছ চিনেমেটোগ্ৰাফী। মংগলদৈৰ ছোৱালী স্বপ্নালী ভূঞাএকেষাৰতে বহু কথাই ক'ব পৰা এজনী সহজ সৰল ছোৱালীপ্ৰথম চিনাকী হোৱাৰ দিনাৰ পৰাই আগবাঢ়িছিল আমাৰ বন্ধুত্বমাক দেউতাক, বায়েক আৰু তাইৰে এটি সুখী পৰিয়াল সিহঁতৰবায়েক মংগলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তাবয়সতকৈ বেছি উন্মনা আছিল তাই জীৱনটোক নিজৰ ধৰণে চাব বিচাৰিছিল তাইজীৱনটোক উপভোগ কৰিব বিচাৰিছিল তাই জীৱনটোক নিজৰ অধীনত ৰাখিব বিচাৰিছিল তাইসেয়ে হয়তো সুখী হ'ব পাৰিছিল নিজৰ ধৰণেৰেস্বপ্নালীক লগ পোৱাৰ পৰাই মই আগৰ কথা পাহৰিবৰ চেষ্টা কৰিছিলোহয়তো তায়েই বাধ্য কৰাইছিলতাইৰ পজিটিভ কথাবোৰৰ বাবেই হয়তোবা তাইৰ প্ৰেমত পৰিছিলো কিন্তু ক'ব পৰা নাছিলোতাই বুজিছিলএদিন কথাৰ মাজতে কৈ পেলাইছিল, 'প্ৰেম আৰু বন্ধুত্ব দুটি বিপৰীতমুখী সম্পর্কপ্ৰেমৰ সম্পর্কবোৰ ক্ষন্তেকীয়া কিন্তু বন্ধুত্বৰ সম্পর্ক চিৰস্থায়ী হয়দুয়োটা সম্পর্কতে ভাঙোন আহে, প্ৰেমৰ ভাঙোন চিৰস্থায়ী কিন্তু বন্ধুত্বৰ ভাঙোন ক্ষন্তেকীয়া' ভাল বন্ধুত্ব গঢ়িছিলো তাইৰ সৈতেপ্ৰতিটো কথাই ভাগ বতৰা কৰিব পৰা এজনী ভাল বান্ধৱী হৈ পৰিছিল তাইআমাৰ চূড়ান্ত পৰীক্ষালে কেইদিনমানহে বাকী থাকোতেই স্বপ্নালী বিশেষ প্ৰেক্টিকেল ক্লাছৰ বাবে লণ্ডনলৈ যোৱাৰ সুযোগ পাইছিল দহদিনৰ এটা ট্ৰিপস্বপ্নালী উভতি আহিবৰ দিনাই ৰাতিপুৱা তাইৰ বান্ধৱী উর্মিৰ পৰাই পাইছিলো সেই অনাকাংক্ষিত খবৰটো- 'স্বপ্নালী ইজ ন' 'ৰ!' তাই অহা প্লেনখন র্দূঘটনাত পতিত হৈ হেৰাই গৈছিল স্বপ্নালীমাক হেৰুৱাতকৈও বেছি দুখ পাইছিলো মইবুজিব পৰা নাছিলো জীৱনটোৱে মোৰ পৰা কি বিচাৰে প্ৰেম, বন্ধুত্ব সকলো হেৰুৱাই নিঠৰুৱা হৈ পৰিছিলো মইফাইনেল পৰীক্ষাৰ ৰিজাল্টৰ পিছতেই মুম্বাইলৈ উৰা মাৰিছিলো জীৱিকাৰ সন্ধানত আৰু এতিয়া মই এজন মুম্বাইত প্ৰতিষ্ঠিত চাউণ্ড ইঞ্জিনিয়ায়। টকা-পইচা একোৰে অভাৱ নাই মোৰ জীৱনতগাঁৱৰ ভেটিটোত মা-দেউতাৰ নামত এখন স্কুল খুলিছো... দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবেলগত এখন বৃদ্ধাশ্ৰম এতিয়া নিজৰ ধৰণেৰে জীৱনটো উপভোগ কৰিছোসকলো আছে মোৰ এতিয়া... নাই মাথো শ্ৰুতি, স্বপ্নালীৰ দৰে বান্ধৱী, শ্ৰুতিৰ দেউতাকৰ দৰে সাহস দিব পৰা ব্যক্তিপ্ৰতিদিনে এটি প্ৰশ্নই মোক বিব্ৰত কৰে, 'সুখীনে মই এতিয়া?' নাজানো আজিও ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছেএতিয়া অৱশ্যে বৰষুণৰ লগত মোৰ অহি নকুল সম্পর্ক নাইভাল পাও এতিয়া বৰষুণজাকক... চুই চাব বিচাৰো উশাহৰ পৰা নিশাহলৈ... নিজৰ ধৰণেৰেএতিয়া মোৰ একমাত্ৰ প্ৰেম বৰষুণ... মাথো বৰষুণ (সমাপ্ত)