1:18 am
হিমাংশু চহৰীয়া
উজাগৰী সপোন এটা
জীয়াই আছিল তোৰ বুকুত,
তোৰ উজাগৰী সপোনবোৰ
এতিয়া মোৰ।
তমসা ৰাতিটোতো জীয়াই
ৰাখিছে মোক।
এতিয়াটো বুকুৰ গৰাখহনীয়াও
বাট সলালে।
তোক চুই চোৱাৰ হেঁপাহকণো
কোনোবা আবেলিতে হেৰাল।
গভীৰ জোনাকৰ বাট বুলিলে
আবেলিৰ ৰান্ধনি বেলিয়ে।
উৰুঙা বুকুত এতিয়া মাথো
উকা বাঁহীৰ সুৰ।
বৰষুণ এজাক অহা হলেই
ভাল আছিল,
নৈখন বহুখন দেখাই নাই নহয়।
২৯.০৫.২০১৩
0 মতামত:
Post a Comment