Welcome


Sunday 19 May 2013



উপন্যাস: সোণ হৰিণৰ চেঁকুৰ

ঔপন্যাসিক: অনুৰাধা শর্মা পূজাৰী

প্ৰথম প্ৰকাশ: এপ্ৰিল, ২০১২

দ্বিতীয় প্ৰকাশ: আগষ্ট, ২০১২

প্ৰকাশক: চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১

ISBN: 978-93-244-0260-8

মূল্য: ১৮০.০০ টকা


বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা ঔপন্যাসিকা অনুৰাধা শর্মা পূজাৰীৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল সোণ হৰিণৰ চেঁকুৰ। বর্তমান চাৰিওফালে কেৱল যান্ত্ৰিকতাৰ সমদল। এই যান্ত্ৰিকতাৰ যুগত নৱপ্ৰজন্মৰ মানসিক অৱস্থাৰ দ্ৰুত পৰিৱর্তন হোৱা দেখা গৈছে। বর্তমান সন্তানবোৰে নিজৰ শৈশৱ কৈশোৰ যৌৱন পাৰ কৰে যান্ত্ৰিক ভাৱে। সন্তানবোৰ হৈ পৰিছে একো একোটা যন্ত্ৰ। তেওঁলোকৰ ধাৰণাত শিক্ষা হৈছে কেৱল নম্বৰৰ প্ৰতিযোগিতা আৰু অর্থ উপার্জন। ই হৈ পৰিছে এক সামাজিক ব্যাধি। অভিভাৱকসকল তথা সমাজৰ এই অপূর্ণ স্বার্থই সন্তানৰ মন আৰু শৰীৰত দিছে প্ৰচণ্ড চাপ। বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত ব্যৱহাৰে মৰম ভালপোৱা বিশ্বাসকো কৃত্ৰিম কৰি পেলাইছে । বর্তমান যুগত নৱপ্ৰজন্মৰ যি মনস্তাত্বিক পৰিৱর্তন হৈছে তাৰ ভিত্তিতেই লিখিকাই লিখি উলিয়াইছে এইখন সামাজিক উপন্যাস।


…………………………………….

পাপা,

মা,

এতিয়া মই যি উচ্চতাত ওলমি থাকিম

নিথৰ হৈ

তাৰ পৰা মোক নমাই নিনিবা

মই তোমালোকৰ সপোনৰ সমান ওখ হব খোজো।–

নৱ প্ৰজন্মৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বর্মণৰ চুইচাইড নোট কবিতাটোৰ আৰম্ভ কৰা উপন্যাসখনৰ মূল নায়ক শ্বেখৰৰ স্নাতক পর্য্যায়ৰ ৩ বছৰীয়া সময়ত তাৰ কলেজীয়া আৰু হোষ্টেলীয়া জীৱনটোৰ লগত জড়িত বহুতো আনুসংগিক কথা উপন্যাসখনত বিস্তৃত ৰূপত বর্ণিত হৈছে। তেজপুৰ মিছন চাৰিআলিৰ ল’ৰা শ্বেখৰ উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হৈ ইকনমিক্সত মেজৰ লৈ কটন কলেজত নামভর্ত্তি কৰে। গুৱাহাটীতে এদিন সম্পর্কীয় খুৰাক এজনৰ কথামতে লগ পায় মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িম বুলি অহা জামুগুৰিহাটৰ ছোৱালী প্ৰণামীক। ১-২ নম্বৰৰ বাবে কটন কলেজত ভর্ত্তি হব নোৱৰা প্ৰণামীক শ্বেখৰে অসমীয়াত অনার্ছ লৈ পঢ়িব কৈছিল যদিও একমাত্ৰ নিজৰ সর্ম্পকীয় লোকসকলক দেখুৱাবৰ নিমিত্তেই বি বৰুৱা কলেজত বিজ্ঞান শাখাত নাম ভর্তি কৰে প্ৰণামীয়ে আৰু ৮৫ শতাংশ নম্বৰেৰে উর্ত্তীর্ণ হয় প্ৰণামী। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ দিল্লীত বায়’টেকনলজী পঢ়িবলৈ ঢাপলি মেলে প্ৰণামীয়ে। শ্বেখৰ প্ৰণামীৰ আতৰ হব বিচৰা নাছিল যদিও তাই দিল্লীত পঢ়িব যোৱা কথাটো বিৰোধো কৰিব নাছিল।


……………………………

মাধৈমালতী হৈ বগাম

তোমাৰ শৰীৰেৰে

সূৰ্যৰ প্ৰখৰতাৰ ফালে চাই কম

ভাল পাওঁ

তোমাক ভাল পাওঁ।-

প্ৰথম দেখাদিনাৰ পৰাই এক অপ্ৰকাশিত ভালপোৱা আৰম্ভ হৈছিল প্ৰণামী আৰু শ্বেখৰৰ মাজত। প্ৰণামীৰ দিল্লী অভিমুখী যাত্ৰা দিনা শ্বেখৰে তাইক ভালপোৱাৰ প্ৰস্তাৱ দিয়াৰ কথা ভাৱিছিল যদিও সেইদিনাই শ্বেখৰৰ মুখামুখি ঘটে এমিলিৰ সৈতে। এমিলি ৰবিনছন, যি একমাত্ৰ এখন ডায়েৰীকে সাক্ষী কৰি বিচাৰি আহিছিল নিজৰ ককাদেউতাকে মিঃ ৰবিনছনে প্ৰতিষ্ঠা কৰা ‘গৌহাটী কলেজ’ আৰু ‘স্বর্গৰ দুৱাৰমুখ গুৱাহাটী’। চৰকাৰৰ বিয়াগোম বিভাগত খবৰ কৰি ব্যর্থ হোৱাৰ পিছত এমিলিয়ে লগ ধৰে শ্বেখৰক। পুনৰবাৰ নিজৰ মনৰ কথা প্ৰণামীৰ আগত প্ৰকাশ কৰাত ব্যর্থ হয় শ্বেখৰ। তেনেকৈয়ে প্ৰণামী গুচি যায় দিল্লীলৈ। হয়তো চিৰদিনৰ বাবে আঁতৰি যায় শ্বেখৰৰ জীৱনৰ পৰা। শ্বেখৰো ব্যস্ত হৈ পৰে তাতকৈ বয়সত দুবছৰ ডাঙৰ এমিলিক তাই বিচৰা তথ্যবোৰ যোগান ধৰাৰ লগতে ঠাইসমূহ দেখুওৱাত। এদিন এমিলিও গুচি যায় তাইৰ নিজ দেশলৈ কিন্তু এমিলিয়ে ইণ্টাৰনেটৰ মাধ্যমেৰে সদায় যোগাযোগ ৰাখিলে শ্বেখৰৰ সৈতে। শ্বেখৰ আৰু এমিলিৰ বন্ধুত্বৰ সম্পর্কক লৈ বহুতো গুণাগথা চলে। এমিলি যোৱাৰ পিছত পুনৰ অকলশৰীয়া হৈ পৰে শ্বেখৰ। এই সময়চোৱাত শ্বেখৰে প্ৰণামীক বহুবাৰ যোগাযোগ কৰিবৰ চেষ্টা কৰিছিল যদিও নিজৰ যান্ত্ৰিক জগতত সম্পূর্ণৰূপে ব্যস্ত সৈ পৰিছিল প্ৰণামী।


……………………………..

তোমাৰ এন্ধাৰ কলা চুলিটাৰিত

লুকুৱাই থোৱা সুমথিৰা ৰদ

মোৰ সপোনৰ দিকচৌ বাট।।-

পাখিলগা সময়ৰ মাজত এনেকৈয়ে এদিন সাহিত্যৰ প্ৰতি বিশেষ ৰাপ থকা শ্বেখৰে অৱত্তীর্ণ হয় নিজৰ চূড়ান্ত পৰীক্ষাত। কিন্তু এই সময়চোৱাত এমিলিৰ সৈতে হোৱা কথা বতৰা, প্ৰণামীৰ ব্যৱহাৰ আৰু তাৰ চাৰিওফালৰ পৰিৱেশে সলনি কৰি দিয়ে তাৰ জীৱনটো। সলনি কৰি দিয়ে তাৰ জীৱনৰ সিদ্ধান্ত। পৰীক্ষাত উত্তীর্ণ হৈ নিজকে লাখ লাখ নিবনুৱাৰ শাৰীত ঠিয় কৰোৱাতকৈ নিজৰ গাঁৱৰ মাটিত এখন প্ৰকাণ্ড কলবাৰী পাতি স্বাৱলম্বী হোৱাৰ পণ ললে শ্বেখৰে। চমুকৈ উপন্যাসখনৰ কাহিনী এয়াই কিন্তু লেখিকাই এই কাহিনীটোৰ লগত সংগতি ৰাখি উপস্থাপন কৰিছে কেবাটাও গুৰুত্বপূর্ণ ঘটনা।


প্ৰণামীৰ বান্ধৱী শিৱানীৰ আত্মহত্যাৰ যোগেদিও বর্তমান সমাজৰ এক গুৰুত্বপূর্ণ ছবি দাঙি ধৰিছে লেখিকাই। কলেজৰ প্ৰিঞ্চিপালৰ ছোৱালী শিৱানীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ৭৮% নম্বৰ পোৱা স্বত্বেও একমাত্ৰ সমাজত দেউতাকৰ সন্মানৰ কথা চিন্তা কৰি পৃথিৱীৰ মায়া মোহ ত্যাগ কৰি ৰেলৰ আগত পৰি আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। অষ্টাদশী গাভৰু শিৱানীয়ে আনকি পাহৰি গৈছিল তাইৰ সঁচা ভালপোৱা সিদ্ধার্থৰ কথা। লগতে কলেজীয়া ছোৱালী বিদিশাই প্ৰেমৰ নামত বাহিৰৰ যুৱক ৰাজদ্বীপ চৌহানৰ পৰা পাবলগীয়া হৈছিল চৰম প্ৰবঞ্চনা। এই প্ৰবঞ্চনাৰ প্ৰতিশোধ হিচাপে সমগ্ৰ পুৰুষ সমাজক নিজৰ হাতৰ মুঠিত নচুৱাই নিজকে শেষ কৰি দিব খুজিছিল যদিও তাইৰ বান্ধৱী মৈত্ৰীয়ে তাইক পুনৰ সঠিক পথলৈ আনিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰিও শৈশৱত মৈত্ৰীয়ে নিজৰে মোমায়েকৰ দ্বাৰা ধর্ষিত হোৱা ঘটনা, ছোৱালী হৈ জন্ম লোৱা বাবেই ঘৰখনৰ পৰা সুলেখাই পোৱা র্দুব্যৱহাৰৰ ঘটনাকে ধৰি কেবাটাও নাৰীজনিত ঘটনাৰ যোগেদি লেখিকাই সমগ্ৰ পুৰুষ সমাজখনৰ বিৰুদ্ধে এক হুংকাৰ দিয়া পৰিলক্ষিত হৈছে।


ইয়াৰোপৰিও মৈত্ৰী, বিদিশাহঁতৰ ‘চন্দ্ৰিমা গার্লছ হোষ্টেল’ৰ ৱার্ডেন জয়িতা শইকীয়াৰ জীৱনৰ কাহিনীটো সুন্দৰ ৰূপত ফুটি উঠিছে উপন্যাসখনত। জয়িতা শইকীয়াৰ গর্ভত জন্ম লোৱা শশাংক বৰুৱাৰ অবৈধ সন্তান চন্দ্ৰিমা ভাল পাবলৈ লৈছিল শশাংক বৰুৱাৰ বৈধ সন্তান ঋতুৰাজক। এই গূঢ় সত্য জানিব পাৰি এদিন জয়িতাৰ বুকু উদং কৰি চিৰদিনৰ বাবে আতৰি গৈছিল চন্দ্ৰিমা। এনেদৰে ৰাজদ্বীপ, আব্বাচ, প্ৰসেনজিৎ, শশাংককে ধৰি বহুতো চৰিত্ৰৰ জীৱনৰ একোটা একোটা কাহিনী লেখিকাই সুন্দৰ ৰূপত ফুটাই তুলিছে উপন্যাসখনৰ বুকুত। এনেদৰে কৈশোৰ তথা যৌৱনৰ সময়চোৱাৰ কৃত্ৰিম আৰু প্ৰকৃত প্ৰেম, ভালপোৱা, যৌনতা, কেৰিয়াৰ, বন্ধুত্ব, বিশ্বাস আদি বিভিন্ন ৰূপৰ সমাহাৰেৰে এখন উৎকৃষ্ট পঠনশীল উপন্যাস হল সোণ হৰিণৰ চেঁকুৰ। কিতাপখন পঢ়ি পাঠকে এক নতুনত্বৰ সোঁৱাদ পাব।



মাহেকীয়া ই আলোচনী অনুভৱ ডট্ অৰ্গৰ প্ৰথম বছৰ পঞ্চম সংখ্যাত প্ৰকাশিত।

পঢ়িবলৈ ইয়াত ক্লিক কৰক




ফটো ডিজাইনাৰ- প্ৰাচুৰ্য্য প্ৰীতম শইকীয়া

0 মতামত:

Post a Comment