
1:43 am

হিমাংশু চহৰীয়া
আজি ৰাতি শেৱালি নুফুলে,
তোমাৰ সপোনৰ দেশত
আজি ঘোৰ অমানিশা।
বহুদিনেই হ'ল জোনাকৰ
বাট দেখা নাই মই।
চিনাকী কেচাবৰণীয়া
ৰ'দজাকো এতিয়া নিথৰ,
সময়ৰ চেকা লাগি নিশ্চুপ এতিয়া
তুমি ভালপোৱা নিশাটি,
তুমি ভালপোৱা সময়খিনি।
শেৱালিজোপাত ওৰেটো ৰাতি
ধৰফৰাই মৰে
এটি নিমাত ফেঁচাই।
মনৰ কোঠাত দপদপাই জ্বলে
শেষ ৰাতিৰ এন্ধাৰ।
কোনোবা কামুকে চেলেকি চেলেকি খায়
কাৰোবাৰ বুকুৰ মঙহ।
মৌন চেতনাত ডুবি থাকে মোৰ বুকু,
এটি ফিনিক্স পখী হৈও ৰৈ থাকো মই,
নিমগ্নতাৰ অন্তিম দুৱাৰত,
নতুন দিনৰ একাজলি
চিনাকী ৰ'দ বিচাৰি।
০৭.০৬.২০১৩
0 মতামত:
Post a Comment