চিগাৰেটৰ ধোৱা আৰু ছাই
আজিও ঘৃণা কৰো,
কিয় আজিও জ্বলি মৰো মই?
উশাহবোৰৰ দুৰত্ব বাঢ়ে,
নিঃশেষ হৈ যায় সকলো।
ফিনিক্স পখী এটি উৰা মাৰো
কামিহাড় বোৰ সদায় জ্বলাই চাও,
পাহৰণিৰ শ্মশানত
ইয়াৰ বাহিৰেনো আছে কি মোৰ?
শূন্যতাৰ কোঠালীত
খুলি চাও কলিজাখন
ষ্টীট লাইটৰ পোহৰত
সিও উজ্বলি থাকে
আসঃ কি যান্ত্ৰিক জীৱন।
0 মতামত:
Post a Comment