Welcome


Sunday, 7 July 2013


কবি → অজিৎ বৰুৱা

কাতি মাহৰ এটা ধোঁৱা ৰাতিপুৱা
কুঁৱলী গলি ভাঁহে
এই পুৱা যেন অতীত জীৱন
(এবছৰ বয়সীয়া)
পুনৰ যাপন
কৰি উঠিলোঁ। কাৰণ --
যোৱা বছৰ এনে পুৱা
উঠিছিলোঁ নতুন হামিয়াই,
থকা-নথকা এক পলকৰ দলঙত
সময় বন্ধ হৈ যায়। (?).......

এদিনাখন এটা ধেকুৰা কুকুৰে মুখত মঙহ লৈ
বুকুত খামোচ মাৰি ধৰি আছিল কামৰূপৰ মেপ নিনিয়া ভয় ।
আৰু, সংক্ষেপে
সেই নীৰৱ গধুলি পথাৰৰ মাজত অকলে থিয় হোৱা
চাৰিওফালে পথাৰ পথাৰ
বুকুত খামোচ
দূৰৰ গাঁৱৰপৰা গুণগুণকৈ ধোৱাঁ
উৰিছিল।

0 মতামত:

Post a Comment