Welcome


Sunday, 7 July 2013



কবি → পার্বতিপ্ৰসাদ বৰুৱা

আহিনমহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন ;
জোনাকত ওপঙিল কিহবাৰ ৰাগি
কেনেবা কৰিলে মন;
বান্ধৈ ও
কেনেবা কৰিলে মন।

বগা ডাৱৰেৰে মূৰতে পাগুৰি
কোননো কোঁৱৰ আহি,
দোকমোকালিতে মোৰ দুৱাৰতে
কিয় ভুমুকিয়ালেহি;
বান্ধৈ ঐ
কেনেবা কৰিলে মন।

বুকুৰ বান্ধৈ,
চিনো কি নিচিনো আগে,
সৰা শেৱালিৰ বাটে কাহানিবা
দেখিছিলো যেন লাগে।
চিনো কি নিচিনো একো নুগুণিলোঁ
অচিন আদৰতে মজি,
বুকুৰে মাজৰে পগলা ব'ৰাগী
ৰঙতে নাচিলোঁ আজি,
বান্ধৈ ঐ
কেনেবা কৰিলে মন।

0 মতামত:

Post a Comment