Welcome


Wednesday 24 July 2013

 
কবি → হিতেশ্বৰ বৰবৰুৱা

নোলাল চকুলো মোৰ পুত্ৰৰ শোকত, প্ৰভু !
পুত্ৰ - শোক সন্তাপৰ নোহে ইটো চিন;
ইযে মুকুতাৰ মালা, তোমাৰেই প্ৰতিদান,
দেৱ মনোলোভা ৰত্ন --- শোভে ৰাতি দিন।
তোমাৰ ফুলনিবাৰী, তোমাৰেই তৰুলতা
যি ফুল ফুলিল তাত, তাৰে এটি আনি,
অর্পিলো পূজাৰ অর্থে, ভকতি অন্তৰে আজি
তোমাৰ পাৱতে পুনু লোৱা প্ৰভু, তুমি।
ই চকুলো নোহে মোৰ অপত্য শোকৰ চিন
ই যে প্ৰভু, পুত্ৰল'ই নির্মালি পিতাৰ,
--- স্বর্গীয় অঞ্জনৰূপী দুয়োতে চকুতে পিন্ধি
আজীৱন চাই ৰ'ম চৰণ তোমাৰ
চকুলো দুধাৰি প্ৰভু, তোমাৰ নির্মালি মোৰ,
অন্ত হ'ব অন্তিমত, ভগ্ন হ'ব মোহ ঘোৰ।

0 মতামত:

Post a Comment