Welcome


Wednesday 24 July 2013

কবি → নৱকান্ত বৰুৱা

মই নাহোঁ মই নাহোঁ
এবাৰেই আহি গুচি গ'লোঁ মই
উভতি অহাৰ কথা নাই
মই জানো মই নাহোঁ
মই জানো কোনো নাহে
মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো
এই কথাটোকে কিমানবাৰ যে ক'লোঁ
কিমান ভাৱেৰে ক'লোঁ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ'লোঁ।
আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল
এবাৰেই তুলি ল'লোঁ।

কোনোবা আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতেই বাজিব নতুন বীণা ?
ওহোঁ সেয়া হ'ব নতুন মানুহ
সেই দিনো হ'ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।

বকুল তলত পৰি ৰ'ব
মইতো নহয় , কোনোবাই বুটলিব
মই নাহোঁ, মই নোৱাৰো আহিব, নাহোঁ
হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহোঁ
মই নাহোঁ মই নাহোঁ
পৃথিৱী, তোমাক ভাল পাই গ'লোঁ
তথাপিও মই নাহোঁ।

→ 'উভতি নহাৰ কবিতা' শীর্ষক কবিতাটি নৱকান্ত বৰুৱাদেৱৰ 'দলঙত তামীঘৰা' কবিতাপুথিৰ অর্ন্তগত।

0 মতামত:

Post a Comment