সেওঁতাত জিলিকি ৰয়
আবেলিৰ ৰঙা বেলি,
উশাহবৰণীয়া ৰ'দজাকেও
মিতিৰ পাতে
সমুখত ৰৈ থাকে শেতাপৰা গধুলি।
উতনুৱা মেঘৰ টোপালো সৰি পৰে
শাওঁনৰ ভৰত,
তিয়াই যায়
চকুপতাৰ কাজল।
ৰঙা ব্লাউজৰ কাষলতি তিতে
বৰষুণৰ টোপালত নে ঘামৰ টোপালত,
নে ভয়ত তিতা ৰঙা কলিজাৰ বহিঃপ্ৰকাশ এয়া।
আঁতৰি যায় ৰঙা বেলি,
তথাপিও অকলে নেৰে,
এন্ধাৰক তোমাৰ ৰখীয়া পাতে,
মমতাহীন হৈ উচুপি ৰোৱা
এন্ধাৰৰ অজানিতে,
দুখ নকৰিবা,
মই এনেকৈয়ে সুখী।
RSS Feed
Twitter

12:44 am
হিমাংশু চহৰীয়া

Posted in
0 মতামত:
Post a Comment