Welcome


Friday 20 December 2013


২০১৩ চনৰ ৫ ডিচেম্বৰ, বৃহস্পতিবাৰ... সিদিনাই সমাপ্তি ঘটিল এটা সুদীর্ঘ অধ্যায়ৰকাহানিও শেষ হব নোখোজা এটি অধ্যায়ৰ সামৰণি পৰিলঅৱশ্যে এয়া সমাপ্তি নহয়, এয়া আৰম্ভণিহেসেই দীঘলীয়া অধ্যায়টিয়ে দি থৈ যোৱা পোহৰেৰে বাট বুলি এতিয়াও অসংখ্যজনৰ বহুদূৰ বাট বাকী আছেবিশ্বৰ দেশে দেশে তেওঁৰ আদর্শক উৎস হিচাপে লৈয়ে আগবাঢ়িব লাগিব বিশ্বৰ অসংখ্য শোষিত, পীড়িত জনগণ সেই অসংখ্য জনগণৰ বাবে তেওঁ এটি পোহৰ বাট, নানান বিদ্বেষ, বৈষম্য, শোষণৰ বাবে এটি আশ্ৰয়স্থানহয়, মই বর্ণ বৈষম্য বিৰোধী আন্দোলনৰে কৃষ্ণাংগসকলৰ ৰক্ষাৰ স্বার্থতে নিজৰ জীৱন উৎসর্গা কৰা সেইগৰাকী জননায়ক, দ্বিতীয় গান্ধীখ্যাত নেলচন মেণ্ডেলাৰ কথাকে কৈছো

দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ শাসক গোষ্ঠীৰ দমন, উৎপীড়ন, অত্যাচাৰ, বৈষম্য, শোষণৰ পৰা কৃষ্ণাংগসকলক উদ্ধাৰ কৰিবলৈ এটি নতুন সুৰুয হৈ উদিত হৈছিল নেলচন মেণ্ডেলা তেখেতৰ নেতৃত্বতে 'আফ্ৰিকান নেচনেল কংগ্ৰেছে' কৃষ্ণাংগ সকলৰ মুক্তিৰ বাবে বদ্ধপৰিকৰ হৈছিলউদ্দেশ্য মাথো এটাইশতিকাজোৰা দাসত্বৰ পৰা মুক্তি কিন্তু শ্বেতাংগ গোষ্ঠীয়ে এই সংগ্ৰামক বন্ধ কৰিবলৈ ১৯৬২ চনত তেওঁক কাৰাবন্দী কৰেকিন্তু মেণ্ডেলাৰ সংগ্ৰামী সত্ত্বাৰ ওচৰত নতি স্বীকাৰ কৰি ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত ২৭ বছৰীয়া কাৰাবন্দী জীৱনৰ অৱসান ঘটাই মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হয় শ্বেতাংগ শাসক গোষ্ঠী

তাৰ পৰৱর্তী সময়ত আফ্ৰিকান নেচনেল কংগ্ৰেছে নির্বাচনত জয়ী হয় আৰু ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয় সেই বর্ণ বৈষম্য বিৰোধী আন্দোলনৰ নেতা নেলচন মেণ্ডেলা এটি নতুন অধ্যায়ৰ সূচনাৰে

সমগ্ৰ জীৱন বর্ণ বৈষম্যৰ বিৰুদ্ধে যুজি যুজি নেলচন মেণ্ডেলা শুই পৰিলএতিয়া তেওঁৰ আদর্শকে লৈ আগবাঢ়িব লাগিব ভৱিষ্যত জনগণ এখন নিকা বৈষম্যহীন সমাজ গঠনৰ বাবেযদিও নেলচন মেণ্ডেলাই কৃষ্ণাংগসকলক শ্বেতাংগৰ শোষণৰ পৰা মুক্তি দিলে কিন্তু বিশ্বৰ অসংখ্য জনগণ আজিও শোষিত নিষ্পেষিত হৈ আছেএনেকি আজিও বহু গণতান্ত্ৰিক দেশতো চলি আছে প্ৰজাৰ শোষণ, অত্যাচাৰআজিও আমাৰ সমাজত বহু লোক অসুৰক্ষিতএতিয়াও মুক্তিৰ বাবে সংগ্ৰাম কৰি আছে পেলেস্তাইন, ছিৰিয়া, তিব্বত, ম্যানমাৰ, লেটিন আমেৰিকা আদি দেশৰ অসংখ্য শোষিত লোকেনেলচন মেণ্ডেলাৰ মৃত্যুত আজি যিদৰে সমগ্ৰ বিশ্ব এক হৈছে তেনেদৰে ভৱিষ্যতেও প্ৰতিদিনাই সমগ্ৰ বিশ্ব এক হৈ গঢ়িব লাগিব এখন শোষণবিৰোধী সমাজ এখন বৈষম্য বিৰোধী বিশ্বআৰু তাৰ বাবে মেণ্ডেলাই দি যোৱা আদর্শৰ পোহৰ প্ৰতিপল বিশ্ববাসীৰ লগততেওঁ দি যোৱা বাটেৰে বাট বুলি সমগ্ৰ বিশ্ব একতাৰ ডোলেৰে বান্ধ খাই চিঞৰিব লাগিবআমি একেখন পৃথিৱীৰ এখন আকাশৰ তলত থকা সকলো মানুহতাৰবাবে প্ৰয়োজন মাথো এটি বৈষম্যহীন মন আৰু উদাত্ত সাহসৰকাৰণ মেণ্ডেলাই কৈ থৈ গৈছে — 'I learned that courage wasn't the absence of fear but the triumph over it. The brave man isn't he who doesnot feel afraid, but he who conquers that fear.'

(মাহেকীয়া ই-আলোচনী অনুভৱ ডট্ কমৰ প্ৰথম বছৰ দ্বাদশ সংখ্যাত প্ৰকাশিত সহঃ সম্পাদকীয় বিশেষ লেখা)


0 মতামত:

Post a Comment