(১৯ ডিচেম্বৰৰ মৃত্যু তিথি শ্ৰদ্ধার্ঘ্য)
অসমৰ ভাষা, সাহিত্য তথা সংস্কৃতিৰ সর্ব্বাংগীন বিকাশ সাধনৰ উদ্দেশ্যে ১৯১৭ চনত গঠিত হৈছিল অসমৰ ভাষা সাহিত্যৰ বৃহৎ অনুষ্ঠান অসম সাহিত্য সভা।এই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী হ'ল বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, প্ৰবন্ধকাৰ শৰৎচন্দ্ৰ গোস্বামীদেৱ।
স্বাধীনতাৰ আগৰে পৰা অসমৰ শিক্ষাজগতৰ লগতে ভাষা সাহিত্যৰ উন্নতিৰ হকে নিতৌ যৎপৰোনাস্তি চেষ্টা কৰা শৰৎ চন্দ্ৰ গোস্বামীদেৱৰ ১৮৮৭ চনৰ ১২ মে তাৰিখে বর্তমানৰ নলবাৰী (পূর্বৰ নাৰায়ণপুৰ)ৰ বৈষ্ণৱ গুৰু নিত্যানন্দৰ বংশত জন্ম হৈছিল। গোস্বামীদেৱৰ জন্ম হৈছিল এটি নৈষ্ঠিক পৰিৱেশসম্পন্ন পৰিয়ালত। তেখেতৰ পিতৃ বিখ্যাত 'কেলি ৰহস্য'ৰ প্ৰণেতা ললিত চন্দ্ৰ গোস্বামী আৰু মাতৃ মুকুন্দ প্ৰিয়া দেৱী।
উল্লেখ্য যে বর্তমানৰ নলবাৰী সত্ৰ (পূর্বৰ নাৰায়ণপুৰ সত্ৰ) গোস্বামীদেৱৰ বংশৰ নাৰায়ণদেৱ গোস্বামীয়ে প্ৰতিষ্ঠা কৰিছিল। শৰৎ চন্দ্ৰ গোস্বামীদেৱৰ পিতৃ মাতৃৰ আঠগৰাকী ল'ৰা ছোৱালীৰ পাচোটি সন্তান অকালতে ঢুকাইছিল। জীৱিত সকলৰ ভিতৰত শৰৎ চন্দ্ৰ গোস্বামীদেৱ আছিল দ্বিতীয় গৰাকী কনিষ্ঠ। সেয়েহে তেওঁক পিতৃ মাতৃয়ে 'চানা বাপা' বুলি মাতিছিল।
শৰৎ চন্দ্ৰ গোস্বামীদেৱে কামৰূপৰ অর্ন্তগত চাংসাৰীৰ মতিৰাম দাস নামৰ শিক্ষক এজনৰ ওচৰত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল। ১৮৯৭ চনত নলবাৰী মাইনৰ স্কুলত ভর্তি হৈ তাৰ পৰাই ১৯০০ চনত মজলীয়া বৃত্তি পৰীক্ষাত সমগ্ৰ অসম উপত্যাকাৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি মাহিলী চাৰিটকীয়া জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱর্তীসময়ত গোস্বামীদেৱে ১৯০৪ চনত কটন কলেজিয়েট হাইস্কুলৰ পৰা তিনিটি পদকসহ এন্ট্ৰেন্স পৰীক্ষাত আৰু ১৯০৬ চনত কটন কলেজৰ পৰা এফ. এ. পৰীক্ষাত উত্তীর্ণ হয়। ইয়াত পিছত ১৯০৮ চনত গোস্বামীদেৱে কলিকতা মেট্ৰপলিটান কলেজৰ পৰা দর্শনত সন্মানসহ বি. এ. পৰীক্ষাত সফলতাৰ উত্তীর্ণ হয়। বহুমুখী প্ৰতিভাৰ অধিকাৰী গোস্বামীদেৱে স্নাতকোত্তৰতো নাম ভর্ত্তি কৰিছিল যদিও মাহিলী ১০০ টকা দৰমহাৰে ‘ডেপুটি ইন্সপেক্টৰ’ পদত যোগদান কৰাত শিক্ষা জীৱনৰ সমাপ্তি ঘটায়।
শৰৎ চন্দ্ৰ গোস্বামীদেৱে নগাওঁ জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদর্শক হিচাপে তেওঁৰ কর্মজীৱনৰ পাতনি মেলি পৰৱর্তী সময়ত মংগলদৈ চহৰলৈ বদলি হৈছিল। ইয়াৰ পৰৱর্তী সময়ত ১৯১২ চনত গোস্বামীদেৱক পুনৰ মংগলদৈৰ পৰা যোৰহাটলৈ বদলি কৰি সমগ্ৰ অসম উপত্যাকাৰ বিদ্যালয়সমূহৰ সহকাৰী পৰিদর্শক ৰূপে নিযুক্তি দিছিল। ইফালে ১৯১৫ চনৰ পৰা ১৯২৬ চনলৈ তেওঁ যোৰহাট নর্মাল স্কুলৰ অধীক্ষক পদত মকৰল হৈ আছিল।

নিজৰ কর্মজীৱনত
শিক্ষা সংগঠক হিচাপে গোস্বামীদেৱৰ অৱদান সমূহ আছিল অনস্বীকার্য। তেওঁৰ
পাৰদর্শিতাত পৰাধীন ভাৰতৰ শিক্ষা বিভাগৰ অসম প্ৰদেশৰ সঞ্চালক পদত অধিষ্ঠিত কানিংহাম চাহাব আৰু বিদ্যালয় পৰিদর্শক স্মল চাহাবো
বিমুগ্ধ হৈ পৰিছিল।
গোস্বামীদেৱে শিক্ষাৰ সমান্তৰালভাৱে খেলা ধুলা, ব্যায়াম আদিকো সমানে গুৰুত্ব দিছিল। ১৯২৭ চনত তেওঁ প্ৰাথমিক শিক্ষাৰ বিশেষ বিষয়া আৰু ১৯২৮ চনত অসমীয়া উপত্যাকাৰ বিদ্যালয়সমূহৰ পৰিদর্শকৰূপে নিযুক্তি লাভ কৰিছিল। উল্লেখযোগ্য যে গোস্বামীদেৱে আছিল উক্ত পদত স্থায়ীভাৱে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া ব্যক্তি। শিক্ষা বিভাগৰ বিভিন্ন গুৰুত্বপূর্ণ পদত নিযুক্ত হৈ অতি নিষ্ঠা সহকাৰে কাম কৰে শৰৎ চন্দ্ৰ গোস্বামীয়ে ১৯৪৩ চনত কর্মজীৱনৰ সমাপ্তি ঘটাইছিল।
শৰৎ চন্দ্ৰ গোস্বামীদেৱে মাত্ৰ সোতৰ বছৰ বয়সতে পঢ়ি থকা অৱস্থাতে বাৰ বছৰীয়া ভুৱনেশ্বৰী দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এটি পুত্ৰ আৰু দুটি কন্যা সন্তানৰ পুত্ৰ প্ৰভাতে অতি কম বয়সতে ঢুকাইছিল। তেখেতৰ জী সুপ্ৰভা গোস্বামী সকলোৰে এটি চিনাকী নাম।
ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ থাকি ভালপোৱা শৰৎ চন্দ্ৰ গোস্বামী আছিল অতি কর্মঠ আৰু দৃঢ়মনা ব্যক্তি। নলবাৰীত ‘কামৰূপ সঞ্জীৱনী সভা’, ‘সংস্কৃত কলেজ’, ‘গুৱাহাটী বিশ্ববিদ্যালয়’ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গোস্বামীদেৱৰ অৱদান আছিল উল্লেখনীয়। শিক্ষা সংগঠক হিচাপে বিভিন্ন পদত মকৰল হৈ থকা অৱস্থাত শৰৎ চন্দ্ৰ গোস্বামীয়ে ছাত্ৰ তথা শিক্ষক সমাজৰ উন্নতিৰ বাবে বিভিন্ন কার্য্যপন্থা হাতত লোৱাৰ লগতে বিদ্যালয় সমূহৰ পৰা সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো বিশেষ অৱদান আগবঢ়াইছিল। দুখীয়াসকলৰ সহায়ৰ অর্থে তেওঁ নানান ব্যৱস্থা গ্ৰহণ কৰিছিল।
সৰুৰে পৰা এটি সাহিত্য সংস্কৃতিবান পৰিৱেশত ডাঙৰ হোৱা গোস্বামীদেৱে শিক্ষা জগতৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদান বিশেষভাৱে উল্লেখযোগ্য। কলেজীয়া অৱস্থাতে ‘অংকুৰ’ শীর্ষক এখন হাতে লিখা আলোচনী সম্পাদনা কৰা শৰৎ চন্দ্ৰ গোস্বামীয়ে পৰৱর্তী কালত সেই সময়ৰ ‘জোনাকী’, ‘বাঁহী’, ‘উষা’, ‘আসাম বান্ধৱ’, ‘জয়ন্তী’, ‘চেতনা’ আদি আলোচনীত সাহিত্য চর্চা কৰি পাঠকৰ বিপুল সঁহাৰি লাভ কৰিছিল।
বিভিন্ন প্ৰবন্ধ, গল্প নাটক কবিতাৰে পাঠকৰ মন জয় কৰা গোস্বামীদেৱৰ ‘গল্পাঞ্জলি’(১৯১৪) ‘মইনা’ (১৯২০), ‘বাজিকৰ’ (১৯৩০), ‘পৰিদর্শন’ (১৯৫৬, মৰণোত্তৰ ভাৱে) হ'ল চুটিগল্পৰ সংকলন। ছাত্ৰাৱস্থাতে তেখেতে ‘পানীপথ’ নামৰ উপন্যাস এখন ৰচনা কৰিছিল। অমিত্ৰাক্ষৰ ছন্দত লিখা ‘পৰীক্ষা’ শীর্ষক নাটকখন হল গোস্বামীদেৱৰ এখন উল্লেখযোগ্য নাটক যিখন তেওঁ ‘ৰূপচন্দ্ৰ ভাগৱতী’ ছদ্মনামেৰে ৰচনা কৰিছিল। ‘বুদ্ধদেৱ’ নাটকখন আৰু ‘মহাসমৰ’ গ্ৰন্থখন তেওঁৰ উল্লেখনীয় সৃষ্টি। তেখেতে বিভিন্ন সময়ত বহুতো গীত আৰু কবিতাও ৰচনা কৰিছিল। তাৰোপৰি তেওঁ কেবাখনো পাঠ্যপুথিও ৰচনা কৰিছিল। শিশু সাহিত্যিক হিচাপে তেখেতে বিশেষ পার্গতালি দেখুৱাইছিল। ‘অতুল পাঠমালা’ তেওঁৰ দ্বাৰা সম্পাদিত শিশু সাহিত্যৰ এটি উল্লেখনীয় ‘চিৰিজ’। গল্পকাৰ হিচাপে তেওঁৰ অৱদান আছিল বিশেষ সমাদৃত।

বহুমুখী প্ৰতিভাৰ অধিকাৰী গোস্বামীদেৱে লাভ কৰিছিল বিভিন্ন সন্মান। ১৯৩৫ চনত শৰৎ চন্দ্ৰ গোস্বামীয়ে কর্মজীৱনত দেখুওৱা পাৰদর্শিতাৰ বাবে ব্ৰিটিছ চৰকাৰৰ ‘ইম্পৰিয়েল চার্ভিচ অর্ডাৰ’ উপাধিৰে বিভুষিত হৈছিল। তাৰোপৰি তেওঁৰ সাহিত্য সৃষ্টিৰ কৃতি হিচাপে ‘কামৰূপ পণ্ডিত সমাজ’এ ‘বিদ্যানিধি’ আখ্যা দিছিল। ইয়াৰোপৰি ভাষা বিজ্ঞানৰ বাবে তেওঁ উচ্চ আসন পাইছিল।
এনে এখন প্ৰচুৰ মেধা তথা ব্যক্তিত্ব সম্পন্ন অসম সন্তানে ১৯৪৪ চনত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ১৯ ডিচেম্বৰৰ দিনা এই পৃথিৱী ত্যাগি আঁতৰি যায়। সৰল ব্যক্তিত্ব সম্পন্ন তথা প্ৰতিভাশালী গোস্বামীদেৱৰ কার্য, ব্যৱহাৰ তথা ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদান সকলোৰে বাবে আদর্শৰ উৎস।
অসমীয়া ভাষা সাহিত্যৰ এইগৰাকী মহান কাণ্ডাৰীক আগন্তুক ১৯ ডিচেম্বৰৰ মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাৰে সুৱৰিলো।
0 মতামত:
Post a Comment