'সেন্দুৰ'
ৰঙচুৱা দাগটিতে জীৱনটো বিলীন,
হেৰোৱাৰ আশংকাতে আশাবোৰ ক্ষীণ।
'সেওঁতা'
অবুজ ভালপোৱাত বিধস্ত অনুৰাগ,
অজস্ৰ সপোন অঁকাৰ দূর্বাৰ অভিলাস।
'যৌৱন'
জীৱনৰ ৰঙিয়াল নদী,
সময়ৰ স'তে তীব্ৰতৰ গতি।
'প্ৰেম'
জীৱনৰ এখনি নৈ,
ভালপোৱাবোৰ হেনো ইয়াতেই বয়।
'ভালপোৱা'
মৰমবোৰে হৃদয় কপায়,
অজান সুৰ এটি হৈ জীৱন জুৰায়।
তেজ
আর্তনাদত পৃথিৱী কপে,
বুকুত শোকে হেচি ধৰে।
'ছাঁ'
নিজৰ বুলিবলে সিয়েই আছে,
সুখে দুখেও ওচৰ চাপে।
'মিছা কি?'- বুলিলেও টপৰাই মাতে।
'শিশু'
দুচকুত নির্বোধ সপোন।
হৃদয়ত সকলো আপোন।
'মা'
মৰমবোৰ তেওঁৰ বুকুত গজে,
দিনে নিশাই মোৰ বাবেই সপোন ৰচে।
'আবেলি'
নীড়মুখী এজাক পখী,
বুকুত বাজে গৰখীয়া বাঁহীৰ সুৰ এটি।
RSS Feed
Twitter

9:55 pm
হিমাংশু চহৰীয়া

Posted in
পঢ়ি চোৱা সকলোলৈকে অশেষ ধন্যবাদ...
ReplyDelete