Welcome


Wednesday 2 January 2013



মৰমৰ...
মেঘাচ্ছন্ন পর্বতৰ এই মোহনাত
নিবিড়ভাৱে মোৰ মনত পৰিছে,
মমতা,
বিদায় মৌন নিথৰ মুহূর্তত
তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল

তাৰ উত্তৰত মই মাথোঁ নিৰুত্তৰ হৈ ৰলোঁ
সেইবোৰ অনাখৰী কথা আজি অন্তৰত
পর্বতীয়া বনপোৰা জুই হৈ আছে
ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ
পর্বত আৰু পর্বত, যাৰ বাহুবন্ধনত
কল্পনা চাই হৈ যায়
এই পর্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে
আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ,
অন্তৰৰ জুই শিখা,
আৰু মৰমৰ মৰিশালিবোৰ

এইখন এখন মহাকাব্য, পর্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী
দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি?
শত্ৰুৰ কামনাৰ গর্জনদেখিছোঁ কি?
ধোৱাঁ আৰু ধোৱা

এটা কথা জানি থোৱা, শুনা :
মৃত্যুৱে যদি অভিনন্দন জনায়,
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীর্বাদ আছে
সর্বশেষত,
তোমাক একেষাৰ অনুৰোধ কৰোঁ :
এই যে আমাৰ ল'ৰা দুটা,
সিহঁতক কেতিয়াও
পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা
সিহঁতক মাথোন একেষাৰ কথাকে ক'বা :
যি মৃত্যুৱে দহক জীৱন দিয়ে,
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ
আজিলৈ সামৰোঁ দেই,
দীঘলীয়াকৈ চিঠি লেখিবলৈ আজৰি নাই
মৰম জানিবা ইতি : তোমাৰ...
আকৌ :
এয়া আদেশ আহিছেযাব লাগে
শত্ৰু-সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে
চিটিখন আজি ডাকত দিয়া নহ'
আকৌ মৰম।...
তাৰ উত্তৰত মই মাথোঁ নিৰুত্তৰ হৈ ৰলোঁ
সেইবোৰ অনাখৰী কথা আজি অন্তৰত
পর্বতীয়া বনপোৰা জুই হৈ আছে
ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ
পর্বত আৰু পর্বত, যাৰ বাহুবন্ধনত
কল্পনা চাই হৈ যায়
এই পর্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে
আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ,
অন্তৰৰ জুই শিখা,
আৰু মৰমৰ মৰিশালিবোৰ

0 মতামত:

Post a Comment