10:19 pm
হিমাংশু চহৰীয়া
হীৰুদা, তুমি আতৰি গলাগৈ ।
আজি ছিগি গ'ল তোমাৰ
একমাত্ৰ কামিজৰ চিলাই।
উকা হৈ ৰল তোমাৰ প্ৰেমিক হৃদয় ।
এতিয়া সেই হৃদয়ত জিৰাইছে
এজাক শান্তিৰ চৰাই ।
যি চৰাইক তুমি দি গৈছিলা
পৰাণৰ একোটি গান ।
তুমিয়েই কৈছিলা,
'মৃত্যুও এক শিল্প,
জীৱনৰ কঠিন শিলত কটা নিল্লোভ ভাস্কর্য্য।'
কিন্তু, তোমাৰ মৃত্যু জানো শিল্প হব পাৰে ?
যি শিল্পত নাই কোনো সৃষ্টিৰ অনুৰাগ ।
নাই কোনো নতুনত্বৰ ঠিকনা।
তোমাৰ মৃত্যু এক আৱেগভৰা দুখৰ ভাস্কর্য্য।
তোমাৰ প্ৰাণৰ দেশত এতিয়া
নিস্তব্ধতাৰ কল্লোল।
ক্ৰন্দনৰত প্ৰতি অসমীয়া বুকু ।
তোমাৰ বুকুত ৰোৱা গোলাপজোপাই
এতিয়া পোশা মেলিছে ।
সুৰুযৰ দিশে অগ্ৰগামী তাৰ যাত্ৰা ।
তোমাৰ মৃত্যুত তোমাৰ
মনৰ নিজানৰ বকুল ফুলটি জথৰ হৈ
সৰি পৰিল অসমীয়াৰ অন্তৰত ।
এতিয়া তাতেই থিতাপি লৈছে এটি জোনাকীয়ে ।
কত অসমীয়াক নিচুকাই তুমি শুই পৰিলা
তোমাৰ প্ৰাণৰ দেশত ।
যি দেশত তুমি বিচাৰিছিলা
তোমাৰ যৌৱনৰ প্ৰাচুর্য্য ।
প্ৰাণৰ দেশ ত্যাগি
তুমি আৰম্ভ কৰিলা
তোমাৰ নতুন যাত্ৰা ।
তোমাৰ গানৰ দেশৰ
গোমা আকাশত এতিয়া
উজলিছে অমাৱস্যাৰ জোন।
হীৰুদা, তুমি কুশলে থাকা
মৃত্যুৰ উকা পৃথিৱীত।
0 মতামত:
Post a Comment