Welcome


Tuesday, 18 June 2013

আজি আকৌ মেজাংকৰিৰ এঙাচোলা পিন্ধি
ৰ'দ লৈছোঁ
মূৰত মথুৰা পাগ (পকা চুলি থাকিবলৈ)
যিহকে নাপালোঁ সেয়েতো ভাল?

ৰাতিতে উঠি খুঙি পালোঁ যেন কুসুম
মালতী তেল, নাকফুল আৰু ঘামৰ
গোন্ধ আমাৰ সেই ভঠেলি দিয়া খলাত ।

পকা চপৰাৰ ওপৰে ওপৰে
দীঘল, দীঘল বাট, শেষ নোহোৱা পথাৰবোৰত
পৰুৱাই পোৱা বাট
দীঘল বাট, পকী বাট, অনোৱা
বনোৱা বাট
যি বাটে নগ'লোঁ সেয়েহে ভাল।

0 মতামত:

Post a Comment