গল্প সংকলন : গহ্বৰ
গল্পকাৰ : ড০ ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰথম প্ৰকাশ : ১৯৬৯
প্ৰকাশক : শ্ৰীমতী ইলা শর্মা,
জ্যোতি প্ৰকাশন,
যশোৱন্ত পথ,
পাণবজাৰ, গুৱাহাটী – ০১
অসমীয়া গদ্য সাহিত্যত চুটি গল্প লেখক হিচাপে ড০ ভবেন্দ্ৰ নাথ শইকীয়া অতি জনপ্ৰিয়। ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ বিষয়বস্তু, উপস্থাপন, কলা-কৌশল তথা শব্দ শৈলীত স্বকীয়তা ফুটি উঠা দেখা যায় যত সবসাধাৰণ পাঠক সমাজে নিজক বিচাৰি পায়।
১৯৩২ চনত নগাওঁত জন্মগ্ৰহণ কৰা ড০ ভবেন্দ্ৰ নাথ শইকীয়াদেৱে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে কবিতা ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থাকোতে ‘পথ নিৰূপণ’ নামৰ গল্পৰ যোগেদি সাহিত্য জগতত প্ৰৱেশ কৰিছিল আৰু পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
১৯৪৭ চনৰে পৰা গল্পকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পিছত শইকীয়াই প্ৰায় পঞ্চাশৰো অধিক বছৰ কাল বহু অনবদ্য গল্প সৃষ্টিৰে এক স্বকীয় ধাৰা অক্ষুণ্ণ ৰাখিছিল। ‘আতংকৰ শেষত’ নামৰ ৰহস্য উপন্যাসেৰে ঔপন্যাসিক জীৱনৰ পাতনি মেলা শইকীয়াদেৱৰ প্ৰথম গল্প সংকলন আছিল ‘প্ৰহৰী’। ইয়াৰ পৰৱর্তী সময়ত তেখেতে বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল, তৰংগ, আকাশ, উপকণ্ঠ, সান্ধ্য ভ্ৰমণ, এই বন্দৰৰ আবেলি আদি গল্প সংকলনেৰে অসমীয়া গদ্য সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰি থৈ গৈছে।
ইয়াৰে ‘শৃংখল’ নামৰ গল্প সংকলনখনিৰ বাবে তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমী বটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেখেতে ১৯৯০ অসম উপত্যাকা বটা, ১৯৯৮ চনত শ্ৰীমন্ত শংকৰদেৱ বটা, ১৯৮১ চনত হৰনাথ ঘোষ বঁটা, ২০০১ চনত পদ্মশ্ৰীৰ লগতে সেইবছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল।
শিশু সাহিত্যিক হিচাপেও বিশেষ নাম থকা ড০ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ ‘মৰমৰ দেউতা’, ‘তোমালোকৰ ভাল হওক’, ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট’, ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ আদি গ্ৰন্থৰ কথা হয়তো কোনেও পাহৰিব নোৱাৰিব। অসমীয়া ভ্ৰাম্যমাণ নাট্যজগতত তেখেতৰ এক বিশেষ স্থান আছে। গহ্বৰ, ৰামধেনু, বৃন্দাবন, জন্মভূমি, সমুদ্ৰ মন্থন, ৰম্যভূমি আদি ড০ শইকীয়াদেৱৰ কেইখনমান জনাসমাদৃত নাট।
সন্ধ্যাৰাগ, অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আবর্তন, ইতিহাস আদি ছবিৰ সফল পৰিচালক হিচাপে অসমৰ চলচিত্ৰপ্ৰেমীয়ে হয়তো ড০ শইকীয়াদেৱক চিৰকাল মনত ৰাখিব।
ড০ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ এখন উল্লেখযোগ্য তথা পঠনীয় গল্প সংকলন হ’ল গহ্বৰ। ১৯৬৯ চনত প্ৰকাশ পোৱা এই গল্প সংকলনটিত শইকীয়াদেৱে বিভিন্ন সময়ত ৰচনা কৰা এঘাৰটিকৈ মননশীল গল্প সন্নিবিষ্ট কৰিছে।
গল্প সংকলনটিত সন্নিবিষ্ট গল্প কেইটা হ’ল →
১. গহ্বৰ (১৯৬৮)
২. যৌতুক (১৯৬৯)
৩. বয়স (১৯৬৩)
৪. অসুৰ (১৯৬৭)
৫. এলান্ধু (১৯৬৩)
৬. গ্ৰহণ (১৯৬৬)
৭. অমৃত (১৯৬২)
৮. মৈদাম (১৯৬৬)
৯. বর্ণবোধ (১৯৬৭)
১০. খনিকৰ (১৯৬৫)
১১. নির্বাণ (১৯৬৮)
গহ্বৰ গল্প সংকলনখনিৰ প্ৰতিটো গল্পই হৃদয়স্পর্শী আৰু মনঃপুত। প্ৰতিটো গল্প এজন সাধাৰণ পাঠকেও সহজে হৃদয়ংগম কৰিব পাৰিব। সহজ সৰল ভাষা শৈলী, উপস্থাপন পদ্ধতি, বাক্যৰ উপযুক্ত প্ৰয়োগে গোটেই গল্প সংকলনখনিয়ে সর্বাংগ সুন্দৰ কৰি তুলিছে।
এজন বয়সস্থ বগা চাহাব মিঃ পিয়েনাৰ। চহৰখনৰ পৰা ক’লা লোকসকলক খেদি গোটেই চহৰখনক বগা কৰি তুলিবলৈ যত্ন কৰা এটা সংঘৰ নেতৃত্বত আছিল মিঃ পিয়েনাৰ। কিন্তু তেখেতে হৃদযন্ত্ৰৰ অসুখত ভুগি জীৱনৰ অন্তিম ক্ষণ গণি থকাৰ সময়তে র্দুঘটনাত নিহত এজন ত্ৰিশবছৰীয়া ডেকাৰ স্পন্দনৰত হৃদপিণ্ড লগাই তেওঁক সুস্থ কৰি তোলা হয়। কিন্তু দুঃভাগ্যবশতঃ সেই হৃদপিণ্ডটো আছিল এজন ক’লা পুৰুষ যাৰ পত্নী মেৰীয়ে বিচাৰি উলিয়ায় মিঃ পিয়েনাৰক আৰু আশ্ৰয় বিচাৰে মিঃ পিয়েনাৰৰ। হৃদপিণ্ডটো এজন ক’লা পুৰুষৰ বুলি জানিব পাৰি মনোকষ্টত ভোগে মিঃ পিয়েনাৰ। তেওঁক ঘৃণা কৰিবলৈ তেওঁ নেতৃত্ব দিয়া সমাজখনে আনকি তেওঁৰ পত্নীয়েও। শেষত কোনো অজান ঘাটকৰ হাত যায় মিঃ পিয়েনাৰৰ। এই কাহিনীটোকে সুন্দৰভাৱে বিস্তৃত ৰূপত উপস্থাপন কৰিছে ড০ শইকীয়াদেৱে গহ্বৰ গল্পটিত।
আনহাতে যৌতুক গল্পটিত এজন লেখকৰ ব্যক্তিগত জীৱনৰ দুখ কষ্টবোৰক অতি সুন্দৰভাৱে ফুটাই তুলি সমাজক এটি সুন্দৰ বার্তা দিছে। গল্পটোৰ মাজতে সোমাই আছে আন এটা গল্প। চাকৰি কৰা স্বত্বেও দীননাথে নিজৰ দৰিদ্ৰ অৱস্থাৰ বাবে নিজৰ জীয়েকক বিয়া দিবলৈ সাহস কৰা নাছিল লগতে তেওঁ মানুহক মাতি ভালদৰে এসাজ খুৱাই বিয়া পতা সামাজিক ব্যৱস্থাটো অপ্ৰয়োজনীয় বুলি ভাবিছিল। সেয়ে জীয়েকক কব খোজা কথাখিনি এটা গল্পৰ জৰিয়তে লিখি জীয়েকক কপি কৰিব দিছিল যাতে জীয়েকে তেওঁৰ মনোভাৱ বুজি পায়। কবলৈ গলে যৌতুক গল্পটিও শইকীয়াদেৱৰ অন্যতম সার্থক গল্প।
সেইদৰে এজনী কমবয়সীয়া বিবাহিতা নাৰীয়ে কেইগৰাকীমান বুঢ়ীৰ সতে মেলালৈ পোহাৰ কৰিবলৈ গৈ কম বয়সীয়া বিবাহিতা নাৰী হিচাপে বুঢ়ীকেইগৰাকীৰ পৰা শুনিব লগা হোৱা বিভিন্ন সামাজিক কথাৰে এটি সুন্দৰ গল্প বয়স।
এনেদৰে অসুৰ, এলান্ধু, গ্ৰহণ, অমৃত, মৈদাম, বর্ণবোধ, খনিকৰ, নির্বাণ — প্ৰতিটো গল্পৰ যোগেদি গল্পকাৰে বিভিন্ন চৰিত্ৰৰ মাজেৰে সমাজৰ বিভিন্ন সমস্যা, নিয়ম-নীতি তথা স্বার্থলোভী সমাজৰ এখন সুন্দৰ ছবিৰ প্ৰতিফলন ঘটাইছে। চৰিত্ৰবোৰৰ লগত পাঠক সমাজে নিজকে বিলীন কৰি দিব পাৰে। কোনো বাদৰ(ism) প্ৰভাৱ নেপেলোৱাকৈ গল্প সংকলনখনিৰ প্ৰতিটো গল্পতে জটিল চৰিত্ৰৰ পৰিৱর্তে সমাজৰ কিছুমান সৰু সৰু অথচ নিতৌ দেখা চৰিত্ৰ তুলি লৈ তাক সুন্দৰ ভাৱে গঢ় দিছে ড০ ভবেন্দ্ৰনাথ শইকীয়া ছাৰে।
নামাংকৰণৰ ফালৰ পৰা চাবলৈ গলে প্ৰতিটো গল্পৰ নামাকৰণ সফল হৈছে। গল্পকেইটাৰ কেন্দ্ৰস্থ ভাৱ তথা চৰিত্ৰ বিশ্লেষণৰ লগত গল্পকেইটাৰ নাম মিলি গৈছে। কবলৈ গলে ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ গদ্য প্ৰতিভাৰ এক উৎকৃষ্ট তথা সফল সমল গহ্বৰ।
(বিঃদ্ৰঃ ড০ ভবেন্দ্ৰনাথ শইকীয়াছাৰৰ দৰে ব্যক্তিৰ সৃষ্টিক সমালোচনা কৰাৰ সাহস তথা সামর্থ্য আমাৰ নাই। তথাপিতো তেখেতক শ্ৰদ্ধাৰে সুৱৰি এই নিঃকিনে এই দুঃসাহসকণ কৰিলো।)
0 মতামত:
Post a Comment