বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে,অৰুন্ধতী?
সেমেকা পোহৰে সোৱঁৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে,
অৰুন্ধতী ?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনো বাধা
মনত পৰেনে, অৰুন্ধতী!
দুবৰি বনত জোনাকীৰ মণি,
চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল !)
বৰফৰ দৰে চেচাঁ পৰশতো
সি যে কি শান্তি !
অৰুন্ধতী!
অৰুন্ধতী!
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীড়
বহুতো সপোন পাৰ হৈ অহা
কেচাঁ টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি
মনত পৰেনে, অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী!
RSS Feed
Twitter

1:15 am
হিমাংশু চহৰীয়া

Posted in
0 মতামত:
Post a Comment