Welcome


Thursday 5 September 2013

ড০ ভবেন্দ্ৰ নাথ শইকীয়া



নিজৰ মেধা তথা প্ৰজ্ঞা সাধনাৰ সফল প্ৰয়োগেৰে সাহিত্য জগতত নিজৰ নাম চিৰদিনলৈ উজলাই থৈ যোৱা বিখ্যাত অসমীয়া সাহিত্যিকসকলৰ ভিতৰত তেখেতৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ অব্যয়ী চিন্তাধাৰাৰে নিগৰা বিভিন্ন ভাৱৰ লেখাসমূহ সদায় সমাদৃত হৈ আহিছে।
গল্প, উপন্যাস, নাটক, বোলছবি, অধ্যাপনা, সাংবাদিকতা আদি আটাইবোৰ দিশতে অমূল্য অৱদান আগবঢ়াই থৈ যোৱা ড° শইকীয়া ছাৰৰ দৰে ব্যক্তি সমাজত আজিও বিৰল। তেখেতৰ লিখনিৰ মাজত বিচাৰি পোৱা গভীৰ মনস্তাত্বিক চিন্তাবোধ, বিশেষ সামাজিক চৰিত্ৰাংকন, সাধাৰণ নাগৰিকৰ দৈনন্দিন সুখ-দুখৰ এখন সফল ছবিয়ে সকলোকে তেওঁৰ লিখনিৰ প্ৰতি আকৃষ্ট কৰে। ১৯৩২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াই পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে বিতা ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে ‘পথ নিৰূপণ’ নামৰ গল্পৰ যোগেদি সাহিত্য জগতত প্ৰৱেশ কৰিছিল আৰু পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
ড° শইকীয়া মুখ্যতঃ গল্পকাৰ আছিল যদিও অসমীয়া শিশু সাহিত্য জগতখনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অৱদানসমূহ অনস্বীকার্য। শিশু সাহিত্যিক হিচাপে এক বিশেষ নাম থকা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘মৰমৰ দেউতা’, ‘তোমালোকৰ ভাল হওক’, ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট’, ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ আদি গ্ৰন্থ শিশু তথা চেমনীয়াসকলৰ মাজত বিশেষভাৱে সমাদৃত। তাৰোপৰি জনপ্ৰিয় শিশু আলোচনী ‘সঁফুৰা’ৰ প্ৰতিস্থাপক সম্পাদক হিচাপে তেখেতৰ অৱদান চিৰস্বীকার্য। অসমীয়া সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ এক অনুপম সৃষ্টি শিশু উপন্যাস ‘মৰমৰ দেউতা। ১৯৯২ চনত প্ৰথম প্ৰকাশ হোৱা এই গ্ৰন্থখনিৰ প্ৰকাশক আছিল সঁফুৰা সাহিত্য সদন, পাণবজাৰ। প্ৰথম অৱস্থাত ধাৰাবাহিকভাৱে মাহেকীয়া শিশু আলোচনী ‘সঁফুৰা’ত প্ৰকাশ পোৱা ‘মৰমৰ দেউতা’ শিশু উপন্যাসখনত এজন সৰু ল’ৰাৰ কথা বর্ণনা কৰা হৈছে। সেই ল’ৰাজনে হ’ল উপন্যাসখনিৰ মূখ্য চৰিত্ৰ বিপুল। এজন কমবয়সীয়া ল’ৰা বিপুল। ঘৰত পৰিয়াল বুলিবলে মাক-দেউতাক, এজনী ভনীয়েক আৰু বায়েক। দেউতাক কর্মসূত্ৰে ঘৰৰপৰা আঁতৰত থাকে। অতি উৎপতীয়া স্বভাৱৰ ল’ৰা বিপুল। ঘৰত কাৰো কথা শুনিবলৈ বাধ্য নহয় সি। তাক ভাল কৰিবলৈ বহুত চেষ্টা কৰিছে তাৰ পৰিয়ালটোৱে। পূজা পাতলৰ দোষ বুলি ভাবি নানান পূজা-পাতল আগবঢ়াইছে কিন্তু তথাপিতো ঠিক কৰিব পৰা নাই তাক। ঘৰখনৰ বাবে যেন এক অশান্তি হৈ পৰিছে বিপুল। মন গ’লেই ঘৰৰ পৰা ওলায় যায় আৰু মন গ’লেই সোমায়। তাৰ বাবে সময়ৰ কোনো ঠিক নাই। ঘৰখনৰ বাবে এক অশান্তি হৈ পৰিছিল বিপুল। আৱর্জনাযেন হৈ পৰিছিল বিপুল। এদিন দোকান এখনত লগৰ কেইজনমানৰ সৈতে চিগাৰেট বিচাৰি যায়। সৰু ল’ৰা বাবে দোকানীজনে চিগাৰেট দিবলৈ অস্বীকাৰ কৰে। কিন্তু বিপুলৰ লগৰ এজনে দোকানীজনক দম দি চিগাৰেট আনে। সেই ঘটনাৰ পিছদিন উদ্ধাৰ কৰা হয় কোনোবাই আক্ৰমণ কৰি পেলাই থোৱা বিপুলক। মেডিকেলত ভৰ্তি কৰোৱাৰ পিছত সুস্থ হৈ আকৌ উঠে বিপুল। এই ঘটনাৰ পিছতে বিপুলে উপলব্ধি কৰে যে সি আচলতে একো ভাল কাম কৰা নাই। সি উপলব্ধি কৰে সি কৰা বেয়া কামবোৰৰ কথা। তাৰ পিছত সেই উপলব্ধিৰেই পুনৰ সৎ পথলৈ ঘূৰি আহে বিপুল। এনেদৰে নিজৰ কার্য্যৰ জৰিয়তে আহৰণ কৰা উপলব্ধিৰেই পুনৰ সৎ পথলৈ উভতি অহা এজন ল’ৰাৰ কাহিনীৰে এখন উৎকৃষ্ট পঠনশীল শিশু উপন্যাস হ’ল ড° শইকীয়া ছাৰৰ অনুপম সৃষ্টি শিশু উপন্যাস ‘মৰমৰ দেউতা।’

বিঃদ্ৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে ব্যক্তিৰ সৃষ্টিক সমালোচনা কৰাৰ সাহস তথা সামৰ্থ্য আমাৰ নাই। তথাপিতো তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি এই অভাজনে দুঃসাহসকণ কৰিলোঁ।

0 মতামত:

Post a Comment