যোৱা ৰাতি অৰুপৰ টোপনি নাহিল । সি বিচনাখনত এবাৰ শোৱে, এবাৰ উঠে , তেনেকৈয়ে ৰাতিটো কটালে।আনকি সি ৰাতি ভাতো নাখালে । দুপৰীয়া নিমখেৰে ভাত এগৰাহ খাইছিল তেনেকৈয়ে ৰাতিটো লঘোণে থাকিল ।
অৰুপ কলিতা, মংগলদৈৰ ভিতৰুৱা গাওঁ এখনত অৰুপৰ ঘৰ । অতি দুখীয়া ঘৰৰ লৰা অৰুপ । মংগলদৈ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ বর্তমান গুৱাহাটীৰ কলেজ এখনত ৰাজনীতি বিজ্ঞানক মেজৰ বিষয় হিচাপে লৈ পঢ়ি আছে ।আজি অৰুপৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ শেষ দিন । কিন্তু তাৰ হাতত প্ৰপত্ৰ পূৰণৰ বাবে টকা নাই । সাধাৰণতে অৰুপে ঘৰৰ পৰা পইচা নানে। সি ভাৰা থকা মালিকৰ লৰা ছোৱালী দুটাক টিউচন কৰি পোৱাৰে টকাৰে সি চলে। কিন্তু এইমাহত মালিকে ৰুম ভাড়াৰ নামত কাটি পইচা খিনি নিদিলে । সি একো উৱাদিহ নোপোৱা হল । ঘৰত খবৰ দিলে হয়তো ঘৰৰ একমাত্ৰ খিৰতি গাইজনী বেচি নাইবা ঘৰৰ ভড়ালটো উদং কৰি তাৰ কাৰণে পইচা পঠিয়াব । কিন্তু তাৰ খবৰ দিব মন নগল । কেনেকৈনো ভায়েক ভনীয়েকৰ মৰমৰ গাইজনী বেচিব পাৰে। কেনেকৈনো দেউতাকে কপালৰ ঘাম মাটিত পেলাই খেতি কৰি পোৱা ধানকেইটা বেচি পৰিয়ালটোক লঘোণে ৰাখিব পাৰে। এনেবোৰ কথা ভাৱি সি সিদ্ধান্ত ললে যে সি এইবাৰ পৰীক্ষা নিদিয়ে । অহাবাৰলৈ পইচা যোগাৰ হলে দিব । সি পৰীক্ষা নিদিয়াৰ সিদ্ধান্ত লৈ কলেজৰ প্ৰিন্চিপাললৈ এখন দর্শাস্ত লিখিলে । দর্শাস্তখন লিখোতে চকুপানীয়ে যে কাগজখন তিতাই পেলাইছিল সি গমেই পোৱা নাছিল ।
দর্শাস্তখন লিখি সি গাটো ধুই খালী পেটেৰেই কলেজলৈ বুলি ওলাল। সি অলপ দূৰ যাওঁতেই তাৰ পিছফালে কোনোবাই বাইকৰ হর্ণ মাৰি থকা শুনিলে। ঘুৰি চাই দেখে সিহঁতৰ লগত পঢ়া বিপ্লৱ। বিপ্লৱ অৰুপৰ লগত একেলগে পঢ়ে যদিও সি বিপ্লৱক ভাল নাপায় ।অৱশ্যে ভাল নোপোৱাৰ কোনো বিশেষ কাৰণ নাই। বিপ্লৱ লৰাজন ভাল নহয় বুলি কলেজৰ সকলোৱে জানে। বিপ্লৱে ক্লাছত চিখৰ, ৰজনীগন্ধা খাই সোমায়।অধ্যাপকৰ আগতে চিগাৰেট হুপে।মহিলা অধ্যাপকে ক্লাছ কৰিলে সুহুৰিয়াই থাকে। আনকি দুবাৰ সি সুৰাপান কৰিও ক্লাছত সোমাইছিল। কিন্তু টকা থকা ঘৰৰ লৰা বাবে তাৰ ওপৰত কোনো ব্যৱস্থা নললে ।চুলিৰ বেবেৰিবাং ভাজ। যদিও বিপ্লৱৰ লগত অৰুপৰ কোনো সামাজিক শত্ৰুতা নাই তথাপিতো তাৰ লগত সিমান মিলামিছা নাই ।কিন্তূ এবাৰ মেজৰৰ প্ৰথম পেপাৰৰ পৰীক্ষাত অৰুপে তাক সহায় কৰিছিল। যাৰ বাবে আজি সি চূড়ান্ত পৰীক্ষাত বহিব পাৰিব।
বিপ্লৱ পঢ়া শুনাত সিমান চোকা নহলেও সি কিন্তু ধুনীয়া গান গায়। কিন্তু আজি বিপ্লৱক দেখি অৰুপৰ বেলেগ ভাৱ হল । সি যেন পৰিবর্তন হৈছে । তাৰ চুলিৰ বেবেৰিবাং ভাজ নাই। মুখত চিখৰ, ৰজনীগন্ধা, চিখাৰেটৰ গোন্ধ নাই ।সি যেন একেবাৰে পৰিবৰ্তন হৈছে। অৰুপে তাৰ ফালে একেথৰে চাই থকা দেখি বিপ্লৱে সুধিলে,
: 'আচৰিত হৈছ ন'? চব বাদ দিলো । আজি মাৰ মূৰত ধৰি শপত খাইছো । আজিৰ পৰা তহঁতৰ দৰে লাইফ কটাম । কিমান আৰু সমাজৰ আগতে নিজকে শ্ৰেষ্ঠ কৰিবলৈ দাদাগিৰি কৰিম । আমাৰোতো তহঁতৰ দৰে হব মন যায় । মানে ভাল লৰা ।' কথাখিনি একেৰাহে কৈ সি মানী বেগৰ পৰা টকা তিনিহাজাৰ উলিয়াই অৰুপৰ হাতত দি কলে ,
:এইখিনি ল' আৰু চিধাই কলেজ গৈ ফর্ম ফিলাপ কৰ । মই গৈ আছো । এইবুলি কৈ সি মানীবেগটো পকেটত সোমাই পুনৰ কলে , তোৰ কথাটো কালি অপূর্বই কলে । পিছে পইচাখিনি চুৰ কৰি অনা নাই । কীবোর্ড এখন কিনিম বুলি বহুদিনৰ পৰাই সাঁচি ৰাখিছিলো । আজি তোক দি দিলো । একো নাই কীবোর্ড পিছত কিনিম। কিন্তু তোৰ দৰে এজন বন্ধুৰ শিক্ষাজীৱনৰ বহুমূলীয়া এবছৰ হয়তো কিনিব নোৱাৰিম।' কথাখিনি কৈয়েই বিপ্লৱে বাইক ষ্টার্ট দি গলেই । যাওতেই সি কৈ গল, 'আজি ৰাতি তোৰ ৰুমত গৈ আছো । পিছে বিয়েৰৰ বটল খালী কৰিব নহয়, পলিটিকেল চায়েন্সৰ নোট লিখিব ।'
অৰুপে হাতত পইচাখিনি লৈ সি যোৱাৰ ভেবা লাগি চাই ৰল ।সঁচাই বন্ধুত্ব এনেকুৱাহে হব লাগে ।
(সমাপ্ত)

RSS Feed
Twitter

10:21 pm
হিমাংশু চহৰীয়া
Posted in
0 মতামত:
Post a Comment