Welcome


Tuesday 9 April 2013

“বিশ্ব বিজয়ী নজোৱান
বিশ্ব বিজয়ী নজোৱান
শক্তিশালী ভাৰতৰ
সন্তান তুমি বিপ্লৱৰ॥”
সংগীত সূর্য ড০ ভূপেন হাজৰিকা দেৱৰ এই বিখ্যাত গীতটিৰ গীতিকাৰ তথা অসমৰ সুসন্তান জ্যোতিপ্ৰসাদ আগৰৱালা। বিভিন্ন দেশপ্ৰেমমূলক কবিতা তথা গীতেৰে অসমীয়াক জাগ্ৰত কৰা জোতিপ্ৰসাদ আছিল ৰাজস্হানৰ পৰা আহি হাড়ে- হিমজুৱে অসমীয়া হৈ পৰা নৱৰঙ্গ আগৰৱালা বংশৰ সন্তান। অসমৰ বিখ্যাত চাহ ব্যৱসায়ী পৰমানন্দ আগৰৱালাৰ পুত্ৰ জ্যোতিয়ে ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰিছিল। অসমীয়া ভাষা জননীক বিভিন্ন পাদ্ৰ অর্ঘৰে সেৱা জনোৱা জ্যোতিয়ে ডিব্ৰুগড়, তেজপুৰত কিছু স্কুলীয়া শিক্ষা গ্ৰহণ কৰি শিক্ষা সমাপ্তিৰ বাবে কলিকতালৈ গৈছিল, যদিও কলেজৰ অসুবিধাৰ বাবে পুনৰ অসমলৈ উভতি আহি প্ৰেছৰ কামত ধৰিছিল । কিন্তু সৰুৰে পৰা  সাহিত্য সংস্কৃতিৰ প্ৰতি বিশেষ ৰাপ থকা জোতিয়ে কিছুদিন পিছত বোলছবি সর্ম্পকীয় শিক্ষা গ্ৰহণৰ বাবে লণ্ডনত উপস্হিত হয় । ১৯৩০ চনত জ্যোতি বিদেশৰ পৰা উভতে, দেশত স্বাধীনতা আন্দোলন চলি থকাত তেওঁ তাত জপিয়াই পৰে আৰু কেইবাবাৰো কাৰাবাসো খাটে । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অসমীয়া সমাজ, সাহিত্য, তথা কলা সংস্কৃতিলৈ অৱদান আছিল অনন্য।
“লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলে ভয় নাই” আদি উক্তিৰে অসমীয়া ডেকা বন্ধুসকলক জগাই তুলিছিল । দেশ প্ৰেমত বুৰ গৈয়ে তেওঁ ৰচনা কৰিলে কনকলতা, অসমীয়া ডেকাৰ উক্তি, অসমীয়া ছোৱালীৰ উক্তি আদি জ্বলন্ত দেশপ্ৰেমমূলক কবিতা আৰু গীত । লগতে ৰচনা কৰিলে ‘কাৰেঙৰ লিগিৰী’, ‘শোণিত কুঁৱৰী’ৰ দৰে বিখ্যাত নাটক ।
ইয়াৰোপৰিও ১৯৩৫ চনত ‘জয়মতী’ বোলছবি নির্মাণেৰে প্ৰতিষ্ঠা কৰিলে অসমীয়া কথাছবি জগতৰ সুঁতি । সেই সময়তে জনমানসত প্ৰতিষ্ঠা কৰিলে প্ৰথম অসমীয়া অভিনেত্ৰী আইদেউ সন্দিকৈক । ইয়াৰ কিছু বছৰ পিছতে অসমৰ ৰাইজক উপহাৰ দিয়ে দ্বিতীয়খন অসমীয়া কথাছবি ‘ইন্দ্ৰমালতী’ ।

জ্যোতিপ্ৰসাদ আগৰৱালা হ’ল অসমীয়া সংগীতৰ জ্যোতি, নাটকৰ জ্যোতি, কলা সংস্কৃতিৰ জ্যোতি । ১৯৫১ চনত অতি কম বয়সতে অসমীয়াক কন্দুৱাই গুচি যোৱা জোতিপ্ৰসাদ আগৰৱালাই অসমৰ সংস্কৃতিৰ বৰ নামঘৰত সোণ-ৰূপৰ খুঁটি পুতি অসমীয়াৰ অনুভুতিক এডাল এনাজৰীৰে বান্ধি থৈ গ’ল ।

[মাহেকীয়া ই-আলোচনী অনুভৱ ডট্ অৰ্গ(www.anubhab.org)ৰ প্ৰথম সংখ্যাত প্ৰকাশিত]

0 মতামত:

Post a Comment