Welcome


Tuesday 9 April 2013

সাগৰ দেখিছা ? দেখা নাই কেতিয়াও ? ময়োদেখা নাই ,
শুনিছোঁ তথাপি ,
নীলিম সলিলৰাশিবাধাহীন উৰ্ম্মিমালা আছে দূৰ
দিগন্ত বিয়াপি |
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা , বেদনাৰে –
দেখা নাই তুমি ?
উঠিছে মৰিছে য ' ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
স্মৃতি – সীমা চুমি |
শুনা নাই ? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই ? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ
কোমল ইঙ্গিত ?
দেখিছাতো ৰামধেনু ? বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত ?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ!
মই জানো , তুমি কিটো জানা , হেৰামোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি , মই মই | তুমিতো নাজানা-হায় , কিয় বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা ? মিলনৰ
কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি ? হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয় ? তুমি নুবুজিবা সখি!
কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছেনামি ? থক হেৰা নেলাগে জ্বলাব চাকি ;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ।

0 মতামত:

Post a Comment