Welcome


Tuesday 18 June 2013

মহাশূন্যৰ মহা-আকাশত
মহা-নিস্তব্ধ মহা-আনন্দৰ
মহা-সৌন্দর্য্যত বহি আছো
তুমি অভিতাভ,
তুমি স্থাণু,
তুমি অচল।

অনন্ত কোটি ব্ৰহ্মাণ্ডই
তোমাক বিচাৰি
ঘূৰিছে পকিছে
নৃত্য ছন্দত
সদায় চঞ্চল।

তুমি অমিত-আভা
তুমি বিদ্যুৎপ্ৰভা
জ্যোতিৰ পুঞ্জ
--- স্বপ্ন নিকুঞ্জ,

গুঞ্জনহীন
অনুচ্চাৰিত
শব্দৰ ধ্বনি,
আহত নোহোৱাকৈ
বহি আছা তুমি
অৰুণ বৰুণ
হাঁহিৰ ৰেখাটি লৈ ।

তুমি অভিতাভ,
তুমি স্থাণু,
তুমি অচল।

0 মতামত:

Post a Comment