Welcome


Tuesday 10 September 2013

আইটেম গীত বা আইটেম ছং - বর্তমান সময়ত ছবিজগতৰ সৈতে জড়িত এক জনপ্ৰিয় শব্দএকে আষাৰে কবলৈ গলে আইটেম গীত ভাৰতীয় চিনেমাত ব্যৱহৃত এক সাংগীতিক প্ৰদর্শনবলীউড, টলীউডত এই শব্দ বহু আগৰ পৰাই জড়িতআইটেম গীত হ'ল ছবি এখনত ব্যৱহৃত এক সংগীত যাৰ সৈতে সৈতে ছবিখনৰ মূল কাহিনীৰ সৈতে কোনো সংযোগ নাথাকেপিছে ছবিখনৰ কাহিনীৰ স্বাস্থ্যত ইয়াৰ অৱদান নথকা বুলি কব নোৱাৰিএই আইটেম ছঙৰ নৃত্যশিল্পীগৰাকীৰ মূল কাহিনীৰ লগত কোনো সংযোগ নাথাকে যদিও অতি কম সংখ্যকতহে সংযোগ থকা দেখিবলৈ পোৱা যায়অতীতৰ ছবিবোৰত আইটেম ছঙৰ ব্যৱহাৰ আছিল যদিও বর্তমান বহুতো ছবি বজাৰ দৰ বৃদ্ধিত এই আইটেম ছঙসমূহে বিশেষ অৱদান আগবঢ়ায়এনেকি যে বহুটো ছবিত এনে আইটেম গীতৰ নায়িকাই তল পেলাই থৈ গৈছে ছবিৰ মূল নায়িকাক
  
অসমীয়া ছবিত আইটেম গীত

বলীউডৰ চিনেমাত আমি বহু আগৰ পৰাই আইটেম ছঙৰ ব্যৱহাৰ দেখি আহিছোকিন্তু যোৱা প্ৰায় এটা দশকৰো অধিক কালত নির্মাণ হোৱা বলীউডৰ প্ৰায় প্ৰতিখন ছবিতে আইটেম গীতৰ ব্যৱহাৰ দেখি আহিছোইয়াৰ লগে লগে পিছপৰি থকা কলীউড অথবা টলীউডকবলৈ বর্তমান সময়ত ছবি এখনৰ অন্যতম হিট র্ফমুলা হৈছে এই আইটেম গীতসমূহ

আইটেমৰ গীতৰ ক্ষেত্ৰত পিছে  বর্তমান পিছ পৰি থকা নাই অসমীয়া ছবিজগতোবলীউড, কলীউড, অথবা টলীউডৰ লগে লগে আগবাঢ়ি গৈছে আঠসত্তৰ বছৰ গৰকা অসমীয়া ছবিৰ আইটেম গীতোএই আইটেম গীতসমূহ যেন হৈ পৰিছে বলীউড, কলীউডৰ দৰে অসমীয়া ছবি জনপ্ৰিয় কৰাৰ হট ফৰ্মুলা

অৱশ্যে অসমীয়া ছবিৰ আইটেম গীত বৰ্তমান নিচেই চালুকীয়া অৱস্থাতে আছেঅসমীয়া ছবিত প্ৰথমটো আইটেম গীতৰ ব্যৱহাৰ কৰা হৈছিল বহু বিৰতিৰ অন্তত নির্মাণ কৰা জনপ্ৰিয় তথা অভিজ্ঞ পৰিচালক মুনীন বৰুৱাৰ চুপাৰহিট ছবি "ৰামধেনু"তপ্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনাত নির্মাণ হোৱা এই ছবিখন মুক্তি দিয়া হৈছিল ২০১১ চনতএই ছবিখনতে ব্যৱহাৰ কৰা হৈছিল অসমীয়া ছবিজগতৰ প্ৰথমটো আইটেম গীত 'ৰাতি নামে চহৰৰ বুকুলৈ......'মুম্বাই নিবাসী অসমীয়া সন্তান যতীন শর্মাৰ (মাইনা) সংগীত পৰিচালনাৰে নির্মাণ হোৱা এই ছবিখনৰ আইটেম গীতটিত কণ্ঠ নিগৰাইছিল অসমীয়া সংগীত প্ৰেমীৰ হার্ট থ্ৰ জুবিন গার্গ আৰু বলীউডৰ জনপ্ৰিয় গায়িকা সুনিধি চৌহানেগীতটিৰ কথা আছিল দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাৰএই গীতটিৰ নৃত্যাংশত দেখা গৈছিল জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকন, জুবিন গার্গ, জয়ন্ত দাস, যতীন বৰাকউল্লেখ্য যে এই ছবিখনৰ এই গীতটিয়ে মুনমী ফুকনক অসমৰ অভিনয় জগতত এক সুকীয়া স্থান লাভ কৰাত বিশেষ সহায় কৰিছিলএই আইটেম গীতটিও ৰামধেনু অসমীয়া ছবিৰ র্দুদিনৰ দিনটো ২৫ সপ্তাহৰো অধিক সময় ছবিগহত থাকি ছবিখন জনপ্ৰিয় হোৱাত বিশেষ সহায় কৰা বুলি বহু চলচিত্ৰ সমালোচকে কব খোজেঅৱশ্যে ছবিখনৰ কাহিনী, পৰিচালনা, অভিনয়, সংগীত আটাইখিনিয়ে উন্নতমানৰ আছিল

ৰামধেনু মুক্তিৰ কিছুদিন পিছতে ছবিগৃহলৈ আহে অন্য এখন অসমীয়া ছবি ''এ উইকেণ্ড" যত দর্শকে উপভোগ কৰিবলৈ পাইছিল 'পীৰিতি জাগিছে.......' শীর্ষক অসমীয়া আইটেম গীতটি যিটো আছিল অসমীয়া ছবিৰ দ্বিতীয়টো আইটেম গীতআর্গিছা চিনে প্ৰডাকচন নিবেদিত এই ছবিখনৰ প্ৰযোজনা আছি আছিল কর্মসুত্ৰে বর্তমান অষ্টেলিয়া নিবাসী অসম সন্তান ছাজ হকৰ আৰু পৰিচালনা কৰিছিল 'হিয়া দিয়া নিয়া', 'হলধৰ', 'ৰাগ- বিৰাগ'ৰ দৰে জনপ্ৰিয় ছবিৰ পৰিচালক দিগন্ত মজুমদাৰেছবিখনৰ আইটেম গীতটিত অভিনয় কৰিছিল সেই বর্ষৰ 'ডেন্স ইণ্ডিয়া ডেন্স'ৰ চূড়ান্ত প্ৰতিযোগী জয়া বিশ্বাস আৰু বিশ্বৰূপ মিশ্ৰইকিন্তু এই গানটোৰ লগতে ছবিখনেও দর্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰাত বিফল হয়

ইয়াৰ পৰৱর্তী সময়ত ২০১১ আৰু ২০১২ চনতো কেবাখনো অসমীয়া ছবি ছবিগৃহলৈ আহে কিন্তু কতো বর্তমানৰ ছবিৰ হিট মছলা আইটেম গীতৰ ব্যৱহাৰ দেখিবলৈ পোৱা নগ'

২০১৩চনৰ ১৯ এপ্ৰিলত ছবিগৃহলৈ আহে জনপ্ৰিয় অভিনেতা ৰবি শর্মাৰ কাহিনী, মৃণাল দাসৰ প্ৰযোজনা আৰু প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে নির্মাণ হোৱা একচনধর্মী ছবি ''ৰণাংগন"এই ছবিখনতে দর্শকে পুনৰবাৰ উপভোগ কৰিব পায় আন এটা অসমীয়া আইটেম গীতজনপ্ৰিয় অসমীয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অংশলোৱা এই আইটেম গীতটিত কণ্ঠদান কৰিছে ১৯৯৩ চনত 'সুৰৰ এনে জোনাক' এলবামৰ জৰিয়তে সংগীতজগতত খোজ পেলোৱা কল্পনা পাটোৱাৰীয়েহেমেন শর্মাই কৰিঅ'গ্ৰাফী এই আইটেম গীতটিৰ কথা, সুৰ আৰু সংগীতৰ দায়িত্বত আছিল নিপন চুটীয়াকিন্তু এই ছবিখনেও দর্শকৰ সঁহাৰি লাভ কৰাত বিফল হয়

আহিবলগীয়া অসমীয়া ছবিত আইটেম গীত

অতি সোনকালে দর্শকে উপভোগ কৰিবলৈ পাব এখন নতুন বিনোদনধৰ্মী অসমীয়া ছবিকাৰণ অতি শীঘ্ৰেই ছবিঘৰলৈ আহি আছে সিদ্ধার্থ টেলিফিল্মছ নিবেদিত এখন বিনোদন ধর্মী ছবি "মহাসমৰ"হীৰা গোহাঁইৰ প্ৰযোজনা আৰু খ্যাতনামা তথা অভিজ্ঞ চলচিত্ৰ পৰিচালক জনচ মহলীয়াৰ পৰিচালনাৰে নির্মাণ হোৱা এই ছবিখনতে দর্শকে আন এটা অসমীয়া আইটেম গীত উপভোগ কৰিবলৈ পাব বুলি জানিব পৰা গৈছেদীপক দে আৰু অভিজিৎ বর্মণে সুৰ কৰা 'লালমোহন ৰসগোল্লা........' শীর্ষক গীতটিত কণ্ঠ নিগৰাইছে সুকণ্ঠী গায়িকা ববিতা শর্মাইজিনী মহলীয়াই কৰিঅ'গ্ৰাফী কৰা এই গীতটিত নৃত্য কৰিছে ইউক্ৰেইনৰ নৃত্যাংগনা এৰিণা ক্ৰেভিটেএই গীতটিৰ চিত্ৰগ্ৰহণ কৰা হৈছে কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনতইতিমধ্যে এই গীতটিয়ে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে কিন্তু ছবিখন কিমান সফল হয় সেয়া সময়েহে কব

আনহাতে মুক্তিৰ বাবে সাজু কৰা হৈছে "ইউ আৰ নট মাই জুলি" নামৰ আন এখন অসমীয়া ছবি যত দর্শকে দেখিবলৈ পাব আন এটি অসমীয়া আইটেম গীতবঙালী আৰু অসমীয়া দুয়োটা ভাষাতে মুক্তি পাবলগীয়া এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বটাপ্ৰাপ্ত পৰিচালক এম মণিৰামেমানস ৰবীনৰ সংগীত পৰিচালনাৰে নির্মাণ হোৱা এই ছবিখনৰ আইটেম গীতটিৰ নৃত্যশিল্পী হিচাপে দেখা যাব বঙালী চিনেমাৰ তাৰকা পাৰিজাত চক্ৰৱর্তীকউল্লেখ্যে যে ছবিখনৰ কেৱল আইটেম গীতটিৰ বাবেই বাজেট নির্ধাৰণ কৰা হৈছে ১০ লাখ টকাযিটো সময়ত এখন অসমীয়া ছবিৰ নামত প্ৰযোজকে ২০ লাখৰ ওপৰত বাজেট নির্ধাৰণ নকৰে সেইটো সময়তে কেৱল এটা আইটেম গীতৰ নামতে ১০ লাখ খৰচ কৰাটো অতি চিন্তনীয় বিষয়তথাপিতো ছবিখনৰ লগতে আইটেম গীতটোক লৈ যথেষ্ট আশাবাদী প্ৰযোজক ভাস্কৰ শর্মাৰ লগতে কাৰ্যবাহী প্ৰযোজক সূচীব্ৰত কলিতাঅসমৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ পংকজ ইংতিয়ে কৰিঅ'গ্ৰাফী কৰা এই আইটেম গীতটিৰ চিত্ৰগ্ৰহণ জিমিত কৰা হৈছেকিন্তু বর্তমান সময়ত ১০ লাখটকীয়া আইটেম গীত থকা ছবিখন দর্শকে কেনেদৰে আদৰি লয় সেয়া সময়েহে কব



শেষত এক বিশ্লেষণ :

বর্তমান অসমীয়া ছবিৰ অতি দুর্দিন চলি আছেযদিও যোৱা দুটা বছৰত বহুতো অসমীয়া ছবি মুক্তি পাইছে আৰু বহুতো ছবি এতিয়া মুক্তিৰ পথতকিন্তু আঠসত্তৰ বছৰ গৰকা অসমীয়া ছবিৰ নির্মাণৰ এই ধাৰা অতি দুখজনকএতিয়া আহো আইটেম গীতৰ কথালৈ২০১১ চনত "ৰামধেনু"ৰ আইটেম গীতটিৰ লগতে ছবিখনেও যথেষ্ট সফলতা লাভ কৰিছিলশেহতীয়াভাৱে বহুতো ছবি নির্মাতাই অসমীয়া ছবিত এই আইটেম গীতৰ প্ৰয়োগ কৰিছেকিন্তু এই গীতে সফল কৰিব পাৰিছে জানো ছবিসমূহআমি লক্ষ্য কৰিলে দেখিম যে ৰামধেনুৰ বাহিৰে আইটেম গীত ব্যৱহৃত এখন ছবিয়েও দর্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰিব নোৱাৰিলেঅৱশ্যে "মহাসমৰ" আৰু "ইউ আৰ নট মাই জুলি" এতিয়াও মুক্তি পোৱা নাইকিন্তু এই ছবি দুখন কিমান সফল হব সেয়া সময়ে কবএতিয়া প্ৰশ্ন হয় ৰামধেনুৰ সফলতাৰ পিছত ছবি নির্মাতাসকলে ছবি জনপ্ৰিয় কৰিবলৈ আইটেম গীতসমূহক মাধ্যম হিচাপে লৈছে নেকি? কিন্তু ছবি নির্মাতাসকলে মনত ৰখা দৰকাৰ যে একমাত্ৰ আইটেম গীতটিয়ে ৰামধেনু ছবিখন সফল কৰা নাছিলছবিখনৰ পৰিচালনা, সংগীত অভিনয়, কাহিনী আদি সকলো উন্নত মানৰ আছিলনে আদাক দেখি উঠিল গা কেটুৰিয়ে বোলে মোকো খা হৈছে নেকি এই ছবি নির্মাতাসকলৰ? কিন্তু অসমীয়া ছবিৰ বর্তমানৰ পানীত হাঁহ নচৰা অৱস্থাৰ দিনত আইটেম গীতৰ চমকেৰে ছবি জনপ্ৰিয় কৰাৰ কথা চিন্তা কৰাৰ পৰিৱর্তে সুস্থ তথা উন্নতমানৰ কাহিনী, অভিনয়ৰেহে ছবি জনপ্ৰিয় কৰাৰ কথা চিন্তা কৰিব লাগে

বিঃদ্ৰঃ কাকো সমালোচনা কৰাৰ ইচ্ছা মোৰ নাইনিজৰ সীমিত জ্ঞানেৰেৰে আৰু কিছু তথ্যসহ লেখাটি যুগুত কৰিছো ধন্যবাদ

0 মতামত:

Post a Comment