Welcome


Tuesday, 9 April 2013

শূন্যতাৰ হাতৰপৰা সৰি পৰিল
দিনৰ হিৰণ্ময় হৃদয় পাত্ৰ
নিঃশব্দে সৰি পৰিল
আৰু বুৰ গল

বুৰবুৰণিত বিৰিঙি উঠিল
পাক্তৰ ৰক্তিম আধেয়
মর্মন্তুদ তাৰ উজ্জ্বলতা
মানুহয অন্তিম লালসাৰ
কি প্ৰজ্জ্বলন !

এতিয়া উলটিল প্ৰতিজন দর্শক
উক দিলে প্ৰত্যেকৰে একে বিষ
ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে
নামিল স্বয়ং শূন্যতা
নামিল হৃদয়ৰ শূন্যতা

0 মতামত:

Post a Comment