মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি
আজাৰৰ আন্ধাৰত তয়ে বেচ
বাই তোৰ কোন গাঁৱত ঘৰ
মৰেনে মানুহ তাত
ঢাপত ৰোৱনে আকণ গছ
পুখুৰীত জীয়াৱনে মাছ
মানুহটো বাৰু তোৰ
আহিলনে ঘূৰি
মাজৰাতি বেৰৰ জলঙাৰে
সোমায়নে নদী
বাই তোৰ আখলৰ লাওত খোলাত
সাঁচ দিন
উজাগৰ দুচকুৰে জ্বলাৱ
পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ
বাই তোৰ কোন গাঁৱত ঘৰ
পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত
আজাৰৰ আন্ধাৰত তয়ে বেচ
বাই তোৰ কোন গাঁৱত ঘৰ
মৰেনে মানুহ তাত
ঢাপত ৰোৱনে আকণ গছ
পুখুৰীত জীয়াৱনে মাছ
মানুহটো বাৰু তোৰ
আহিলনে ঘূৰি
মাজৰাতি বেৰৰ জলঙাৰে
সোমায়নে নদী
বাই তোৰ আখলৰ লাওত খোলাত
সাঁচ দিন
উজাগৰ দুচকুৰে জ্বলাৱ
পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ
বাই তোৰ কোন গাঁৱত ঘৰ
পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত
RSS Feed
Twitter

1:19 am
হিমাংশু চহৰীয়া
Posted in
0 মতামত:
Post a Comment