দুকাপ গৰম কফি, এহাল প্ৰেমিক প্ৰেমিকা, দীঘলীপুখুৰীৰ
পাৰ আৰু এটি সন্ধিয়া.... বেকগ্ৰাউণ্ডত পাপনৰ
কণ্ঠত 'নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা...'
(বা
বেলেগ এটা গান)...
লিখিব পাৰিলে এইটো এটা গল্পৰ বিষয়, পিছে লাগে অলপ সুক্ষ্মতাত্ত্বিক বিশ্লেষণ। লিখিব নোৱাৰিলেও কেতিয়াবা কল্পনা কৰি ভাল লাগে। ঠিক কল্পনা নহয়, চকুৰ আগত দেখা ঘটনা এটাকে এবাৰ ৰিভিউ কৰি চাওঁ। ভাল লাগে। আৰু দৃশ্যপটৰ নায়কৰ প্ৰেমিকা যদি নিজৰ হৃদয়ৰ আপোন হয়। তেতিয়া হয়তো গল্পটোৱে টার্ণ ল'ব। বা নলবও পাৰে। সেয়া গল্পকাৰৰ স্বাধীনতা। কিন্তু কাহিনীৰ নায়কে যদি ঘটনাটো নিত্য নৈম্যত্তিক ঘটনা হিচাপে লয় তেন্তে গল্প যাব পেৰেলেল লাইনত কিন্তু নায়কে যদি তাত অতীতৰ ঘটনা সাঙোৰে তেন্তে গল্পটো হৈ পৰিব এডাল কার্ভ। তাতেই আহি পৰিব টেনজেণ্ট। মুঠতে বহুত কথা। হয়তো কাহিনীৰ মেথমেটিক্সৰ পৰা আহি ফিজিক্সত সোমাই চিধাই ইডুকেচন হৈ একাউটেন্সিতো যাব পাৰে নাইবা ইডুকেচনলৈ নগৈ লজিক হৈ বিজনিজ ষ্টাডিচলৈও যাব পাৰে। মুঠতে বহুত কথা। কিন্তু বহুত কথাৰ মাজতো এটা কথা কিন্তু কমন, সেয়া — গল্পকাৰৰ স্বাধীনতা।অৱশ্যে সকলো ক্ষেত্ৰতেই গল্পকাৰৰেই যে স্বাধীনতা মানি চলি গল্পটোৱে আগবাঢ়ি যাব, সেয়া নহয়। কেতিয়াবা গল্পৰ প্লটকো কিছু স্বাধীনতা দিয়া প্ৰয়োজন। লগতে আছে পাঠকৰ স্বাধীনতা। গতিকে গল্পকাৰ আৰু পাঠক দুয়োৰে স্বাধীনতাক বিসর্জন দি এটা প্লট নির্বাচন কৰা যাওক। প্লটটো হওঁতে প্ৰেমৰেই কিন্তু প্ৰেমৰ লগতে জড়িত হৈ আছে জীৱন। এতিয়া কিছু পাঠকৰ মনলৈ আহো। যদিহে পাঠকজন অনিসন্ধিত্সু হয় তেন্তে তেওঁ নিশ্চয় বুজিছে যে ওপৰত উল্লিখিত প্ৰেমিক প্ৰেমিকাহালেই গল্পৰো নায়ক নায়িকা। কিন্তু ইয়াতো গল্পকাৰৰ স্বাধীনতাক অগ্ৰাধিকাৰ দি কও যে ওপৰোক্ত প্ৰেমিক প্ৰেমিকাহাল গল্পৰ নায়ক নায়িকা নহয় বৰং তেওঁলোকৰ প্ৰেমহে গল্পৰ প্ৰধান বিষয়বস্তু। এতিয়া আৰম্ভ কৰা যাওক গল্পৰ প্লটটো। আধুনিক চিন্তাধাৰাৰে উজ্জীৱিত এহাল যুৱক যুৱতী। অপ্ৰত্যাশিতভাৱেই এদিন দুয়োজনৰে দেখাদেখি হয়। এতিয়া প্ৰশ্ন হয় কেনেকৈ বা ক'ত দেখাদেখি হয়? এইটো প্ৰশ্নটোৰ উত্তৰ পাঠকে নিজৰ স্বাধীনতাৰে বিচাৰি ল'ব।এতিয়া গল্পটিৰ প্লটৰ বিৱৰণৰ বাবে তেওঁলোকৰ একোটিকৈ নাম দিয়া যাওক। ল'ৰাজন সুৰুয আৰু ছোৱালীজনী তৰা।দুয়োৰে ভাল সম্পর্ক ব্যতিক্ৰমী কবি আকাশৰ সৈতে। (কবিৰো ব্যতিক্ৰম? থাকিব পাৰে।) সূৰুয আকাশৰ কবিতাৰ প্ৰেৰণা, সাহস আৰু তৰা গভীৰ অনুৰাগী। আকাশৰ যোগেদিয়ে চিনাকী হয় সূৰুয আৰু তৰাৰ। প্ৰথমতে কথা বতৰা আৰু তাৰ পিছত ভাল বন্ধুত্ব। কিন্তু সুৰুয আৰু তৰাৰ এই বন্ধুত্বক সহজভাৱে মানি ল'ব নোৱাৰিলে আকাশে। কাৰণ সি ভালদৰেই জানে যে এই বন্ধুত্ব যিকোনো মুহুত্বতে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। সেয়ে সি মাথো সকিয়নি দিলে যাতে সিহঁতৰ এই বন্ধুত্ব বন্ধুত্বতেই সীমাবদ্ধ থাকে। কিন্তু নাথাকিল, আকাশৰ সন্দেহ সঠিক আছিল। নজনাকৈয়ে প্ৰেমত পৰি যায় সুৰুয আৰু তৰা। (আধুনিক যুগৰ যুৱক যুৱতী, প্ৰেমত নপৰাকৈ থাকিব পাৰে জানো?)সুৰুযেই প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তাক অতি সহজেই মানি লয় তৰাই।যৌৱনৰ প্ৰেমত হাবু ডুবু খায় দুয়ো। দুয়োৰে প্ৰেমত আন্তৰিকতা আছে, বুজাবুজি আছে। সুৰুয আৰু তৰাৰ প্ৰেমক লৈ কিন্তু সুখী হব নোৱাৰিলে আকাশ। ক্ৰমাত্ মানসিক ভাৱে দুয়োৰে পৰা আঁতৰিবৰ চেষ্টা কৰিলে আকাশ। কিন্তু তাৰ মাথো এটাই আশা — সিহঁত সুখী হওক।এতিয়া পাঠকে হয়তো প্ৰশ্ন তুলিব, আকাশে কিয় মানি লব পৰা নাছিল সূৰুয আৰু তৰাৰ প্ৰেমৰ সম্পর্কক? প্ৰশ্নৰ উত্তৰ গল্পকাৰ নাইবা পাঠক কাৰোৰে হাতত নাই। গল্পটিৰ গতিৰ সুবিধার্থে এই স্বাধীনতাকণ আকাশকে দিয়া যাওক। আকাশে আঁতৰিব চেষ্টা কৰিলে সুৰুয আৰু তৰাৰ জীৱনৰ পৰা। কিন্তু পাৰে জানো? নোৱাৰিলে। চেগাচোৰোকাকৈ আগবাঢ়ি গৈ থাকিল সিহঁতৰ ভালপোৱা। সিহঁত যেন পৃথিৱী আটাইতকৈ সুখী প্ৰেমিক প্ৰেমিকা। কিন্তু এয়া জানো সিহঁতৰ প্ৰথম প্ৰেম? নহয়। গল্পকাৰে হয় বুলি কলেও গল্পই নামানে। যৌৱনৰ পদূলি মুখতে দুয়োজনৰে প্ৰথম প্ৰেম আছিল জোন। (গল্পৰো যে কি সংযোগ, সুৰুযৰ প্ৰেমিকাৰ নামো জোন আৰু তৰা প্ৰেমিকৰ নামো জোন) কিন্তু কাৰোবাৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ বাবেই হয়তো সিহঁত ব্যর্থ হৈছিল প্ৰথম প্ৰেমত।আৰু জীৱনত দ্বিতীয়বাৰৰ বাবে প্ৰেমত পৰে সূৰুয আৰু তৰা।কিন্তু যৌৱনৰ প্ৰেম — এই মিলন, এই ভাঙোন। তৰা আৰু সুৰুযৰ প্ৰেমো বেছিদিন নাথাকিল। বিচ্চেদ ঘটিল দুয়োৰে অতি সোনকালেই। অজুহাত এটাই — সুৰুযে জোনক পাহৰিব নোৱাৰে। বর্তমান আন কাৰোবাৰ অর্ধাংগিনী জোনক সুৰুযে এতিয়াও পাব বিচাৰে। নিজৰ প্ৰথম প্ৰেমক পাহৰি সি তৰাক সুখী কৰিব নোৱাৰিলে। অতদিনৰ প্ৰেম ভালপোৱা, আন্তৰিকতা, বুজাবুজি, বিশ্বাস সকলো বিসর্জন দি সুৰুয আঁতৰি গল তৰাৰ জীৱনৰ পৰা। তৰাই বুজি নাপালে কথাবোৰ। হঠাতে কি হ'ল তাইৰ জীৱনত। যৌৱনৰ পদূলিমুখতে দুবাৰকৈ ব্যর্থ হল তৰা।এইখিনিতে গল্পৰ প্লটটিৰ অন্ত পৰিল কিন্তু এনেকৈ সামৰিব পাৰি জানো? গল্পটো যেন আধৰুৱা নহ'বনে?লগতে পাঠকেও অনেক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে। বা পাঠকে গল্পটোক অন্য দিশেও লৈ যাব পাৰে। কিন্তু পাঠকক জানো ইমানখিনি স্বাধীনতা দিব পাৰি?
উপসংহাৰ : তৰা এতিয়া ক্ৰমাত্ নিঃসংগ হৈ পৰিছে। আকাশেও কেতিয়াবা তাইৰ পৰা আতৰি যাব বিচাৰে, নোৱাৰে। সুৰুয আতৰি গ'ল আকাশৰ জীৱনৰ পৰাও। পাৰ হৈ যোৱা দিনৰ কথাবোৰ পাহৰিব খোজে আকাশে। এতিয়াও সি সুৰুয আৰু তৰা সুখী হোৱাটো বিচাৰে। সুৰুযে কি বিচাৰে? সি কিয় আঁতৰি গ'ল? কথাবোৰ মুকলি কৰি দিলে পাঠকলৈ দেখোন একোৱেই নাথাকে। এই দায়িত্ব পাঠকলৈ এৰিলো। নিজ নিজ মনোভাৱেৰে পাঠকে সেয়া বিচাৰি ল'ব। তৰাই এতিয়াও সুৰুযক পাব বিচাৰে, তাক এবাৰ চুই চাব বিচাৰে, তাৰ মাতটো শুনিব বিচাৰে। কিন্তু নোৱাৰে। তাই এতিয়া জোনাক ভালপায়, নিশা জোনাকৰ বুকুতে তাই বিচাৰি চায় সুৰুয, জোন, আকাশ সকলোকে নিজ নিজ স্থানত। অতীতৰ কথাবোৰ পাহৰিব খোজ, কিন্তু নোৱাৰে। ইমান সহজ নহয় প্ৰেমৰ দৰে স্বর্গীয় বস্তু পাহৰাটো। তাই জীৱনটোক এটি নতুন ৰূপ দিব বিচাৰে। বসন্তৰ কুহিপাতৰ দৰে তাইৰ জীৱনলৈও সুখ আহক। তৰাৰ জীৱনটো এতিয়া এটা নতুন গল্পৰ প্লট... যিটো গল্পত এই অদক্ষ গল্পকাৰৰো স্বাধীনতা নাই, আছে মাথো তৰাৰ... একমাত্ৰ তৰাৰ।

0 মতামত:
Post a Comment