Welcome


Saturday 15 March 2014



প্ৰাৰম্ভ :

''..... এনেকৈয়ে ভাঙেনে সপোন,
এনেকৈয়ে চিগেনে বান্ধোন,
কোনে কব মোক আজি
গোপনে কাষলে আহি
কোনে ক'ব বাৰু
কোন মোৰ আপোন?....'' —

মৃদু সুৰত বাজি থকা গীতটিৰ তালত তাল মিলাই বেলকনিৰ চকীখনত বহি দুলি থকা বহু সময় হ'কিমান সময় এনেদৰেই বহি আছে হয়তো অৰুণাভে নিজেই নাজানে আজিকালি প্ৰত্যেক নিশা প্ৰায় ১-২ বজালৈকে এনেদৰেই বহি থকাতো তাৰ প্ৰায় অভ্যাসত পৰিণত হৈছেকিহৰ কাৰণে এনেদৰেই বহি থাকে সি হয়তো নাজানেমাথো প্ৰত্যেক ৰাতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেনেদৰে বহি থাকেকেতিয়াবা সুৰাপান কৰে, কেতিয়াবা নকৰেবাহিৰৰ ফিৰফিৰীয়া বতাহজাকৰ সৈতে সুৰ মিলাই নিঃস্তব্ধ মহানগৰীৰৰ ষ্ট্ৰীট লাইটৰ পোহৰৰ পৰা সৃষ্টি হোৱা ৰশ্মিবোৰৰ সৈতে নিজকে হেৰুৱাই পেলোৱাটো তাৰ প্ৰায় নিচা হৈ পৰিছেএই সময়ত কোনো সাৰে নাথাকে নয়নাও কেতিয়াবাই শোৱেঅইনদিনা হ'লে এইখিনি সময়ত তাৰ সপোনৰ আত চিঙিবলৈ তাইৰ লানি নিচিগিলহেঁতেন কিন্তু কেতিয়াবা তাক আমনি কৰিবলৈ তাইৰো আমনি লাগে

অগতানুগতিক এই জীৱন:

জীৱনটোত জীয়াই থাকিবলৈও এটি অজুহাত লাগেকিন্তু কিহৰ অজুহাতত অৰুণাভ জীয়াই আছে? টকা পইচাৰে চহকী হৈ, অশেষ মান সন্মান লৈ জীয়াই থকাটোৱেই কেতিয়াও জীৱন হ'ব নোৱাৰেজীৱনটোত জীয়াই থাকিবলৈ বহু কিবাকিবি লাগে প্ৰেম-ভালপোৱা, ঘৰ-সংসাৰ, পৰিয়াল আদি সকলো লাগে জীৱনটোতকিন্তু কি আছে অৰুণাভৰ? টকা পইচা, সম্পত্তিৰ অভাৱ পূৰণে হয়তো মানুহক নিঃসংগ কৰি তোলেতাৰ এই অগতানুতিক জীৱনটোৱেও মাজে মাজে বিশ্বাস কৰিবলৈ বাধ্য কৰে

অন্য এক জীৱন :

হাড়ভঙা দুখীয়া পৰিয়ালটোক সকাহ দিবৰ বাবেই এদিন সাংবাদিকতাক বৃত্তি হিচাপে লৈছিল অৰুণাভেতাৰ পিছত প্ৰফেচনেল ফটোগ্ৰাফাৰ আৰু তাৰ পিছত বহু কিবাকিবি জীৱন সদায় একেদৰেই নাযায়, এই হাঁহি, এই কান্দোনএদিন সুখ আহিছিল অৰণাভৰ জীৱনলৈ, পৰিয়াললৈজীৱনটো চকু টোকোতে শেষ হোৱা অৰুণাভৰ মাক দেউতাকে হাঁহিবলৈ লৈছিল ভায়কে চহৰৰ কলেজত পঢ়িবলৈ আহিছিলজীৱনটো সুখৰ হৈ পৰিছিল কিন্তু জীৱন যে বৰ অনুপম

অজানিতেই লগ পাইছিল নয়নাকনয়না বৰুৱা বিস্ফোৰণত সকলো মাক দেউতাকক হেৰুৱাই দিশহাৰা হোৱা এজনী ছোৱালীনয়নাক নিজৰ ঘৰলৈ লৈ আহিছিল মানৱতাৰ খাতিৰততেতিয়াই বান্ধোন ছিগিছিল তাৰ ঘৰখনৰ সৈতে
: এজনী অচিনাকী ছোৱালীক এনেকে ঘৰত আশ্ৰয় দিয়াৰ সাহস তোক কোনে দিলে? সমাজে কি ক'? — দেউতাকৰ প্ৰশ্নটোত সি মাথো নিৰুত্তৰ হৈ আছিলঘৰৰ পৰা গুচি আহিছিল নয়নাৰ সৈতে
: মোক মৰি যাবলে দিয়ামোৰ দৰে বেপেৰুৱা ছোৱালী এজনী জীয়াই থাকি কোনো লাভ নাই
: ..... অৰুণাভে মাথো চুপ হৈ আছিল
: মোৰ কাৰণে নিজৰ জীৱনটো কিয় ধ্বংস কৰিছা? — নয়নাৰ প্ৰশ্নটোৰ উত্তৰ তাৰ ওচৰতো নাছিলসঁচাকৈয়ে তাৰ জীৱনটো ধ্বংস হৈ গৈছিল নেকি? আগতেও একো নাছিল, এতিয়াও নাইকি এই জীৱন!

ঠিক তেতিয়াৰ পৰাই একেলগে আছে নয়না আৰু অৰুণাভ এক নামবিহীন সম্পর্কৰে

বিয়া পতাৰ বয়স হৈছে তাৰ সি জানে কিন্তু নোৱাৰেসি বিয়া পাতিলে নয়নাৰ কি '? হেৰাই যাব নেকি তাইৰ হাঁহিবোৰ? সি বাৰু তাৰ লগতে তাইৰো জীৱনটো ধ্বংস কৰিছে নেকি? — এনেবোৰ প্ৰশ্নই তাক মাজে মাজে বিব্ৰত কৰেপ্ৰশ্নবোৰৰ উত্তৰ বিচাৰে খোজে নিজৰ মাজত, নয়নাৰ মাজতকিন্তু একো নাপায়

সি কাষৰ টেবুলত থকা হাতঘড়ীটোলৈ চালে নিশা দুই বাজিছেনিজৰ মনটোক বল দি অৰুণাভ চকীৰ পৰা উঠিলসি সকলো কথা নয়নাক খুলি ক'সিহঁতৰ নামবিহীন সম্পর্কটোক সি এটা নাম দিবঅৰুণাভে নয়নাৰ কোঠালীলৈ আগবাঢ়িব খুজিও থমকি ৰ'
: নয়নাতো এতিয়া টোপনি গৈছেতায়ো হয়তো এইমূহুত্বত কাৰোবাৰ সপোন দেখিছেসি নিজকে কোৱাদি ক'লে

কিন্তু ইমান ৰাতিখন নয়নাক এনেবোৰ কথা সি ক'ব নোৱাৰেতাৰ নিজকে স্বার্থপৰ যেন লাগিলএকো নকয় সি নয়নাকএনেদৰেই জীয়াই থাকিব নামবিহীন সম্পর্কৰে সি আকৌ বেলকনীলৈ ঘুৰি আহিলবেলকনীত এতিয়াও মৃদু সুৰত বাজি আছে
''এনেকৈয়ে ভাঙেনে সপোন,
এনেকৈয়ে চিগেনে বান্ধোন,
কোনে কব মোক আজি
গোপনে কাষলে আহি
কোনে ক'ব বাৰু
কোন মোৰ আপোন? —
হয়তো এনেকৈয়ে ভাঙে সপোনবোৰ

0 মতামত:

Post a Comment