বিষাদবোৰে সপোনৰ
ৰুপ লৈ ধৰা দিছে
তোমাৰ স্বপ্নভৰা দুচকুত
।
আশাবোৰে উশাহৰ
সতে মিলি বিলীন
হব খুজিছে
মোৰ নষ্ট হৃদয়ত।
(২)
তোমাৰ দুচকুৰ নীলিমাত
বুৰ যাও মই,
প্ৰতিটো নিশাতে
এটি সপোনৰ প্ৰতীক্ষাত।
বেদনাসিক্ত হিয়াত
তুমি উজলি থাকা
সপোনৰ জিলমিল
তৰা এটি হৈ ।
RSS Feed
Twitter

9:19 pm
হিমাংশু চহৰীয়া
Posted in
0 মতামত:
Post a Comment