Welcome


Friday, 28 June 2013



উকা হৈ পৰি ৰয়
আইৰ চেনেহৰ তাঁতৰ শাল,
হাতৰ মাকোৱে বুকুত খোচে,
পচি যায় গৰকাও,
ফটা আচলেৰেই মচো
বিহুৱা ভিজা দেহা ।

উদং আজি জেঠৰ পথাৰ,
নিৰস হৈ পৰি ৰয় কঠিয়াতলীও;
উদং হৈয়ে ৰয়
উখহি যোৱা ভড়াল।

উকা চোতালত ওলমি ৰয়
দ পথাৰৰ তৰাটি,
ঘুর্মুটিয়াই চাব খোজো,
আইৰ উখহি যোৱা
হাতনি পেৰাত সাচিবলে।

কলাক্ষাৰ ঘহা আইৰ চুলিটাৰি
বৰষুণত তিতি আৰু নিমজ হয়।
শাওনে বাহৰ পাতে বুকুত,
পদুলিৰ বকুলজুপিও
শুকাই গ'ল,
হয়তো হেৰোৱা অতীতক বিচাৰি।

২৪.০৬.২০১৩

0 মতামত:

Post a Comment