সমগ্ৰ দিনটোৰ ব্যস্ততাৰ অন্তত বাহিৰলৈ ওলাই আহিলো। এখন নতুন ছবিৰ ৰেকর্ডিঙৰ কামত দিনটো ব্যস্ত থাকি যদিও ভাগৰুৱা অনুভৱ কৰিছিলো কিন্তু বাহিৰলৈ ওলাই অহাৰ পিছত মনটো ভাল লাগি গ'ল। বাহিৰত এজাক দোপাল পিটা বৰষুণ। বহু দিনৰ পিছত মায়ানগৰী মুম্বাইৰ বুকুলৈ এজাক বৰষুণ নামিছে। ভাল লাগি গ'ল মনটো ফাগুনৰ বৰষুণজাকৰ টোপালকেইটাৰ স্পর্শ অনুভৱ কৰি। অৱশ্যে এটা সময় আছিল যেতিয়া বৰষুণ আৰু মোৰ মাজত এটি অহি নকুল সম্পর্ক আছিল। হয়তো সময়ে বাধ্য কৰাইছিল। সৰুতে বৰষুণ দিলে ৰাস্তাত পৰিম বুলি ভয় খাইছিলো। হাইস্কুলত থাকোতে বৰষুণত কিতাপ বহী ভিজে বুলি ভয় খাইছিলো। কলেজ পোৱাৰ পিছত বৰষুণৰ লগত সম্পর্ক বেছি বেয়া হৈছিল। কাৰণ মহানগৰীৰ বৰষুণ বুলিয়ে মোৰ দৰে ভাড়াঘৰত থকা ল'ৰাৰ অৱস্থা তথৈবচ হৈছিল।
শেষবাৰৰ কাৰণে শ্ৰুতিক লগ কৰিব অহাৰ দিনাও দোপাল পিটা বৰষুণ দিছিল। বৰষুণক নেওচিও তাই মই দিয়া সময়তে আহি উপস্থিত হৈছিল। কাৰণ সময়ক লৈ তাই খুব দায়িত্বশীল আছিল অন্ততঃ মোৰ লগত। কিন্তু কলেজৰ ক্লাছৰ বাবে মই প্ৰায় এঘণ্টা পলমকৈ তাইৰ কাষ পাইছিলো। তাই একো কোৱা নাছিল। আচলতে তাই নীৰৱতাৰ মাজেৰেই বহু কথা কোৱাৰ চেষ্টা কৰিছিল। শ্ৰুতি দিল্লী যোৱাৰ সিন্ধান্তটো চূড়ান্ত কৰিছিল। প্ৰস্তাৱটো ময়েই দিছিলো তাইক। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাণী বিজ্ঞান বিভাগত অধ্যয়ন কৰাৰ প্ৰস্তাৱ। তাই ডাক্টৰ হ'ব বিচাৰিছিল, কিন্তু মই বিচাৰিছিলো তাই অধ্যাপক হোৱাটো। মোৰ প্ৰস্তাৱটি একেষাৰতে মানি লৈছিল তাই কাৰণ সৰুতে মাতৃহাৰা হোৱা শ্ৰুতিয়ে দেউতাকৰ পিছতে বিশ্বাস কৰা মানুহজন আছিলো মই। সেয়ে হয়তো সদায় তাইৰ ভাল হোৱাটোৱেই বিচাৰিছিলো। সৰুৰে পৰাই একেলগে ডাঙৰ হৈছো, গাঁৱৰ ধুলি বালি গচকি। জীৱনৰ প্ৰতিটো খোজতে তাইক সাহস দিয়াৰ চেষ্টা কৰিছিলো। তাই দিল্লীলৈ নগৈ গুৱাহাটীতে পঢ়াৰ মন কৰিছিল কিন্তু মই বিচৰা নাছিলো। অৱশেষত তায়ো দেউতাকৰ সৈতে আলোচনা কৰি তাই দিল্লীলৈ যোৱাটো খাটাং কৰিছিল। চকুৰ আঁতৰ হলে হেনো মনৰো আঁতৰ হয় — কথাষাৰ তাই খুব বিশ্বাস কৰিছিল কিন্তু মই কৰা নাছিলো। সেয়ে তাই মোৰ পৰা আতৰ হ'ব বিচৰা নাছিল। নির্ধাৰিত দিনমতেই তাই দিল্লীলৈ গুচি গৈছিল। খুব বৰষুণ নামিছিল সিদিনা। বৰষুণৰ সমানে চকুপানী নিগৰিছিল মোৰ। গাৰুত মুৰ গুজি এন্ধাৰতে হেঁপাহ পলুৱাই কান্দিছিলো। কিয় কান্দিছিলো নাজানো। শ্ৰুতি গুচি যোৱাৰ দুখত? হয়তো নহয়, কাৰণ মোৰ সিদ্ধান্তমতেই তাই গৈছিল। তাই দিল্লীলৈ যোৱাৰ কিছুদিন পিছৰ পৰাই আমাৰ যোগাযোগ প্ৰায় স্তিমিত হৈ পৰিছিল। বহুদিনৰ মূৰত ফোন কৰিলেও তাই মোক এৰাই চলিছিল... ব্যস্ততাৰ অজুহাতত। আচলতে মহানগৰীৰ জীৱনবোৰ বৰ জটিল। হয়তো পৰিৱেশেই বাধ্য কৰাই জটিল হবলে। তায়ো হয়তো অভ্যস্ত হৈ পৰিছিল সেই জটিলতাৰ মাজত। প্ৰায় ছমাহ মান পিছত তাই ফেচবুকত এখন ফটো পঠিয়াইছিল। ল'ৰা এজনৰ লগত একেলগে কোনোবা দামী ৰেষ্টুৰেণ্টত উঠা ফটো। লগত এটি সৰুকৈ মেছেজ— 'ই মোৰ লগত ৰাহুল। যোৰহাটৰ ল'ৰা। দুয়োটা একেই চেমিষ্টাৰ। খুব ভাল পাওঁ দুয়ো দুয়োকে। তই কথা পাতিবিচোন। ভাল পাবি।' মই কোনো উত্তৰ দিব পৰা নাছিলো। আকৌ এবাৰ উচুপিছিলো তাইক কোনোদিনে মনৰ কথা বুজাব নোৱৰাৰ দুখত। তেতিয়াৰ পৰাই আমাৰ মাজৰ যোগাযোগ প্ৰায় নাইকিয়া হৈছিল। বহুদিনৰ মূৰত ঘৰলৈ যাওতে গম পাইছিলো, তাই হেনো দেউতাকৰ লগতো যোগাযোগ প্ৰায় বন্ধ কৰিছিল। দেউতাকৰ আগত নিজকে অপৰাধী যেন লাগিছিল কাৰণ তাইক দিল্লীলৈ পঠোৱাত বেছিকৈ জোৰ দিছিলো মই। খুব দুখ পাইছিলো আকৌ এবাৰ। কিয়নো দেউতাৰ মুখ নেদেখা মোৰ দৰে ল'ৰা এজনক তেওঁ কোনোদিনে দেউতাৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল। সকলো ক্ষেত্ৰত মোৰ সাহস আছিল তেওঁ। স্নাতকৰ চূড়ান্ত পৰীক্ষালৈ কিছুদিন থাকোতে মায়ো মোক এৰি গুছি গৈছিল। চিৰ দিনৰ বাবে। এইবাৰ বাধাহীনভাৱে ভাগি পৰিছিলো মই। একেবাৰে অকলশৰীয়া হৈ পৰিছিলো মই। চূড়ান্ত পৰীক্ষা নিদিয়াৰ সিদ্ধান্ত লৈছিলো যদিও একমাত্ৰ শ্ৰুতিৰ দেউতাকৰ সাহসতে পৰীক্ষা দিছিলো। পৰীক্ষাৰ ফলাফল ভালো হৈছিল। শ্ৰুতি দিল্লীলৈ যোৱাৰ প্ৰায় এবছৰ পিছত ময়ো গুছি আহিছিলো বাংগালোৰলৈ চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবলৈ। যিটো সময়ত শ্ৰুতিক 'অনুৰাগ কোন?' বুলি সুধিলে কিছুপৰ ভাবিহে উত্তৰ দিব পাৰিব।
বাংগালোৰলৈ পঢ়িবলৈ অহাৰ সম্পূর্ণ খৰচ বহন কৰিছিল শ্ৰুতিৰ দেউতাকে। তেওঁ মই স্নাতকোত্তৰত নামভর্ত্তি কৰাটো বিচাৰিছিল যদিও সংগীত আৰু চিনেমাৰ প্ৰতি থকা হেঁপাহে মোক চাউণ্ড ইঞ্জিনিয়াৰ পঢ়িবলৈ বাধ্য কৰাইছিল। দেশৰ এখন আগশাৰীৰ ফিল্ম ইনষ্টিটিউটত দুবছৰীয়া এটি কর্ছত পঢ়াৰ সুবিধা পাইছিলো। বাংগালোৰলৈ অহাৰ পিছতো বহুবাৰ শ্ৰুতিক যোগাযোগ কৰাৰ চেষ্টা কৰিছিলো যদিও বাৰে বাৰে মই ব্যর্থ হৈছিলো। দুবাৰমান তাইক দিল্লীলৈ বিচাৰি গৈছিলো যদিও তাই এবাৰো মোক লগ নকৰিলে... ব্যস্ততাৰ অজুহাতত... ক্লাছ থকাৰ অজুহাতত। বাংগালোৰলৈ অহাৰ কেইমাহমান পিছৰ পৰাই শ্ৰুতিৰ দেউতাকে মোলৈ পইচা পঠোৱাটো বন্ধ কৰিছিল। ফোন কৰিলেও বিভিন্ন অজুহাত দেখুৱাইছিল। অৱশ্যে ই মোক বিশেষ প্ৰভাৱ পেলোৱা নাছিল কিয়নো মই পঢ়িছিলো এখন চৰকাৰী ফিল্ম ইনষ্টিটিউটত বিনামূলীয়াকৈ। প্ৰয়োজন হৈছিল মাথো খোৱা বোৱা আৰু কিছু হাত খৰচৰ যিখিনি উপার্জন কৰাটো এখন স্নাতক ডিগ্ৰীধাৰী ছাত্ৰৰ বাবে বিশেষ কষ্টৰ কথা নাছিল। প্ৰথম বর্ষৰ পৰীক্ষাৰ অন্তত ঘৰলৈ ঘুৰি গৈ কথাবোৰ বুজাত মোৰ বাবে অতি কঠিন হৈ পৰিছিল। শ্ৰুতিহঁতৰ ঘৰত ওলমি আছিল এটি প্ৰকাণ্ড তলা। আচৰিত হৈছিলো মই। গাৱৰ মানুহৰ পৰা গম পাইছিলো মই যোৱাৰ ছমাহ পিছতে শ্ৰুতি আহি দেউতাকক লৈ গৈছিল দিল্লীলৈ... চিৰদিনলৈ গাৱৰ পৰা। ঘৰটোও হেনো বিক্ৰীৰ ব্যৱস্থা কৰিছিল। কথাবোৰ মোৰ বাবে সাথৰ হৈ পৰিছিল... হৈ যোৱা ঘটনাবোৰৰ জটিলতা ভঙাত ব্যর্থ হৈছিলো। বৰ অকলশৰীয়া হৈ পৰিছিলো। গুচি আহিছিলো গাৱৰ পৰা। কিহৰ বাবে শ্ৰুতিয়ে মোক অবিশ্বাসৰ দৃষ্টিৰে চালে নুবুজিলো। ইতিমধ্যে তাই পুৰণি নম্বৰবোৰ সলনি কৰিছিল যাৰ বাবে তাইক যোগাযোগ কৰিব খুজিও নোৱাৰিলো।
বাংগালোৰলৈ অহাৰ দিনটোৰ ক্লাছৰ শেষত বাছৰ বাবে ৰৈ আছিলো। ৰাতিপুৱাৰে পৰা দি থকা বৰষুণৰ বাবে বাছৰ সংখ্যা কমি আহিছিল। সন্ধিয়া হৈ অহাত অট' এখন লৈ যোৱাটোৱে ঠিক কৰি হাত মেলিছিলো অট'ৰ বাবে। একেলগে হাত মেলিছিল মোৰ ওচৰতে ৰৈ থকা ছোৱালীজনীয়ে। কিন্তু অট'খন ৰোৱাৰ লগে লগে মইহে আগতে উঠিছিলো। 'ছেহ! ক'ৰ পৰা যে ওলাই আহে নহয় এইবোৰ।' সৰুকৈ ক'লেও কথাষাৰ মই ভালদৰেই শুনিছিলো। ছোৱালীজনীৰ মুখত অসমীয়া মাতষাৰ শুনি ভাল লাগিছিল মোৰ। লগে লগেই প্ৰস্তাৱ দিছিলো তাইলৈ, 'ইয়াতে আহক আপুনি। একেলগে যাব পাৰিম।' সেইদিনা তেনেদৰেই চিনাকী হৈছিলো স্বপ্নালীৰ সৈতে। মই পঢ়া ইনষ্টিটিউট খনতে পঢ়ে যদিও আগতে কোনোদিনে চিনাকী নাছিল। তাইৰ কর্ছ চিনেমেটোগ্ৰাফী। মংগলদৈৰ ছোৱালী স্বপ্নালী ভূঞা। একেষাৰতে বহু কথাই ক'ব পৰা এজনী সহজ সৰল ছোৱালী। প্ৰথম চিনাকী হোৱাৰ দিনাৰ পৰাই আগবাঢ়িছিল আমাৰ বন্ধুত্ব। মাক দেউতাক, বায়েক আৰু তাইৰে এটি সুখী পৰিয়াল সিহঁতৰ। বায়েক মংগলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা। বয়সতকৈ বেছি উন্মনা আছিল তাই। জীৱনটোক নিজৰ ধৰণে চাব বিচাৰিছিল তাই। জীৱনটোক উপভোগ কৰিব বিচাৰিছিল তাই। জীৱনটোক নিজৰ অধীনত ৰাখিব বিচাৰিছিল তাই। সেয়ে হয়তো সুখী হ'ব পাৰিছিল নিজৰ ধৰণেৰে। স্বপ্নালীক লগ পোৱাৰ পৰাই মই আগৰ কথা পাহৰিবৰ চেষ্টা কৰিছিলো। হয়তো তায়েই বাধ্য কৰাইছিল। তাইৰ পজিটিভ কথাবোৰৰ বাবেই হয়তোবা তাইৰ প্ৰেমত পৰিছিলো কিন্তু ক'ব পৰা নাছিলো। তাই বুজিছিল। এদিন কথাৰ মাজতে কৈ পেলাইছিল, 'প্ৰেম আৰু বন্ধুত্ব দুটি বিপৰীতমুখী সম্পর্ক। প্ৰেমৰ সম্পর্কবোৰ ক্ষন্তেকীয়া কিন্তু বন্ধুত্বৰ সম্পর্ক চিৰস্থায়ী হয়। দুয়োটা সম্পর্কতে ভাঙোন আহে, প্ৰেমৰ ভাঙোন চিৰস্থায়ী কিন্তু বন্ধুত্বৰ ভাঙোন ক্ষন্তেকীয়া।' ভাল বন্ধুত্ব গঢ়িছিলো তাইৰ সৈতে। প্ৰতিটো কথাই ভাগ বতৰা কৰিব পৰা এজনী ভাল বান্ধৱী হৈ পৰিছিল তাই। আমাৰ চূড়ান্ত পৰীক্ষালে কেইদিনমানহে বাকী থাকোতেই স্বপ্নালী বিশেষ প্ৰেক্টিকেল ক্লাছৰ বাবে লণ্ডনলৈ যোৱাৰ সুযোগ পাইছিল। দহদিনৰ এটা ট্ৰিপ। স্বপ্নালী উভতি আহিবৰ দিনাই ৰাতিপুৱা তাইৰ বান্ধৱী উর্মিৰ পৰাই পাইছিলো সেই অনাকাংক্ষিত খবৰটো- 'স্বপ্নালী ইজ ন' ম'ৰ!' তাই অহা প্লেনখন র্দূঘটনাত পতিত হৈ হেৰাই গৈছিল স্বপ্নালী। মাক হেৰুৱাতকৈও বেছি দুখ পাইছিলো মই। বুজিব পৰা নাছিলো জীৱনটোৱে মোৰ পৰা কি বিচাৰে। প্ৰেম, বন্ধুত্ব সকলো হেৰুৱাই নিঠৰুৱা হৈ পৰিছিলো মই। ফাইনেল পৰীক্ষাৰ ৰিজাল্টৰ পিছতেই মুম্বাইলৈ উৰা মাৰিছিলো জীৱিকাৰ সন্ধানত আৰু এতিয়া মই এজন মুম্বাইত প্ৰতিষ্ঠিত চাউণ্ড ইঞ্জিনিয়ায়। টকা-পইচা একোৰে অভাৱ নাই মোৰ জীৱনত। গাঁৱৰ ভেটিটোত মা-দেউতাৰ নামত এখন স্কুল খুলিছো... দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে। লগত এখন বৃদ্ধাশ্ৰম। এতিয়া নিজৰ ধৰণেৰে জীৱনটো উপভোগ কৰিছো। সকলো আছে মোৰ এতিয়া... নাই মাথো শ্ৰুতি, স্বপ্নালীৰ দৰে বান্ধৱী, শ্ৰুতিৰ দেউতাকৰ দৰে সাহস দিব পৰা ব্যক্তি। প্ৰতিদিনে এটি প্ৰশ্নই মোক বিব্ৰত কৰে, 'সুখীনে মই এতিয়া?' নাজানো। আজিও ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে। এতিয়া অৱশ্যে বৰষুণৰ লগত মোৰ অহি নকুল সম্পর্ক নাই। ভাল পাও এতিয়া বৰষুণজাকক... চুই চাব বিচাৰো উশাহৰ পৰা নিশাহলৈ... নিজৰ ধৰণেৰে। এতিয়া মোৰ একমাত্ৰ প্ৰেম বৰষুণ... মাথো বৰষুণ। (সমাপ্ত)
0 মতামত:
Post a Comment