Welcome


Thursday, 9 May 2013




(১)

এবুকু জোনাকৰ নীলাভ পোহৰত

তোমাৰ মৰমবোৰ খেপিয়াই চাওঁ;

তোমাৰ মৰমবোৰ মোৰ বুকুত বগায়,

গজি উঠে প্ৰেমৰ হালধীয়া সূৰুযমুখী।

(২)

নীলৰঙী হৈ পৰা

মোৰ প্ৰেমৰ আকাশ;

বিশালতা ভেদি উক দিয়ে

এটি চিনাকী কলপতীয়া সপোনে;

বুকুত বান্ধি যায়

ভালপোৱাৰ চেঁকুৰা।

(৩)

তোমাৰ যৌৱন স্বপ্ন অচিনাকী শৰীৰ,

একা বেকা ভেদি বৈ আহে

প্ৰেমৰ চিনাকী নৈখনি,

নিজকে এবাৰ ডুবাই চাব খোজো,

বুকুত ওলমি ৰয় মোৰ

বিশাল শূন্যতা।


০৮.০৫.২০১৩
নিশা ১০.০০ বজা।

0 মতামত:

Post a Comment