উভতি অহাৰ কথা
কবি → মহিম বৰা
আমি ওভতোঁ ব'লা,
উভতিল পোহাৰীৰ দল কাষত সামৰি লৈ
মূৰৰ পোহাৰ,
উভতিল গৰখীয়া গৰুজাক লৈ।
দলে দলে আকাশৰ বুকু
মুখৰিত নিনাদিত ওভতনি গান,
ডাউকী বগলী কত শগুন শৰালি,
কল্লোলিত হংসবলাকা
ডেউকাত চকামকা সন্ধিয়াৰ শান্তিৰ ধোঁৱা!
দুচকুত জিলমিল পলৰীয়া স্মৃতি
বননিৰ ধাননিৰ
হাড় মূৰ মৰিশালি, হাবি বননিৰ ;
সিহঁতৰ ডেউকাত নেমাতে তৰাই আৰু চকু টিপিয়াই।
আকৌ আহিব যাত্ৰা নতুন দলৰ;
এইদৰে উভতিব বাৰে বাৰে ঘৰমুৱা হৈ
পুখুৰীৰ কেঁচা দলঘাঁহেৰে আগুৰা
শৰালিযুৰিৰ সেই শান্তিৰ বাহলৈ ।
শৰালিৰ নীড় যেন এবাৰ এযুৰি চকু
দলঘাঁহ এৰালীৰ স্নিগ্ধতাৰ ধোঁৱা --
উদভ্ৰান্ত মনক মোৰ টানে তাৰ
অদৃষ্ট আহ্বানে;
ক্লান্ত দুটি ডেউকাত এৰালৰ এনাজৰী বান্ধ।
এইবাৰ উভতিলোঁ মই;
উভতিছোঁ যুগে যুগে ঘৰমুৱা হৈ
আমি যত তীর্থযাত্ৰী, চিৰকাল
মইনামতী, তোমাৰ প্ৰেমৰ।
কবি → মহিম বৰা
আমি ওভতোঁ ব'লা,
উভতিল পোহাৰীৰ দল কাষত সামৰি লৈ
মূৰৰ পোহাৰ,
উভতিল গৰখীয়া গৰুজাক লৈ।
দলে দলে আকাশৰ বুকু
মুখৰিত নিনাদিত ওভতনি গান,
ডাউকী বগলী কত শগুন শৰালি,
কল্লোলিত হংসবলাকা
ডেউকাত চকামকা সন্ধিয়াৰ শান্তিৰ ধোঁৱা!
দুচকুত জিলমিল পলৰীয়া স্মৃতি
বননিৰ ধাননিৰ
হাড় মূৰ মৰিশালি, হাবি বননিৰ ;
সিহঁতৰ ডেউকাত নেমাতে তৰাই আৰু চকু টিপিয়াই।
আকৌ আহিব যাত্ৰা নতুন দলৰ;
এইদৰে উভতিব বাৰে বাৰে ঘৰমুৱা হৈ
পুখুৰীৰ কেঁচা দলঘাঁহেৰে আগুৰা
শৰালিযুৰিৰ সেই শান্তিৰ বাহলৈ ।
শৰালিৰ নীড় যেন এবাৰ এযুৰি চকু
দলঘাঁহ এৰালীৰ স্নিগ্ধতাৰ ধোঁৱা --
উদভ্ৰান্ত মনক মোৰ টানে তাৰ
অদৃষ্ট আহ্বানে;
ক্লান্ত দুটি ডেউকাত এৰালৰ এনাজৰী বান্ধ।
এইবাৰ উভতিলোঁ মই;
উভতিছোঁ যুগে যুগে ঘৰমুৱা হৈ
আমি যত তীর্থযাত্ৰী, চিৰকাল
মইনামতী, তোমাৰ প্ৰেমৰ।
RSS Feed
Twitter

5:07 am
হিমাংশু চহৰীয়া


Posted in
0 মতামত:
Post a Comment