কবি → নীলমণি ফুকন
তোমাৰ শূন্যতাত
আমাৰ দুখভাৰ
নিশা দুপৰতে ক্ষন্তেকলে' ফুলা ফুলৰ দৰে
তোমাৰ অস্তিত্ব
মৃতৰ মেলা চকুৱেদি বৈ অহা যেন
এটুপি লোতক
মুচীয়ে ৰ'দত শুকুৱা কেঁচা চামৰাৰ নিথৰতা
নভো নীলিমাৰ
নৈঃশব্দই গঢ়া প্ৰত্যেকেই আমি
একোটা মমৰ মূর্তি
এজাক বলীয়া ঘোঁৰাৰ কাণত ওলমি
এথোপা তুষাৰ
বালিত পোত গৈ থকা এটা শামুক
তোমাৰ শূন্যতা
তোমাৰ শূন্যতাত
আমাৰ দুখভাৰ
RSS Feed
Twitter

5:33 am
হিমাংশু চহৰীয়া

Posted in
0 মতামত:
Post a Comment