Welcome


Thursday 5 September 2013



(১)
মই এখন নদী
হব বিচাৰিছিলো,
তুমি ক'লা,
'আগত এটি মৰাসুঁতি আছে ।'
মই এখন পাহাৰ হ'লো,
তুমি এচটা শিল হৈ
বুকুখনত ওজন হৈ ৰ'লা।

(২)
ফাগুনতে আহিছিলা তুমি,
এতিয়া বুকুত ভৰ বাৰিষা।
আহোতে অচিনাকী আছিলা,
এতিয়া চিনাকী জানো?

0 মতামত:

Post a Comment