Welcome


Thursday 5 September 2013

প্ৰেমৰ অশ্লীলতাত ডুবি 
এতিয়াও সাৰে থাকিব 
মন যায় মোৰ; 
কৃষ্ণচূড়াৰ হাঁহিত এবাৰ 
নিজকে বিলীন কৰিব 
মন যায় মোৰ। 
  . . . . . . . . . 
এনেদৰেই সময়ৰ সোঁতত 
উজাই যায় মোৰ সপোন। 
আশাৰ জলঙাইদি সৰি পৰে 
হেঁপাহৰ দুষ্ট জোনাক। 

ৰচনাকাল → ৩০ মে', ২০১৩

0 মতামত:

Post a Comment