Welcome


Thursday, 10 October 2013

তোমাৰ বাবেই সাৰে ৰয়
আইৰ পদূলিৰ শেৱালি।
জোনাকৰ সুকোমল দলিচাত
এখন আকাশ বিচাৰি
সাৰে ৰয় হাচনাহানা,

শুভ্ৰ জোনটোৱে
সপোন দেখুৱায়
নিতৌ হেৰাই যায় জোনাক
সপোনৰ পম খেদি
বুকুত সাৰ পায়
হেজাৰটি ভালপোৱাৰ কবিতা।

নিয়ৰেও সপোন দেখে,
তোমাৰ বুকুৰ উষ্ণতাত
দূবৰিৰ সতে আলিংগনত এক হোৱাৰ।
সেই সপোনে পূর্ণতা পায়
তোমাৰ বুকুৰ লুইতত

দোকমোকালিত
মোৰ পদুলিত
পৰি ৰয় আহিন,
পৰি ৰয় শেৱালি
শেৱালিৰ সুবাস লৈ
বৈ যায় এখন নৈ
মোৰ বুকুয়েদি
লগত শৰতৰ বতৰা।

[গণ অধিকাৰ দৈনিক কাকতৰ উদ্দীপন পৃষ্ঠাত ৮ অক্টোবৰ, ২০১৩ত প্ৰকাশিত]

0 মতামত:

Post a Comment