Showing posts with label মোৰ প্ৰকাশিত লেখা. Show all posts
Showing posts with label মোৰ প্ৰকাশিত লেখা. Show all posts
Saturday, 30 November 2013
Thursday, 10 October 2013
4:46 am
হিমাংশু চহৰীয়া
মেৰিয়াই ধৰে চাৰিওপিনৰ পৰা,
মই সোমাজতে ৰৈ থাকো,
অৱহেলিত সময়ে
মোৰ স'তে মিতিৰ পাতে,
ময়ো একাত্ম হও সময়ৰ সতে,
গভীৰ ইতিহাস ৰচে
তেওঁ
মোৰ অলক্ষিতে,
এন্ধাৰ বাটত মোক অকলে এৰি
তেওঁ আগুৱায়,
পোহৰৰ দিশে,
তেওঁ উভতি নাচায় এন্ধাৰলৈ,
মই চাই ৰও পোহৰলৈ,
ক্ৰমশঃ তেওঁ আগুৱাই থাকে,
তেওঁৰ পোহৰে ভিজা চুলিত
এটি তৰা উজ্বলে
এটি মৃত সপোনৰ তৰা,
যি তৰাৰ আত ধৰি
মই পুনৰাই সপোন দেখো,
এনেদৰেই
এটা বৃত্তৰ কেন্দ্ৰত মই,
মোৰ অধীনত
আন এটি বৃত্ত
এটি প্ৰেমবৃত্ত।
[ শংকৰজ্যোতি, দৈনিক কাকতৰ আজিৰ প্ৰজন্ম পৃষ্ঠাত ২ অক্টোবৰ, ২০১৩ত প্ৰকাশিত]
4:38 am
হিমাংশু চহৰীয়া
তোমাৰ বাবেই সাৰে ৰয়
আইৰ পদূলিৰ শেৱালি।
জোনাকৰ সুকোমল দলিচাত
এখন আকাশ বিচাৰি
সাৰে ৰয় হাচনাহানা,
শুভ্ৰ জোনটোৱে
সপোন দেখুৱায়
নিতৌ হেৰাই যায় জোনাক
সপোনৰ পম খেদি
বুকুত সাৰ পায়
হেজাৰটি ভালপোৱাৰ কবিতা।
নিয়ৰেও সপোন দেখে,
তোমাৰ বুকুৰ উষ্ণতাত
দূবৰিৰ সতে আলিংগনত এক হোৱাৰ।
সেই সপোনে পূর্ণতা পায়
তোমাৰ বুকুৰ লুইতত
দোকমোকালিত
মোৰ পদুলিত
পৰি ৰয় আহিন,
পৰি ৰয় শেৱালি
শেৱালিৰ সুবাস লৈ
বৈ যায় এখন নৈ
মোৰ বুকুয়েদি
লগত শৰতৰ বতৰা।
[গণ অধিকাৰ দৈনিক কাকতৰ উদ্দীপন পৃষ্ঠাত ৮ অক্টোবৰ, ২০১৩ত প্ৰকাশিত]
আইৰ পদূলিৰ শেৱালি।
জোনাকৰ সুকোমল দলিচাত
এখন আকাশ বিচাৰি
সাৰে ৰয় হাচনাহানা,
শুভ্ৰ জোনটোৱে
সপোন দেখুৱায়
নিতৌ হেৰাই যায় জোনাক
সপোনৰ পম খেদি
বুকুত সাৰ পায়
হেজাৰটি ভালপোৱাৰ কবিতা।
নিয়ৰেও সপোন দেখে,
তোমাৰ বুকুৰ উষ্ণতাত
দূবৰিৰ সতে আলিংগনত এক হোৱাৰ।
সেই সপোনে পূর্ণতা পায়
তোমাৰ বুকুৰ লুইতত
দোকমোকালিত
মোৰ পদুলিত
পৰি ৰয় আহিন,
পৰি ৰয় শেৱালি
শেৱালিৰ সুবাস লৈ
বৈ যায় এখন নৈ
মোৰ বুকুয়েদি
লগত শৰতৰ বতৰা।
[গণ অধিকাৰ দৈনিক কাকতৰ উদ্দীপন পৃষ্ঠাত ৮ অক্টোবৰ, ২০১৩ত প্ৰকাশিত]
Thursday, 9 May 2013
8:58 pm
হিমাংশু চহৰীয়া
আজি বহুদিনৰ মূৰত তোমালৈ লিখিম বুলি বহিছো। এয়া তুমি
দি থৈ যোৱা আশাৰ চাকি গছি জ্বলাই লৈছো। এটি জোনাকীয়ে
বাৰে বাৰে আহি আত্মজাহ যাব খুজিছে চাকিগছিত।
হয়তো মোৰ আশাবোৰৰ সৈতে নিজকে বিলীন কৰি
দিব খুজিছে।
তুমি চাগে কোনোবা সপোনৰ দেশত কুশলে
আছা। মোকহে পিছে আজিকালি তোমাৰ স্মৃতিবোৰে
বৰকৈ আমনি কৰে।
আজিকালি মই শেৱালীৰ সুবাস ভাল নাপাওঁ
বৰকৈ বিধস্ত কৰে স্মৃতিবোৰক।
জানা, তুমি এৰি যোৱা
সময়তে লগোৱা শূন্যতাৰ চাদৰখনত আজিঙ
এটি ৰঙীন ফুল বাচিব পৰা নাই ।
আজিও শুভ্ৰ বৰণীয়া আঁচলৰ ছাঁটোতে বন্দী
হৈ আছে জীৱনটো। বাৰে বাৰে গতি সলাইছে
দুখৰ নদীখনে । কিন্তু একেই আছে স্মৃতিৰ
ঢলবোৰ। তোমাৰ পোনাকণ এতিয়া
ভালেখিনি ডাঙৰ হল। এইবাৰ সি চাকৰি
এটাও পালে
শিক্ষকৰ চাকৰি ।
এতিয়া আৰু লাউমূৰাবোৰে আমাৰ
পদূলি শুঙিব নাহে।
পোনাকণৰ বিয়াৰোসময় হল।
কিন্তু ভয় লাগিছে
মোৰ দৰে তাৰো জীৱনটো যদি উকা হৈ যায় ।
মৌনতাৰ ক্ষণবোৰে যদি আৱৰি ধৰে
সিহঁতৰো জীৱনটো।
তোমাক বিয়ালৈ মাতিম , তুমি আহিবাদেই ।
মই দিখৌ ঘাটত তোমাৰ বাবে
নাও এখন ৰাখিয়ে থৈছো।
তুমি কিন্তু মোক আগতীয়াকৈ জনাবাদেই ।
আৰু কি লিখিম আজিলৈ সামৰো।
মৰম লবা। ইতি---
তোমাৰ
মমতা
পুনঃ এইবাৰ আমাৰ দিখৌপৰীয়া মাটিখিনি মোকলালো ।
তাত এইবাৰ জহা ধানৰ খোতি কৰিছো । তুমি জহা চাউলৰ
ভাত বহুত ভাল পোৱা নহয় ।
http://upload.wikimedia.org/wikipedia/commons/f/f5/JEUTI%2C4th_Edition%2C2013.pdf
Subscribe to:
Posts (Atom)
RSS Feed
Twitter





