Welcome


Monday 10 March 2014

১৯৩৫ চনৰ ১০ মার্চত মুক্তি লাভ কৰিছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ পৰিচালনাৰে প্ৰথম অসমীয়া ছবি 'জয়মতী'য়ে আৰু ২০১৪ চনৰ ১০ মার্চত অসমীয়া ছবি উদ্যোগে সম্পূর্ণ কৰিলে ৭৯ বছৰপ্ৰথমখন অসমীয়া ছবি 'জয়মতী'ৰ বিষয়ে কিছু জানিবলগীয়া কথা
* সর্বভাৰতীয় পর্য্যায়ত সবাক ছবি নির্মাণ হোৱাৰ মাত্ৰ পাঁচ বছৰ ভিতৰতে অসমৰ দৰে পিছপৰা অঞ্চল এটাৰ ডেকা এজনে এখন সবাক ছবি নির্মাণ কৰাটো অতি গৌৰৱৰ কথা
* জয়মতী নির্মাণৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৩ চনত ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন স্থাপন কৰিছিল
* ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত বাঁহ-কাঠ, কল গছ আদিৰে ষ্টুডিঅ' সাজি শব্দগ্ৰহণৰো দুঃসাহস কৰি জয়মতীৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰিছিল
* সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট জয়মতীৰ আধাৰত জ্যোতিপ্ৰসাদে জয়মতী নির্মাণ কৰিছিলঅৱশ্যে বেজবৰুৱাদেৱৰ মূল নাটকত নথকা লালুকসোলা, গাঁঠি হাজৰিকা আদি চৰিত্ৰও সংযোজন ঘটাইছিল
* জয়মতীৰ কথাছবিৰ জৰিয়তে জ্যোতিপ্ৰসাদে কেবাগৰাকীও প্ৰতিভাৱান শিল্পীক ৰাইজৰ মাজলৈ উলিয়াই আনিছিলনায়ক নায়িকাৰ চৰিত্ৰত ক্ৰমে পৰশুৰাম বৰুৱা আৰু আইদেউ সন্দিকৈৰ উপৰি গাঁঠি হাজৰিকাৰ চৰিত্ৰত ফণী শর্মা উল্লেখযোগ্যলগতে তেতিয়াৰ শিশু শিল্পী ভূপেন হাজৰিকাৰো জয়মতীৰ জৰিয়তেই কথাছবি জগতত প্ৰৱেশ ঘটিছিল
* ১৯৩৫ চনৰ ১০ মার্চত কলিকতাৰ ৰওনাক চিনেমা হলত জয়মতীয়ে মুক্তি লাভ কৰিছিল আৰু ২০ মার্চত গুৱাহাটীত মুক্তি লাভ কৰিছিল
* শব্দযন্ত্ৰৰ বিফলতাই জয়মতীৰ সফলতাত বাধা দিছিলকিন্তু জ্যোতিপ্ৰসাদে লাহোৰৰ ষ্টুডিঅ'ত বহি অস্পষ্ট সংলাপবোৰ অকলে ডাবিং কৰি পুনৰ ৰাইজৰ আগত দাঙি ধৰিছিল
* পৰৱর্তী সময়ত একেখন ছবিৰে শব্দগ্ৰহণৰ ত্ৰুতিবোৰ আতৰাই ১৯৪৯ চনত এটা সংস্কৰণ উলিয়াইছিল

0 মতামত:

Post a Comment