Welcome


Showing posts with label জ্ঞানৰ সঁফুৰা. Show all posts
Showing posts with label জ্ঞানৰ সঁফুৰা. Show all posts

Sunday, 7 July 2013




কুইজ (QUIZ) বর্তমান প্ৰতিযোগিতাৰ যুগত এক জনপ্ৰিয় তথা সর্বজনবিদিত প্ৰতিযোগিতা। বর্তমান সময়ত বিভিন্ন বাতৰি কাকত, আলোচনী, ৰেডিঅ'- টেলিভিচন, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি সকলোতে এই কুইজে দ্ৰুতগতিত অসাধাৰণত্বৰে বিস্তৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সুতীক্ষ্ন স্মৃতিশক্তি তথা জ্ঞানৰ দ্ৰুত প্ৰক্ৰিয়াৰ প্ৰদর্শন হোৱা এই কুইজ বিভিন্ন মাধ্যমৰ প্ৰচাৰৰ ফলত এক গুৰুত্বপূর্ণ প্ৰতিযোগিতাত পৰিণত হৈছে।

কুইজৰ (QUIZ) ইতিহাস→

কিন্তু আপুনি জানেনে বর্তমানৰ এই জনপ্ৰিয় প্ৰতিযোগিতাখনিৰ আৰতো লুকাই আছে এক জনপ্ৰিয় ইতিহাস। ১৮৫০-৬০ চনৰ পূর্বৰ কথা এয়া। সেই সময়ৰ ইংলেণ্ডৰ আয়াৰলেণ্ডৰ ৰাজধানী চহৰ ডাবলিন মহানগৰীত এটা ঘটনা ঘটিছিল। ডাবলিন চহৰখন আছিল অভিনয় তথা ৰংগমঞ্চৰ বাবে বিখ্যাত। এইখন চহৰৰে এখন ৰংগমঞ্চৰ এজন মেনেজাৰে এদিন হঠাৎ বাজি লগাইছিল যে যদি তেওঁ ইচ্ছা কৰে তেন্তে ২৪ ঘণ্টাৰ ভিতৰতে এটা নতুন শব্দ ইংৰাজী ভাষাত প্ৰচলন কৰি দিব পাৰে। এনেদৰে বাজি ৰাখি তেওঁ সেইদিনা ওৰেটো ৰাতি ডাবলিন চহৰৰ বেৰবোৰত এটা শব্দ লিখি পেলালে। সেই শব্দটোৱে হ'ল - QUIZ. পিছদিনা সকলোৰে মুখে মুখে উচ্চাৰিত হৈ বিয়পি পৰিল এটা নতুন অদ্ভুত শব্দ QUIZ. কিন্তু কোনেও ইয়াৰ অর্থ বুজিও নাপালে আৰু উলিয়াব নোৱাৰিলে।
সেই তেতিয়াৰ পৰাই লাহে লাহে মানুহে ভাল পোৱা অথচ নজনা কিছুমান কথা জানিবলৈ থকা ইচ্ছুকতাখিনিক লৈয়ে জন্ম হ'ল এই কুইজ শব্দটিৰ।

এনেদৰে বহুদিন পূর্বে কোনো এজনে ধেমালিতে সৃষ্টি কৰা এই কুইজ (QUIZ ) বর্তমান সময়ৰ এক অন্যতম জনপ্ৰিয় তথা জনসমাদৃত প্ৰতিযোগিতা। বর্তমান সময়ত কুইজ হ'ল এক মানসিক খেল। প্ৰকৃত অর্থত কবলৈ গলে এই কুইজৰ অর্থ হ'ল বিনোদন মাজেৰে নিজৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ উৎকর্ষ সাধন। সেয়ে বহুজনে ইয়াক ইংৰাজীত INFOTAINMENT বুলিও কব খোজে। ইংৰাজী INFORMATION আৰু ENTERTAINMENT লগ লাগি গঠিত হৈছে এই শব্দ। অর্থাৎ মনোৰঞ্জনৰ মাজেৰে জ্ঞানৰ সন্ধান।
এনেদৰে বর্তমান জ্ঞান, আনন্দ আৰু বিনোদনৰ এক অন্যতম জনপ্ৰিয় প্ৰতিযোগিতা হ'ল কুইজ।

উৎস → বিভিন্ন ক্ষেত্ৰ।

Monday, 17 June 2013

» প্ৰথম অসমীয়া কথাছবিখন হ'ল জয়মতী। কথাছবিখন পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। ১৯৩৫ চনৰ ১০ মার্চত কলকাতাৰ ৰাওনাক হলত জয়মতী কথাছবিখন মুক্তি দিয়া হৈছিল। কথাছবিখনে গুৱাহাটীত মুক্তি লাভ কৰে ২০ মার্চত।

 » অসম সাহিত্য সভাৰ প্ৰথমখন তথ্যচিত্ৰ হ'ল অমৰ লক্ষ্মীনাথ। তথ্যচিত্ৰখন পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে ।

 » অসমীয়া কথাছবিত অভিনয় কৰা প্ৰথমজন বিদেশী অভিনেতা হ'ল লণ্ডন ড্ৰেমেটিক স্কুলৰ স্নাতক মার্গাৰেট এণ্ডাৰছন। তেখেতে প্ৰভাত মুখার্জী পৰিচালিত পূবেৰুণ কথাছবিত অভিনয় কৰিছিল।

» দেশৰ বাহিৰলৈ পঠিওৱাৰ যোগ্যতা অর্জন কৰা প্ৰথমখন অসমীয়া কথাছবি হ'ল ১৯৫৯ চনত মুক্তি পোৱা পূবেৰুণ। কথাকলি চিনে প্ৰডাকচনৰ এই ছবিখনৰ পৰিচালক আছিল প্ৰভাত মুখার্জী। এই ছবিখন আন্তর্জাতিৰ বোলছবি মহোৎসৱত যোগ দিবৰ বাবে বার্লিনলৈ পঠোৱা হৈছিল।

» প্ৰথম অসমীয়া ক'মেডি কথাছবিখন হ'ল ব্ৰজেন বৰুৱা পৰিচালিত ইটো সিটো বহুটো। ১৯৬৩ চনত মুক্তি পোৱা এই কথাছবিখনৰ সংগীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই।


১) অগ্নিকবি - কমলাকান্ত ভট্টাচাৰ্য্য
২) অসম কেশৰী - অম্বিকাগিৰি ৰায়চৌধুৰী
৩) অতিন্দ্ৰীয়বাদী ­ কবি নলিনীবালা দেৱী
৪) অভিনয়াচাৰ্য - ব্ৰজনাথ শৰ্মা
৫) বকুলবনৰ কবি - আনন্দ চন্দ্ৰ বৰুৱা
৬) বনকোঁৱৰ - আনন্দি ৰাম দাস
৭) বনফুলৰ কবি - যতীন্দ্ৰনাথ দুৱৰা
৮) বিপ্লৱী কবি - প্ৰসন্নলাল চৌধুৰী
৯) বাগ্মীবৰ - নীলমনি ফুকন
১০) বিহগী কবি - ৰঘুনাথ চৌধাৰী
১১) ভাঙণি কোঁৱৰ - আনন্দ চন্দ্ৰ আগৰৱালা
১২) ধ্বনি কবি - বিনন্দ চন্দ্ৰ বৰুৱা
১৩) গীতি কবি - পাৰ্বতী প্ৰসাদ বৰুৱা
১৪) জ্ঞানমালিনী কবি - মৌলানা মফিজুদ্দিন আহমদ হাজৰিকা
১৫) কলাগুৰু - বিষ্ণুপ্ৰসাদ ৰাভা
১৬) কবিতা কোঁৱৰ - অম্বেশ্বৰ চেতিয়া ফুকন
১৭) লুইত কোঁৱৰ - ৰুদ্ৰ বৰুৱা
১৮) নটসূৰ্য - ফনী শৰ্মা
১৯) নিজৰা কবি - শৈলধৰ ৰাজখোৱা
২০) নাট্য প্ৰভাকৰ - সত্যপ্ৰসাদ বৰুৱা
২১) পাপৰি কবি - গণেশ চন্দ্ৰ গগৈ
২২) প্ৰতিমাৰ খনিকৰ - চন্দ্ৰ কুমাৰ আগৰৱালা
২৩) ৰসৰাজ - লক্ষ্মীনাথ বেজবৰুৱা
২৪) ৰূপকোঁৱৰ - জ্যোতিপ্ৰসাদ আগৰৱালা
২৫) সাহিত্যৰথী - লক্ষ্মীনাথ বেজবৰুৱা
২৬) উপন্যাস সম্ৰাট - ৰজনীকান্ত বৰদলৈ

১৯১৭ শিৱসাগৰ পদ্মনাথ গোহাঁঞি বৰুৱা
১৯১৮ গোৱালপাৰা চন্দ্ৰধৰ বৰুৱা
১৯১৯ বৰপেটা কালিৰাম মেধি
১৯২০ তেজপুৰ হেমচন্দ্ৰ গোস্বামী
১৯২২ যোৰহাট অমৃতভূষণ দেৱ অধিকাৰী
১৯২৩ ডিব্ৰুগড় কনকলাল বৰুৱা
১৯২৪ গুৱাহাটী লক্ষ্মীনাথ বেজবৰুৱা
১৯২৫ নগাঁও ৰজনীকান্ত বৰদলৈ
১৯২৬ ধুবুৰী বেণুধৰ ৰাজখোৱা
১৯২৭ গোৱালপাৰাতৰুণৰাম ফুকন
১৯২৮ যোৰহাট কমলাকান্ত ভটার্চায্য
১৯২৯ গোলাঘাট মফিজুদ্দিন আহম্মদ হাজৰীকা
১৯৩১ শিৱসাগৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী
১৯৩৩ উঃ লক্ষীমপুৰ জ্ঞানদাভীৰাম বৰুৱা
১৯৩৪ মঙলদৈ আনন্দ চন্দ্ৰ আগৰৱালা
১৯৩৬ তেজপুৰ ৰঘুনাথ চৌধৰী
১৯৩৭ গুৱাহাটী কৃষ্ণকান্ত সন্দিকৈ
১৯৪০ যোৰহাট ময়িদুল ইচলাম বৰুৱা
১৯৪৪ শিৱসাগৰ নীলমনি ফুকন
১৯৪৭ ডিব্ৰুগড় নীলমনি ফুকন
১৯৫০ মাঘেৰিটা অম্বিকাগিৰি ৰায় চৌধাৰী
১৯৫৩ শ্বিলং সূয্যকুমাৰ ভূঞা
১৯৫৪ যোৰহাট নলিনীবালা দেৱী
১৯৫৫ গুৱাহাটী যতীন্দ্ৰনাথ দুৱৰা
১৯৫৬ ধুবুৰী বেণুধৰ শর্মা
১৯৫৮ তিনিচুকীয়া পদ্মধৰ চলিহা
১৯৫৯ নগাঁও অতুলচন্দ্ৰ হাজৰিকা
১৯৬০ পলাশবাৰী ত্ৰৈলোক্য নাথ গোস্বামী
১৯৬৩ নাজিৰা ৰত্নকান্ত বৰকাকতী
১৯৬৪ ডিগবৈ মিত্ৰদেৱ মহন্ত
১৯৬৫ নলবাৰী ডিম্বেশ্বৰ নেওগ
১৯৬৬ উঃ লক্ষীমপুৰ বিনন্দ চন্দ্ৰ বৰুৱা
১৯৬৭ ডিব্ৰুগড় নকুল চন্দ্ৰ ভূঞা
১৯৬৮ তেজপুৰ জ্ঞাননাথ বৰা
১৯৬৯ বৰপেটা আনন্দ চন্দ্ৰ বৰুৱা
১৯৭০ ধিং উপেন্দ্ৰ চন্দ্ৰ লেখাৰু
১৯৭১ মাকুম তীথর্নাথ শর্মা
১৯৭২ ধুবুৰী হেম বৰুৱা
১৯৭৩ ৰঙিয়া গিৰিধৰ শর্মা
১৯৭৪ মঙলদৈ ড. মহেশ্বৰ নেওগ
১৯৭৫ তিতাবৰ ড. সত্যনাথ শর্মা
১৯৭৬ টিহু যজ্ঞেশ্বৰ শর্মা
১৯৭৭ অভয়াপুৰী চৈয়দ আব্দুল মালিক
১৯৭৮ গোলাঘাট প্ৰসন্নলাল চৌধাৰী
১৯৭৯ শুৱালকুছিঅতুলচন্দ্ৰ বৰুৱা
১৯৮০ ৰহা যতীন্দ্ৰনাথ গোস্বামী
১৯৮১ তিনিচুকীয়া সীতানাথ ব্ৰক্ষ্মচৌধাৰী
১৯৮২ ডিফু সীতানাথ ব্ৰক্ষ্মচৌধাৰী
১৯৮৩ বঙাইগাওঁ ড. বীৰেন্দ্ৰনাথ গোস্বামী
১৯৮৫ বিহপুৰীয়া যোগেশ দাস
১৯৮৬ কামপুৰ বীৰেণ বৰকটকী
১৯৮৭ পাঠশালা ড. মহেন্দ্ৰ বৰা
১৯৮৮ হাইলাকান্দি কীর্তিনাথ হাজৰিকা
১৯৮৯ ডুমডুমা মহিম বৰা
১৯৯০ বিশ্বনাথ চাৰিআলি নৱকান্ত বৰুৱা
১৯৯১ দুধনৈ ড. নিমর্লপ্ৰভা বৰদলৈ
১৯৯২ গোৰেশ্বৰ লক্ষ্যধৰ চৌধাৰী
১৯৯৩ শিৱসাগৰ ড. বূপেন হাজৰিকা
১৯৯৪ মৰিগাঁও ড. লীলা গগৈ
১৯৯৫ সাথেবাৰী হিতেশ ডেকা
১৯৯৬ বোকাখাত ড. লক্ষীনন্দন বৰা
১৯৯৭ বিলাসীপাৰা ড. নগেন শইকীয়া
১৯৯৮ হাওৰাঘাট ড. নগেন শইকীয়া
১৯৯৯ হাজো ড. চন্দ্ৰপ্ৰসাদ শইকীয়া
২০০১ চিব্ৰুগড় হোমেন বৰগোহাঁঞি
২০০৩ লখিমপুৰ বীৰেন্দ্ৰনাথ দত্ত
২০০৫ ছিপাঝাৰ কনকসেন ডেকা
২০০৭ চাপৰ কনকসেন ডেকা
২০০৯ ধেমাজি ৰংবং টেৰাং
২০১১ দেৰগাঁও ৰংবং টেৰাং
২০১৩ বৰপেটা ৰোড ইমৰাণ শ্বাঁহ